শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ধোনীৰ বাবে সলনি কৰা হৈছিল IPLৰ এই নিয়ম! ক্ষুব্ধ হৈ সুনীল গাভাস্কাৰে ক’লে- বিপদত পৰিব ভাৰতীয় ক্ৰিকেট….

BCCI-এ IPL 2025ৰ পূৰ্বে লীগৰ সৈতে জড়িত বহু নিয়ম সলনি কৰিছিল। য'ত অনকেপড খেলুৱৈৰ সন্দৰ্ভত বনোৱা হৈছিল এটা নিয়ম। এই সন্দৰ্ভত এতিয়া আপত্তি দৰ্শাইছে সুনীল গাভাস্কৰে। তেওঁৰ মতে, ইয়াৰ বাবে ভাৰতীয় ক্ৰিকেট ডাঙৰ লোকচানৰ সন্মুখীন হ’ব পাৰে।

ধোনীৰ বাবে সলনি কৰা হৈছিল IPLৰ এই নিয়ম! ক্ষুব্ধ হৈ সুনীল গাভাস্কাৰে ক’লে- বিপদত পৰিব ভাৰতীয় ক্ৰিকেট….
আই পি এলৰ নিয়মৰ পৰিৱৰ্তনক লৈ ক্ষুব্ধ সুনীল গাভাস্কাৰImage Credit source: PTI
trishna-kalita
Trishna Kalita | Published: 06 May 2025 11:39 AM

IPL হৈছে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ। ইয়াৰ ফলত বহু যুৱ খেলুৱৈয়ে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এক বৃহৎ মঞ্চ লাভ কৰিছে। বছৰৰ পিছত বছৰ ধৰি ইয়াৰ জনপ্ৰিয়তা বাঢ়িছে, যাৰ বাবে খেলুৱৈসকলৰ উপাৰ্জনও বৃদ্ধি পাইছে। কেৱল অভিজ্ঞ বা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়েই নহয়, আনকি যুৱ খেলুৱৈ আৰু ঘৰুৱা ক্ৰিকেট খেলুৱৈসকলেও ইয়াৰ পৰা কোটি টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ভাৰতীয় কিংবদন্তি সুনীল গাভাস্কৰে। তেওঁৰ মতে অনকেপড খেলুৱৈক বেছি ধন দিব নালাগে। অনকেপড খেলুৱৈৰ নিয়ম সলনি কৰাৰ বাবে BCCIৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰে গাভাস্কাৰে । যাৰ অধীনত আইপিএল ২০২৫ত এমএছ ধোনীক ৪ কোটি টকাৰ বিনিময়ত ৰিটেইন কৰা হৈছিল।

সুনীল গাভাস্কৰৰ মতে, “অধিক ধন দিলে খেলুৱৈসকলৰ ক্ৰিকেটৰ প্ৰতি থকা আকৰ্ষণ আৰু ভাৰতৰ হৈ খেলাৰ ইচ্ছা নোহোৱা হ’ব পাৰে।” তেওঁৰ মতে, “ইয়াৰ ফলত কোনো ফ্ৰেঞ্চাইজিৰ ওপৰত কোনো প্ৰভাৱ নপৰে। তেওঁলোকৰ বাবে ভাল হ’ব পাৰে, কিন্তু ভাৰতীয় ক্ৰিকেট নষ্ট হ’ব পাৰে।” গাভাস্কাৰৰ মতে, “ধোনীক লীগত থাকিবলৈ দিয়াৰ বাবে অনকেপড খেলুৱৈৰ নিয়ম সলনি কৰা হৈছিল। ইয়াৰ সীমা ৪ কোটি টকালৈ বৃদ্ধি কৰা হয়।’

শেহতীয়াকৈ গাভাস্কাৰে তেওঁৰ কলমত লিখিছে, “বহুত ধনৰ বিনিময়ত কিনাৰ পিছত বহু খেলুৱৈয়ে ভোক আৰু উৎসাহ হেৰুৱাই পেলায়। ফ্ৰেঞ্চাইজিৰ বাবে হয়তো ইয়াৰ কোনো গুৰুত্ব নাই, কাৰণ তেওঁলোকে ইয়াক ভাল বুলি ভাবে। কিন্তু ভাৰতীয় ক্ৰিকেটে ইয়াৰ ফলত বহুত ক্ষতিগ্ৰস্ত হয়। এজন খেলুৱৈ সফল হওক বা নহওক, তেওঁৰ বিদায়ে ভাৰতীয় ক্ৰিকেটত প্ৰভাৱ পেলায়। যোৱা বছৰ মেগা নিলামৰ পূৰ্বে মহেন্দ্ৰ সিং ধোনী এজন অনকেপড খেলুৱৈ হৈ পৰিছিল। লীগত অন্তৰ্ভুক্ত কৰিবলৈহে ধনৰ সীমা ৪ কোটিলৈ বৃদ্ধি কৰা হৈছিল।”

গাভাস্কাৰৰ মতে, “এতিয়ালৈকে এনে কোনো অনকেপড খেলুৱৈ হোৱা নাই যিয়ে বিপুল ধনত কিনাৰ পাছত ডাঙৰ মঞ্চত নিজৰ প্ৰতিভা প্ৰমাণ কৰিছে।” তেওঁ কয়, “যোৱা কেইবছৰমানৰ কোনো অনকেপড খেলুৱৈৰ নাম পেলোৱাটো কঠিন যাক বৃহৎ পৰিমাণৰ ধনত কিনাৰ পিছত দলত নিজৰ যোগ্যতা প্ৰমাণ কৰিছিল। হয়তো অহা কেইবছৰমানৰ ভিতৰত তেওঁ অভিজ্ঞতাৰ সৈতে অলপ ভাল হ’ব। কিন্তু যদি তেওঁ একেখন স্থানীয় লীগত খেলি আছে, তেন্তে উন্নতিৰ সম্ভাৱনা বৰ বেছি নহ’ব।”

উল্লেখ্য যে, আই পি এল ২০২৫ৰ মেগা নিলামত ৰশিখ দাৰ চালাম আটাইতকৈ দামী অনকেপড খেলুৱৈ হিচাপে পৰিগণিত হয়।ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে তেওঁক ৬ কোটি টকাত ক্ৰয় কৰিছিল। কিন্তু এই সোঁহাতৰ বেগী বলাৰগৰাকীয়ে এই ছিজনত এতিয়ালৈকে মাত্ৰ দুখন মেচহে খেলিবলৈ সক্ষম হৈছে। গাভাস্কাৰৰ মতে, ” দামৰ সৈতে বহু আশা জড়িত হৈ পৰে। বহু যুৱ খেলুৱৈয়ে নিজক প্ৰমাণ কৰাত ব্যৰ্থ হয়। পিছৰ বছৰ যেতিয়া তেওঁলোকৰ দাম কমি যায় তেতিয়া কথাবোৰ ভাল হ’বলৈ আৰম্ভ কৰে।”