গৰমৰ দিনত চাইনাছৰ সমস্য়াৰ পৰা উপশম পোৱাৰ উপায়

18 May 2025

TV9 ASSAM

Photos Credit Getty Images

চাইনাছ এটা অতি সাধাৰণ সমস্যা। কিন্তু ই এক অতি অস্বস্তিকৰ স্বাস্থ্যজনিত সমস্যা। শীতকালৰ লগতে গ্ৰীষ্মকালতো চাইনাছৰ সমস্যা হ'ব পাৰে ।

গ্ৰীষ্মকালত চাইনাছ

চাইনাছৰ ৰোগীয়ে গৰমৰ দিনত নিজকে কেনেকৈ সুস্থ কৰি ৰাখিব পাৰে? ল'বলগীয়া সাৱধানতাবোৰ জানক ।

 সাৱধানতা

পৰিষ্কাৰ আৰু ধূলিমুক্ত পৰিৱেশত থাকক । বতাহত অহা ধূলিয়ে চাইনাছৰ সমস্যা বৃদ্ধি কৰিব পাৰে। মাস্ক পৰিধান কৰক আৰু ঘৰখন পৰিষ্কাৰ কৰি ৰাখক।

ধূলিমুক্ত পৰিৱেশ

নাক ধোৱাৰ অভ্যাস কৰক । নাক পৰিষ্কাৰ কৰি ৰাখিবলৈ প্ৰতিদিনে স্বাভাৱিক চেলাইন পানীৰে নাক ধোৱাৰ অভ্যাস গঢ়ি তোলক।

নাক ধোৱাৰ অভ্যাস

গৰমৰ দিনত বহুতে শীতল পানীয় বা আইচক্ৰীম বেছিকৈ খায়। যিয়ে চাইনাছৰ প্ৰদাহ বৃদ্ধি কৰিব পাৰে।

শীতল পানীয়

ঠিক তেনেদৰে হঠাতে এচি বা ঠাণ্ডা বতাহৰ সংস্পৰ্শলৈ আহিলেও সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে এইবোৰ কথাত সাৱধান হওক।

এচি বা ঠাণ্ডা বতাহ

পৰ্যাপ্ত টোপনি আৰু জিৰণি । গৰমত টোপনিৰ কম হ'লে শৰীৰ দুৰ্বল হয়, যাৰ ফলত চাইনাছৰ সমস্যা বৃদ্ধি পাব পাৰে। 

পৰ্যাপ্ত টোপনি 

পঢ়িবলৈ ক্লিক কৰক

হঠাতে ৰক্তচাপ বৃদ্ধিৰ লক্ষণ