চিভিল ডিফেন্স মক ড্ৰিলঃ অসমৰ ক’ত, ক’ত হ’ব যুদ্ধৰ আখৰা? তালিকাত আছে কোন জিলা, জানক সকলো…
Civil defence mock drill in Assam: কাইলৈ দেশৰ ২৪৪ খন জিলাত অনুষ্ঠিত হ'ব নাগৰিক প্ৰতিৰক্ষাৰ মক ড্ৰিল। এই মক ড্ৰিলত অংশগ্ৰহণ কৰিব উত্তৰ-পূবৰ ৰাজ্যসমূহেও। অসমৰ কোন কোন জিলা আছে এই তালিকাত এই লেখাটোত সবিশেষ উল্লেখ কৰা হ'ল।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ ঘটনাক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে সোমবাৰে ভাৰতৰ গৃহ মন্ত্ৰালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰত চৰকাৰে অহা ৭ মে’ত ২৪৪খন জিলাত চিভিল ডিফেন্স ম’ক ড্ৰিল (civil defence mock drill) কৰাৰ নিৰ্দেশ দিয়ে। এই অনুশীলনৰ উদ্দেশ্য হৈছে নাগৰিকসকলক জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ দিয়া আৰু নাগৰিক প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা। নাগৰিক প্ৰতিৰক্ষাৰ এই মক ড্ৰিলত উত্তৰ-পূৱৰ ৰাজ্যসমূহেও অংশ গ্ৰহণ কৰিব।
৭ মে’ত অনুষ্ঠিত হ’বলগীয়া এই মক ড্ৰিল তিনিটা শাখাত মুঠ ২৪৪ খন জিলাত অনুষ্ঠিক হ’ব। দ্বিতীয় আৰু তৃতীয় শাখাত পৰিছে উত্তৰ-পূবৰ ৰাজ্যসমূহ। মক ড্ৰিলত কোনখন জিলা কোনটো কেটেগৰীত পৰিছে তলত উল্লেখ কৰা হ’ল-
অসম
- কেটেগৰী ১- বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা,যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ,ডিগবৈ, দুলীয়াজান, গুৱাহাটী (দিছপুৰ), ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ-লখিমপুৰ, নুমলীগড়।
- কেটেগৰী ২- দৰং, গোলাঘাট, কাৰ্বি আংলং, কোকৰাঝাৰ।
অৰুণাচল প্ৰদেশ
- কেটেগৰী ১- আলো (ৱেষ্ট চিয়াং), ইটানগৰ, টাৱাং, হায়ুলিয়াং
- কেটেগৰী ২- বামোডিয়া
মণিপুৰ
কেটেগৰী ২- ইম্ফল,চূড়াচন্দপুৰ, উখৰুল, মৰেহ, নিংথৌখং
মেঘালয়
কেটেগৰী ২- শ্বিলং, জোৱাই, তুৰা
মিজোৰাম
কেটেগৰী ২- আইজল
নাগালেণ্ড
কেটেগৰী ২- ডিমাপুৰ, কহিমা, মকোকচুং, মন, ফেক, টুৱেনচাং, ৱোখা, জুনহেবোটো, কিফিৰে, পেৰেন
চিক্কিম
কেটেগৰী ২- গেংটক
ত্ৰিপুৰা
কেটেগৰী ২- আগৰতলা
উল্লেখ্য যে, ৰাজস্থান, পঞ্জাৱ, জম্মু-কাশ্মীৰ, পশ্চিমবংগ, উত্তৰ-পূৰ্বাঞ্চলৰ দৰে সীমান্তৱৰ্তী ৰাজ্যসমূহত বিপদজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মক ড্ৰিল কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই সময়চোৱাত যুদ্ধৰ সময়ত ল’বলগীয়া সাৱধানতা, চাইৰেন বাজিলে কি কৰিব লাগিব, এয়াৰ ষ্টাইক হ’লে কি কৰি আদি সকলো প্ৰশিক্ষণ ইয়াত দিয়া হ’ব। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে গ্ৰহণ কৰা এই সিদ্ধান্তই শংকিত কৰিছে জনতাক।
২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদীৰ ঘটনা। এই ঘটনাত ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল বহুতো। এই আক্ৰমণে বিশ্ব জোকাৰি জোৱাৰ লগতে ই ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কক অধিক বেয়ালৈ লৈ গৈছিল। বিগত সময়চোৱাত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ সিন্ধু জল চুক্তি বাতিল কৰাৰ পাছতে পাকিস্তান ক্ষোভিত হৈ পৰিছে আৰু ভাৰতক পাৰমাণৱিক শক্তিৰ ভয় খুৱাই আহিছে।
ইয়াৰ বিপৰীতে যুদ্ধ বিৰতি চুক্তি উলংঘা কৰি পাকিস্তানে যোৱা ১২ দিন ধৰি LOC ত গুলীবৰ্ষণ কৰি আছে। মুঠতে দেশ দুখনৰ মাজত এক যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে ভাৰতৰ গৃহ মন্ত্ৰালয়ে নাগৰিক প্ৰতিৰক্ষাৰ মক ড্ৰিলৰ নিৰ্দেশ জাৰি কৰে।
অন্য খবৰ পঢ়কঃ ভয়ংকৰ তথ্য পোহৰলৈ! POK ত সন্ত্ৰাসবাদীক দিয়া হৈছিল সামৰিক প্ৰশিক্ষণ, লক্ষ্য আছিল সেনা…