শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ৰে'লত শ্লীপাৰ টিকট কাটিও আপুনি ভ্ৰমণ কৰিব পাৰে এচি ক্লাছত, জানি লওক এই নিয়ম

ৰে’লত শ্লীপাৰ টিকট কাটিও আপুনি ভ্ৰমণ কৰিব পাৰে এচি ক্লাছত, জানি লওক এই নিয়ম

raj-saikia
Raj Saikia | Published: 17 May 2025 19:01 PM

২০০৬ চনৰ পৰাই এই নিয়ম চলি আহিছে । কিন্তু বহু যাত্ৰীয়ে ট্ৰেইনৰ এই নিয়মৰ বিষয়ে জ্ঞাত নহয় । শ্লীপাৰ বা থাৰ্ড ক্লাছ এচিত টিকট কাটিলে সেই টিকট আপগ্ৰেড কৰিব পাৰি । আপগ্ৰেড কৰিলে ছেকেণ্ড ক্লাছ বা ফাৰ্ষ্ট ক্লাছ এচিতো ভ্ৰমণ কৰিব পাৰে আপুনি ।

ওচৰতেই হওক বা কোনো দূৰণিবটীয়া ঠাইলৈ হওক, ভ্ৰমণ কৰাৰ ক্ষেত্ৰত বহুতেই পছন্দ কৰে ৰেলযাত্ৰা । ট্ৰেইনৰ বহু কেইটা নিয়ম সম্পৰ্কে অনেকেই জানে । এই ধৰক কিদৰে টিকট কাটিব লাগে, টিকট আপগ্ৰেড কৰিব লাগে আদিবোৰ । এটা কথা বাৰু আপুনি জানেনে? ৱেটিং লিষ্টত থকা টিকট নিজেই আপগ্ৰেড হয়, মাত্ৰ টিকট কাটাৰ সময়ত মনত ৰাখিব লাগে এটা সৰু নিয়ম ।

এইটো কোনো নতুন নিয়ম নহয় । ২০০৬ চনৰ পৰাই এই নিয়ম চলি আহিছে । কিন্তু বহু যাত্ৰীয়ে ট্ৰেইনৰ এই নিয়মৰ বিষয়ে জ্ঞাত নহয় । শ্লীপাৰ বা থাৰ্ড ক্লাছ এচিত টিকট কাটিলে সেই টিকট আপগ্ৰেড কৰিব পাৰি । আপগ্ৰেড কৰিলে ছেকেণ্ড ক্লাছ বা ফাৰ্ষ্ট ক্লাছ এচিতো ভ্ৰমণ কৰিব পাৰে আপুনি । দুবাৰ আপডেট সম্ভৱ হয় । অৰ্থাৎ শ্লীপাৰ ক্লাছত টিকট কাটিলে সৰ্বাধিক ছেকেণ্ড এচিলৈকে আপগ্ৰেড হ’ব পাৰে । ইয়াৰ বাবে কোনো অতিৰিক্ত খৰচ ভৰিব নালাগে ।

একেদৰে ৱেটিং লিষ্টত থকা টিকট আৰচি বা কনফাৰ্ম হ’ব পাৰে । ছেকেণ্ড ক্লাছ এচিৰ টিকট থাকিলে, ই ফাৰ্ষ্ট ক্লাছ এচিৰ টিকটলৈ আপগ্ৰেড হ’ব পাৰে ।

কেনেকৈ আপগ্ৰেড কৰিব পাৰি টিকট

টিকট কাটাৰ সময়ত এটা অপশ্যন থাকে, অটো আপগ্ৰেডেশ্যন । এই অপশ্যনত যদি ক্লিক কৰে তেন্তে আপাৰ ক্লাছত চীট খালি থাকিলে, নিজেই আপগ্ৰেড হৈ যায় । এই ক্ষেত্ৰত মনত ৰাখিব লাগে, যি সম্পূৰ্ণ টকা দি টিকট কাটে, তেওঁহে এই সুবিধা লাভ কৰে । আৰ্থাৎ কোনো ডিচকাউন্টত টিকট কাটিলে এই সুবিধা আপুনি লাভ নকৰে । বয়জ্যেষ্ঠ যাত্ৰীয়ে ল’ৱাৰ বাৰ্থৰ বাবেও এই অটো আপগ্ৰেডেশ্যনৰ আবেদন কৰিব পাৰে । অৱশ্যে নিশ্চিতভাৱে আপুনি ক’ব নোৱাৰে যে আপডেট হ’বই ।