ঊৰ্ধগামী বজাৰ, ৯৭৭ পইন্ট বাঢ়িছে নিফটি নেক্সট ফিফটি সূচক
আজি ৯৭৭ পইন্ট বাঢ়িছে নিফটি নেক্সট ফিফটি সূচক । নিফটি মিডকেপ ১০০ সূচক বাঢ়িছে ৯৭০ পইন্ট । বিএছই স্মলকেপ সূচক বাঢ়িছে ৫৮৪ পইন্ট । আনহাতে ৫৬১ পইন্ট নামিছে বিএছই বেংকেক্স ।
আজি ৫ মে’ । ঊৰ্ধগামী হৈছে ভাৰতৰ শ্বেয়াৰ বজাৰৰ কেবাটাও সূচক । ১১৪ পইন্ট বাঢ়িছে দেশৰ বেঞ্চমার্ক সূচক নিফটি ৫০। আন এক বেঞ্চমার্ক সূচক ছেনছেক্স বাঢ়িছে ২৯৪ পইন্ট । আজি ৯৭৭ পইন্ট বাঢ়িছে নিফটি নেক্সট ফিফটি সূচক । নিফটি মিডকেপ ১০০ সূচক বাঢ়িছে ৯৭০ পইন্ট । বিএছই স্মলকেপ সূচক বাঢ়িছে ৫৮৪ পইন্ট । আনহাতে ৫৬১ পইন্ট নামিছে বিএছই বেংকেক্স । ১৯৫ পইন্ট নামিছে নিফটি বেংক ।
ভাৰতৰ বেঞ্চমাৰ্ক সূচকৰ সমান্তৰালকৈ হুৰমূৰাই বাঢ়িল জাপান আৰু চীনৰ সূচক । জাপানী সূচক নিক্কেই বাঢ়িছে ৩৭৮ পইন্ট । চীনা সূচক হেংছেং বাঢ়িছে ৩৮৫ পইন্ট ।
শ্বেয়াৰ মাৰ্কেটৰ এনে গৱেষণামূলক তথ্য ভাল লাগিলে লাইক কৰক । আন কোনো শ্বেয়াৰৰ বিষয়ে জানিব খুজিলে কমেন্টযোগে জনাওক । পৰৱৰ্তী ভিডিঅ’ত আমি এই বিষয়ে আলোচনা কৰিম ।
আজি কি কি বাঢ়িল:
আজি কোনো সূচকে আপাৰ চাৰ্কিট স্পৰ্শ কৰা নাই । অৱশ্যে আজি বাঢ়িছে জে এইচ এছ ছভেণ্ডগাৰ্ড ৰিটেল ভেঞ্চাৰ্ছ, অসীমা লিমিটেড, ইউনিভাৰ্ছেল কেবলছ, নেটওৱেব টেকন’লজীছ আৰু পৰাগ মিল্ক ফুডৰ শ্বেয়াৰৰ দাম ।
আজি কি কি কমিল:
আজি নিম্নগামী হৈছে জি-টেক জাইনক্স এডুকেশ্যন, কেছলভছ ইণ্ডিয়া, লটাছ আই হস্পিটাল এণ্ড ইনষ্টিটিউট লিমিটেড, ভি-মাৰ্ট ৰিটেল আৰু চিলভাৰ টাচ টেকন’লজীছৰ শ্বেয়াৰৰ দাম ।
বজাৰৰ টুকুৰা খবৰ:
* আজি শ্বেয়াৰে প্রতি ৫ টকা লভ্যাংশ দিয়ে পিটিচি ইণ্ডিয়াই
* আজি চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে ষ্টোভেক ইণ্ডাষ্ট্ৰীজ, কোফর্জ আৰু কেমছে
* আজি বার্ষিক ফলাফল প্রকাশ কৰিছে গিৰিৰাজ চিভিল ডেভেলপাৰ্ছ, বোম্বে ডায়িং, কল্যানী ষ্টীল, ইণ্ডিয়ান হোটেলছ, কাপ্রি গ্ল’বেল কেপিটেল, জম্মু এণ্ড কাশ্মীৰ বেংক, জি মিডিয়া কর্প
* বার্ষিক ফলাফলৰ লগতে চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে মাহিন্দ্রা এণ্ড মাহিন্দ্রা, সোনালিছ কনজিউমাৰ প্রডাক্টছ, ওৱনচ’ৰ্ছ স্পেচিয়েলিটিয়ে
* আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰিছে গডফ্রে ফিলিপ্স, নবীন ফ্ল’ৰিন ইন্টাৰনেশ্যনেল আৰু আইচিআইচিআই বেংকে
* আজি কোনো কোম্পানীয়ে ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰা নাই
৫ মে’ত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য
যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9-অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ- যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।
প্ৰতিবেদন- সুপ্ৰিয় দাস, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা