শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ মৃত্যুৰ পৰা ইছমাইল হুছেইনক আটক পৰ্যন্ত, চাওক দিনটোৰ শীৰ্ষ খবৰসমূহ

কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ মৃত্যুৰ পৰা ইছমাইল হুছেইনক আটক পৰ্যন্ত, চাওক দিনটোৰ শীৰ্ষ খবৰসমূহ

Monjit Dutta
Monjit Dutta | Published: 16 May 2025 23:45 PM

আজি ৰাজ্যৰ শিল্প-সংস্কৃতিৰ ক্ষেত্ৰখনত শোকৰ লহৰ তুলি চিৰদিনৰ বাবে চকু মুদিলে জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই দেহাৱসান। আজি দিনৰ প্ৰায় ২.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। ইফালে এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য কৰাৰ অভিযোগত আটক হৈছে লেখক ইছমাইল হোছেইন।

আজি ৰাজ্যৰ শিল্প-সংস্কৃতিৰ ক্ষেত্ৰখনত শোকৰ লহৰ তুলি চিৰদিনৰ বাবে চকু মুদিলে জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই দেহাৱসান। আজি দিনৰ প্ৰায় ২.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। সৰা পাতে পাতে ফাগুন নামে শীৰ্ষক গানটিৰ লগতে আন কেইবাটাও গীতেৰে শ্ৰোতাৰ মনত বিশেষ স্থান দখল কৰি অহা গায়ত্ৰী হাজৰিকাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷ দীর্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ আছিল গায়িকাগৰাকী। আৰু অৱশেষত আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৪৫ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য কৰাৰ অভিযোগত আটক হৈছে লেখক ইছমাইল হোছেইন। শিক্ষয়িত্ৰীগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে যোৰহাটৰ পৰা আটক কৰে লেখকগৰাকীক। চাওঁ আহক আজিৰ দিনটোৰ আন কেতবোৰ চৰ্চিত বাতৰি….