“আজিৰ দিনত বাওঁপন্থী মতাদৰ্শ ‘অচল’, ছাত্ৰ জীৱনত বিৰোধিতা কৰিলেও অধিকাংশই শেষত পুঁজিপতিৰ বাবেই কাম কৰে”, ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে, বাওঁপন্থী আৰু উদাৰবাদী মতাদৰ্শ এতিয়া অচল হৈ পৰিছে। ছাত্ৰ দিনত বাওঁপন্থী মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে । কিন্তু যেতিয়া চাকৰি প্ৰয়োজনীয়তা আহি পৰে তেতিয়া দুই-এজনৰ বাহিৰে সকলোৱে সেই মতাদৰ্শক ধৰি ৰাখিব নোৱাৰে ।

বাওঁপন্থী আৰু উদাৰবাদী মতাদৰ্শ সাম্প্ৰতিক সময়ত একে প্ৰকাৰে ‘অচল’ বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে, ছাত্ৰ জীৱনত একাংশ যুৱক-যুৱতীয়ে বাওঁপন্থী আৰু উদাৰবাদী মতাদৰ্শক বিশ্বাসত ৰাখি বৃহৎ উদ্যোগপতিৰ বিৰুদ্ধে যায়। কিন্তু শেষত সেই ব্যৱসায়িক ঘৰৰ বাবে তেওঁলোকে কাম কৰে বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে।
তেওঁ লগতে কয় যে, নৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বিনিয়োগকাৰীক ৰাজ্যলৈ আদৰণি জনোৱাটো অতি প্ৰয়োজনীয়। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত এডভান্টেজ আছাম ২.০ ব্যৱসায়িক সন্মিলনৰ সময়ত স্বাক্ষৰিত প্ৰায় ২২,৯০০ কোটি টকাৰ প্ৰকল্পৰ বুজাবুজিৰ চুক্তি বিনিময় অনুষ্ঠানত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে, “বাওঁপন্থী আৰু উদাৰবাদী মতাদৰ্শ এতিয়া অচল হৈ পৰিছে। ছাত্ৰ দিনত বাওঁপন্থী মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে । কিন্তু যেতিয়া চাকৰি প্ৰয়োজনীয়তা আহি পৰে তেতিয়া দুই-এজনৰ বাহিৰে সকলোৱে সেই মতাদৰ্শক ধৰি ৰাখিব নোৱাৰে । যেতিয়া তেওঁলোকে পৰিয়ালৰ পোহপাল দিয়াৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়, তেতিয়া তেওঁলোকে ছাত্ৰ দিনত বিৰোধিতা কৰা সেই একেবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানতে কৰ্মসংস্থাপন বিচাৰিবলগীয়া হয়।”
তেওঁ লগতে কয়, “আমি টাটা, আদানি, আম্বানীৰ দৰে ডাঙৰ নামৰ উদ্যোগপতিৰ বিৰোধিতা কৰিব পাৰো; কিন্তু পিছত চাকৰিৰ প্ৰয়োজনীয়তাৰ কথা আহিলে মানুহে শেষত তেওঁলোকৰ বাবে কাম কৰিবলৈ সিদ্ধান্ত লয় ।” মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যখনলৈ বিনিয়োগকাৰীক আদৰণি জনোৱাটো এই কাৰণে প্ৰয়োজনীয়, যাতে অন্য চহৰত ৭,০০০-৮,০০০ টকাৰ সামান্য মাহিলী দৰমহাত কৰ্মসংস্থাপন বিচৰা যুৱক-যুৱতীসকলে নিজৰ ঘৰৰ ওচৰতে চাকৰি বিচাৰি পাব পাৰে।
যদি যুৱক-যুৱতীসকলে ৰাজ্যৰ বাহিৰলৈ গৈ তাত থকা ডাঙৰ ডাঙৰ কোম্পানীবোৰত ইমান কম ধনত কাম কৰিবলগীয়া হয়, তেন্তে সেই বিনিয়োগকাৰীসকলক আমাৰ ৰাজ্যলৈ কিয় অনা নহয় বুলিও তেওঁ লগতে কয়। ৰাজ্যৰ ২০ লাখ যুৱকে শ্ৰম আইন বা সামাজিক সুৰক্ষাৰ অধীনত কোনো সুৰক্ষা নোহোৱাকৈ কম দৰমহাৰ পদত বাহিৰত কাম কৰি আছে বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে, যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত বিনিয়োগকাৰীক আদৰণি জনোৱাটো প্ৰয়োজনীয়।