শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গিলে কৰিলে নাকচ, ছাৰাই ল’লে নতুন সিদ্ধান্ত! শচীন কন্যা সন্দৰ্ভত চৰ্চালৈ নতুন ‘সম্পৰ্ক’

ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰে গিলৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা বুলি সকলোতে গুজৱ চলিছিল। ভাৰতীয় দল তথা শুভমন গিলৰ মেচৰ সময়তো বহুবাৰ ষ্টেডিয়ামৰ গেলেৰীত দেখা গৈছিল ছাৰাক। ৱশ্যে শেহতীয়াকৈ শুভমন গিলে এই সকলো গুজৱকে ভিত্তিহীন বুলি দাবী কৰিছিল নিজৰ মন্তব্যৰে।

গিলে কৰিলে নাকচ, ছাৰাই ল’লে নতুন সিদ্ধান্ত! শচীন কন্যা সন্দৰ্ভত চৰ্চালৈ নতুন ‘সম্পৰ্ক’
অন্ত পৰিল ছাৰা গিলৰ সম্পৰ্কৰ গুজৱ!Image Credit source: Instagram
monjit-dutta
Monjit Dutta | Published: 05 May 2025 18:30 PM

বিগত কেইবাবছৰৰ পৰা ব্যাপত চৰ্চাত আছে ভাৰতীয় ক্ৰিকেটৰ উদীয়মান তাৰকা শুভমন গিল আৰু ছাৰা তেণ্ডুলকাৰৰ সম্পৰ্কৰ ‘গৰম’ খবৰ। ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰে গিলৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা বুলি সকলোতে গুজৱ চলিছিল। ভাৰতীয় দল তথা শুভমন গিলৰ মেচৰ সময়তো বহুবাৰ ষ্টেডিয়ামৰ গেলেৰীত দেখা গৈছিল ছাৰাক। অৱশ্যে শচীন কন্যা ছাৰাই নহয়, ‘নৱাব’ ছেইফ আলী খানৰ কন্যা ছাৰা আলী খানৰ সৈতেও গিলৰ সম্পৰ্কক লৈ গুজৱ চলা দেখা গৈছিল।

অৱশ্যে শেহতীয়াকৈ শুভমন গিলে এই সকলো গুজৱকে ভিত্তিহীন বুলি দাবী কৰিছিল নিজৰ মন্তব্যৰে। কোনো এগৰাকী ছাৰাৰ সৈতেই তেওঁৰ সম্পৰ্ক নাই বুলি উল্লেখ কৰিছিল গিলে। শুভমন গিলে এইদৰে সম্পৰ্কৰ সকলো খবৰ তথা গুজৱ প্ৰত্যাখ্যান কৰাৰ পিছত এতিয়া ছাৰা তেণ্ডুলকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰা বুলি চৰ্চা চলিছে। সাধাৰণতেই দেশত চেলিব্ৰিটিসকলৰ ব্যক্তিগত জীৱনক লৈ অনুসন্ধিৎসু হৈ থাকে বহু লোক। শচীন কন্যা ছাৰাৰ ক্ষেত্ৰতো দেখা যায় এনে প্ৰভাৱ।

সেয়ে চৰ্চিত গুজৱ মতেই গিলৰ সৈতে ছাৰাৰ সম্পৰ্ক থকাটো নিশ্চিত বুলিয়েই বিশ্বাস কৰিছিল অনুৰাগীসকলেও। ভাৰতীয় দলৰ জাৰ্চি পৰিধান কৰিয়েই হওক বা আই পি এলতে হওক, গিলৰ বহু ক্ৰিকেট মেচত ছাৰাই গেলেৰীত বহি উপভোগ কৰা দেখা গৈছে। আনকি ভাৰতীয় দলৰ মেচ উপভোগৰ বাবে অষ্ট্ৰেলিয়াতো দেখা গৈছিল ছাৰাক। উৎসুক অনুৰাগীয়ে সেয়ে গেলেৰীৰ পৰাই গিলৰ নামেৰে ছাৰাক জোকোৱাৰ দৃশ্যও ইতিমধ্যে ভাইৰেল হৈছে।

কিন্তু গিলে এনে সম্ভাৱনা অস্বীকাৰ কৰাৰ পিছত অনুৰাগীৰ মনৰ পৰাও এই ভ্ৰম প্ৰায় দূৰ হৈছে। তাৰ মাজতে ছাৰাই এতিয়া নতুন সম্পৰ্কত বান্ধ খোৱা বুলি আলোচনা চলিছে। সম্প্ৰতি ছাৰা ‘শচীন তেণ্ডুলকাৰৰ কন্যা’ অভিধাৰ পৰা মুক্ত হৈ নিজা এক পৰিচয় গঢ়ি তোলাৰ চেষ্টাত ব্ৰতী। ই-গেমতো তেওঁ ইতিমধ্যে ক্ৰিকেট দল এটা ক্ৰয় কৰিছিল। ব্যৱসায়তো মনোনিৱেশ কৰিছে ছাৰাই।

ইয়াৰ সমান্তৰালকৈ ব্যক্তিগত জীৱনতো বলীউডৰ অভিনেতা সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে তেওঁৰ সম্পৰ্ক থকা বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। এই সম্ভাৱনা অৱশ্যে একেষাৰে নুই কৰিব নোৱাৰি। সিদ্ধান্তৰ সৈতে বিভিন্ন অনুষ্ঠানত দেখা পোৱা গৈছে ছাৰাক। ফিল্মফেয়াৰৰ এক প্ৰতিবেদন অনুসৰি ছাৰা আৰু বলীউডৰ অভিনেতাগৰাকীক কেইবাবাৰো একেলগে দেখা গৈছে।

ফিল্মফেয়াৰে লগতে ছাৰা আৰু সিদ্ধান্তই এতিয়াই তেওঁলোকৰ সম্পৰ্ক ৰাজহুৱা কৰিবলৈ অনিচ্ছুক বুলিও দাবী কৰিছে। ইনষ্টাগ্ৰামতো দুয়ো পৰস্পৰে পৰস্পৰক ফ’ল’ কৰা দেখা গৈছে। অৱশ্যে ইনষ্টাগ্ৰামৰ এই ফ’ল’ৱিঙৰ সম্পৰ্কৰ আঁৰত তেওঁলোকৰ মনৰো সম্পৰ্ক আছেনে নাই, সেয়া পিছতহে পোহৰলৈ আহিব।