শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ফোহাৰ লগতে শুকান হৈ পৰিছে নেকি আপোনাৰ ছাল? তেন্তে হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

বিশ্বত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। এই ৰোগ হ'লে ছালতো কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ লক্ষণসমূহ আওকান নকৰি সময়মতে চিকিৎসা কৰিলে ইয়াক নিৰাময় কৰিব পৰা যায়।

ফোহাৰ লগতে শুকান হৈ পৰিছে নেকি আপোনাৰ ছাল? তেন্তে হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…
ছালImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 18 May 2025 19:04 PM

পৃথিৱীত মানুহে বিভিন্ন প্ৰকাৰৰ ৰোগত ভুগে। কিন্তু কৰ্কট ৰোগ এনে এবিধ ৰোগ, যাৰ নামটোৱেই মানুহৰ মাজত এক শংকাৰ সৃষ্টি কৰে। বহু সময়ত ৰোগীয়ে কৰ্কট ৰোগৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ইয়াৰ বিষয়ে গম নাপায়। কিন্তু প্ৰায় সকলো প্ৰকাৰৰ কৰ্কট ৰোগৰ আৰম্ভণি হোৱাৰ আগতে শৰীৰত কিছুমান বিশেষ লক্ষণে দেখা দিয়ে। কিন্তু এই লক্ষণসমূহ ৰোগীয়ে আওকান কৰে। গতিকে এনে দিশসমূহ আওকান নকৰি দেখা দিয়াৰ লগে লগে ইয়াক পৰীক্ষা কৰিব লাগে। ৰোগীৰ ছালতো কৰ্কট ৰোগৰ লক্ষণসমূহ দেখা যায়। কৰ্কট ৰোগৰ লক্ষণ কি বা ছালত কেনেকৈ দেখা দিয়ে এই লেখাটোত সেই বিষয়ে উল্লেখ কৰা হ’ল।

কৰ্কট ৰোগৰ আটাইতকৈ স্পষ্ট লক্ষণসমূহ ছালত দেখা যায়। এই লক্ষণসমূহ এই ৰোগ আৰম্ভ হোৱাৰ সময়তে ছালত দেখা দিয়ে। কিন্তু ৰোগীয়ে সেই লক্ষণবোৰক আওকাণ কৰি আন কিবা কাৰণত হোৱা বুলি ধৰি লৈ ছালৰ লক্ষণবোৰৰ চিকিৎসা আৰম্ভ কৰে, যাৰ বাবে কেতিয়াবা সেই লক্ষণবোৰো নোহোৱা হৈ যায়। এনে অৱস্থাত কৰ্কট ৰোগ ধৰা নপৰে আৰু ই ভিতৰি ভিতৰি বৃদ্ধি হৈ থাকে। দ্বিতীয় বা তৃতীয় পৰ্যায়ত উপনীত হলেহে ইয়াৰ বিষয়ে ৰোগীয়ে জানিব পাৰে।

লক্ষণ

শৰীৰৰ প্ৰয়োজনীয় অংগ ছাল। গতিকে কৰ্কট ৰোগ হ’লে ছালতো প্ৰভাৱ পৰে। শ্ৰীজগন্নাথ চেৰিটেবল কেন্সাৰ ইনষ্টিটিউটৰ জ্যেষ্ঠ অংক’লজিষ্ট ডাঃ ঋষি গুপ্তাই কয় যে বহু সময়ত কেন্সাৰৰ প্ৰথম লক্ষণ ছালত দেখা যায়। ছালত ফোহা ওলোৱা, শুকান হৈ পৰা আদি লক্ষণ দেখা দিব পাৰে। ইয়াৰ ফলত কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল-

  • ছালৰ ৰং সলনি বা শুকান হৈ পৰে।
  • ছালত ফোহা ওলায়।
  • চকু আৰু ছালত জণ্ডিছৰ লক্ষণে দেখি দিব পাৰে।

কি কৰিব

ছালত দেখা দিয়া লক্ষণসমূহৰ উপৰিও যদি আপোনাৰ কোনো কাম নকৰাকৈ ভাগৰ লাগে, ভোক কমি যায়, দুৰ্বলতা, প্ৰস্ৰাৱ ওলোৱাত অসুবিধা, জ্বৰ আদি হয় তেন্তে তৎক্ষণাত পৰীক্ষা কৰাব লাগে। ছালত দেখা দিয়া লক্ষণ সকলো সময়তে সাধাৰণ বুলি ধৰিব নালাগে। গতিকে আপুনি এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা আৱশ্যক। চিকিৎসকে ইয়াৰ ক্ষেত্ৰত কিছুমান পৰীক্ষা দিব বা আন পৰামৰ্শ দিব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপুনি ব্যৱস্থা গ্ৰহণ কৰা ভাল। উল্লেখ কৰা প্ৰয়োজন যে, কিছুমান কৰ্কট ৰোগৰ নিৰাময় সম্ভৱ।

 

অন্য খবৰ পঢ়কঃ অত্যাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰে কিয় মানুহক নিসংগ কৰি পেলায়? জানক ইয়াৰ কাৰণ…