শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
প্ৰথমবাৰৰ বাবে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে বাৰ্তালাপ ভাৰতৰ বিদেশমন্ত্ৰী জয়শংকৰৰ

প্ৰথমবাৰৰ বাবে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে বাৰ্তালাপ ভাৰতৰ বিদেশমন্ত্ৰী জয়শংকৰৰ

raj-saikia
Raj Saikia | Published: 17 May 2025 21:21 PM

২০২১ চনৰ ১৫ আগষ্টত তালিবানে পুনৰ দখল কৰিছিল আফগানিস্তান । আৰম্ভ হৈছিল তালিবানৰ শাসন । এই পৰ্যন্ত ভাৰতে এই তালিবান চৰকাৰক স্বীকৃতি দিয়া নাছিল । তাৰ মাজতে এইবাৰ আফগানিস্তানৰ ভাৰপ্ৰাপ্ত বিদেশমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিলে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে ।

সূচনা হোৱাৰ দিশে এক নতুন অধ্যায় । ইতিহাস ৰচনা কৰি আফগানিস্তানৰ তালিবান প্ৰশাসনৰ ভাৰপ্ৰাপ্ত বিদেশমন্ত্ৰী আমিৰ খান মুত্তাকিৰ সৈতে বাৰ্তালাপ ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ । প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় মন্ত্ৰীয়ে বাৰ্তালাপ কৰিলে তালিবান প্ৰশাসনৰ সৈতে । পাকিস্তানৰ সৈতে সম্পৰ্কত তিক্ততা বৃদ্ধি পোৱাৰ সময়তে আন এক চুবুৰীয়াৰ সৈতে সম্পৰ্ক মজবুত কৰিব খুজিছে নেকি ভাৰতে?

২০২১ চনৰ ১৫ আগষ্টত তালিবানে পুনৰ দখল কৰিছিল আফগানিস্তান । আৰম্ভ হৈছিল তালিবানৰ শাসন । এই পৰ্যন্ত ভাৰতে এই তালিবান চৰকাৰক স্বীকৃতি দিয়া নাছিল । তাৰ মাজতে এইবাৰ আফগানিস্তানৰ ভাৰপ্ৰাপ্ত বিদেশমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিলে ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে । জানিব পৰা মতে, ফোনযোগে দুয়োগৰাকীয়ে বাৰ্তালাপত মিলিত হয় ।

নিজৰ এক্স হেণ্ডেলত এছ জয়শংকৰে লিখিছে, “আজি বিয়লি আফগানিস্তানৰ ভাৰপ্ৰাপ্ত বিদেশমন্ত্ৰী মৌলবী আমিৰ খান মুত্তাকিৰ সৈতে আলাপ হয় । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক নিন্দা কৰাৰ বাবে আমি কৃতজ্ঞ ।”

জয়শংকৰে জনাইছে যে দুয়োখন দেশৰ বন্ধুত্ব আৰু বিকাশৰ সন্দৰ্ভত পৰস্পৰে পৰস্পৰক সমৰ্থন কৰাৰ বিষয়ে বাৰ্তালাপ কৰা হয় । লগতে সন্ত্ৰাসবাদী আক্ৰমণৰ দোষ পাকিস্তানে যিদৰে আফগানিস্তানৰ ওপৰত জাপি দিব খুজিছিল, তেওঁ তাৰো নিন্দা কৰে ।

তালিবানৰ জনসংযোগ বিষয়া হাফিজ জিয়া আহমেদে জনাইছে যে আফগান বিদেশমন্ত্ৰী মুত্তাকিয়ে ভাৰতৰ বিদেশমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছে যাতে, আফগান নাগৰিকক ভিছা প্ৰদান কৰা হয় । বিশেষকৈ চিকিৎসাৰ বাবে ভাৰতলৈ আহিবলৈ তেওঁলোকক ভিছা দিব লাগে । ইয়াৰ বাহিৰেও দ্বিপাক্ষিক বাণিজ্য আৰু চাবাহাৰ বন্দৰ সম্পৰ্কেও আলোচনা কৰা হয় ।