TV9 ASSAM
ধৰ্মীয় মান্যতা অনুসৰি মঙলবাৰৰ দিনটোত ভগৱান হনুমানৰ পূজা কৰিলে সুফল পোৱা যায়। মঙলবাৰ আৰু শনিবাৰৰ দিনা চামেলি তেল আৰু সেন্দূৰ মিহলি কৰি ভগৱানক আগবঢ়াই এটা ফোট লোৱাতো ভাল।
মঙলবাৰ আৰু শনিবাৰৰ দিনটো আপুনি বজৰং বাণ পাঠৰ দ্বাৰা আৰম্ভ কৰিব পাৰে। কোৱা হয়, নিয়ম অনুসৰি হনুমানৰ পূজা কৰিলে সকলো সমস্যা আঁতৰ হয় আৰু জীৱনলৈ সুখ শান্তি আহে। হনুমানে ধনৰ সমস্যা নোহোৱা কৰে।
কোনো পণ্ডিতক মাতি মঙলবাৰৰ দিনটোত ডিঙিত বীছা যন্ত্ৰ পৰিধান কৰিব পাৰে। ইয়াৰ ফলত আপুনি ঋণৰ সমস্যাৰ পৰা মুক্তি পাব আৰু ধনৰ সমস্যা নাইকীয়া হ'ব। এই দিনটোত দান কৰাও ভাল।
ইয়াৰোপৰি আপুনি ওমঃ ঋণহৰ্তায়ে নমঃ. ওম মংগলমূৰ্তিয়ে নমঃ মন্ত্ৰ জপ কৰিব পাৰে। পূজাস্থলীত বা হনুমান মন্দিৰলৈ গৈ ১০৮ বাৰ এই মন্ত্ৰ জপ কৰিলে আপুনি সুফল লাভ কৰিব। অন্তত ১১ টা মঙলবাৰ এই জপ কৰিব লাগে।
ঋণৰ পৰা মুক্তি পাবলৈ মংগলযন্ত্ৰৰ তামৰ প্লেটত পাঁচ চতুৰ্থাংশ ৰত্তি প্ৰবালৰ পাথৰ এটা লগাই ডিঙি বা হাতৰ আঙুলিত পিন্ধিব পাৰে। ইয়াৰোপৰি আপুনি কোনো বিশেষজ্ঞৰ পৰা পৰামৰ্শ লাভ কৰিব পাৰে। ইয়াৰ ফলত ঋণ মুক্ত হয়।
১.২৫ কেজি আটা, গুড়, গাখীৰ মিহলাই ভোগ তৈয়াৰ কৰক। ইয়াৰ পাছত এয়া হনুমানক আগবঢ়াওক। পৰৱৰ্তী সময়ত এই প্ৰসাদ ৰাইজৰ মাজত বিতৰণ কৰক। এই কাম মঙলবাৰে কৰা উচিত। ইয়াৰ ফলত ধনৰ সমস্যা নোহোৱা হয় বুলি মান্যতা আছে।
ইয়াৰোপৰি হনুমানৰ আগত মিঠাতেলৰ চাকি জ্বলাই হনুমান চালিচা পাঠ কৰিব লাগে। এই দিনটোত হনুমানৰ প্ৰিয় বস্তু বুন্দীয়া লাড়ু প্ৰসাদ হিচাপে আগবঢ়াব লাগে। এনে কৰিলে ধনৰ সমস্যা আঁতৰ হয়। ইমানেই নহয় বহু সমস্যাৰ পৰা হনুমানে সকাহ দিয়ে।
পঢ়িবলৈ ক্লিক কৰক