SRH vs DC Live Score, IPL 2025: বাতিল হ’ল দিল্লী হায়দৰাবাদৰ মেচঃ বৰষুণে বিদায়ৰ পথ দেখুৱালে হায়দৰাবাদক
Sunrisers Hyderabad vs Delhi Capitals Live Score in Assamese: বৰষুণৰ বাবে বাতিল হৈছে দিল্লী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আজিৰ মেচ। দিল্লীৰ বেটিঙৰ পিছতে বৰষুণ অহাৰ বাবে দ্বিতীয় ইনিংছ পুনৰ আৰম্ভ কৰিব পৰা নহ’ল আৰু মেচ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ ফলশ্ৰুতিত যোৱা বাৰৰ ৰাণাৰ্ছ আপ ছানৰাইজাৰ্ছ হায়দৰাবাদে গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় ল’বলগা হয়।

আই পি এলৰ আজিৰ মেচত মুখামুখি হ’ব দিল্লী কেপিটেলছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ। দুয়োটা দলৰ মাজত চলিত ছিজনত এয়া হ’ব দ্বিতীয়খন মেচত। ইতিপূৰ্বে যোৱা ৩০ মাৰ্চত দুয়োটা দলে প্ৰথমখন মেচত মুখামুখি হৈছিল। বিশাখাপট্টনমত অনুষ্ঠিত এই মেচখনত দিল্লীয়ে হায়দৰাবাদক ৭ উইকেটত সহজে পৰাস্ত কৰিছিল। আজি হায়দৰাবাদে ঘৰুৱা খেলপথাৰত দিল্লীৰ বিপক্ষে নামিব। গতিকে ঘৰুৱা পৰিৱেশত পূৰ্বৰ পৰাজয়ৰ পোতক তোলাৰ সুযোগ পাব হায়দৰাবাদে। অৱশ্যে প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ হ’লে হায়দৰাবাদৰ বাবে আজিৰ মেচত জয় অনিবাৰ্য।
এইপৰ্যন্ত হায়দৰাবাদে ১০খন মেচত মাত্ৰ ৬ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ নৱম স্থানত আছে। আজিৰ সৈতে চাৰিখন মেচ বাকী থকা দলটোৱে প্লে’ অফত প্ৰৱেশ কৰিবলৈ হ’লে আটাইকেইখন মেচতে জয়ী হ’ব লাগিব। আনহাতে ১০ খন মেচত ১২ পইণ্টেৰে পঞ্চম স্থানত থকা দিল্লীয়েও প্লে’ অফৰ দিশত কিছু আগবঢ়াৰ উদ্দেশ্যে আজি জয়ৰ চেষ্টা চলাব।
LIVE NEWS & UPDATES
-
বাতিল হ’ল মেচ
বৰষুণৰ বাবে বাতিল কৰা হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু দিল্লী কেপিটেলছৰ আজিৰ মেচ। প্ৰথমে বেটিং কৰা দিল্লীক ১৩৩ ৰানতে সীমাবদ্ধ কৰি ৰখাৰ পিছত জয়ৰ আশা দেখিছিল ঘৰুৱা দল হায়দৰাবাদে। কিন্তু বৰষুণৰ বাবে দ্বিতীয় ইনিংছত এটাও বল নপৰিল। নেৰানেপেৰা বৰষুণ আৰু সেমেকা আউটফিল্ডৰ বাবে অৱশেষত মেচখন বাতিল কৰাৰ সিদ্ধান্ত লয় আম্পায়াৰে। ইয়াৰ লগে লগে বিগত বাৰৰ ৰাণাৰ্ছ আপ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ছিজনৰ পৰা বিদায়ৰ পথ প্ৰশস্ত হৈ পৰে।
-
বৰষুণৰ বাধা
হায়দৰাবাদত প্ৰবল বৰষুণৰ বাবে মেচতো সৃষ্টি হৈছে বাধাৰ। বৰষুণৰ বাবে মেচৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰাত বিলম্ব ঘটিছে।
-
দিল্লীৰ সংগ্ৰহ ১৩৩ ৰান
ইনিংছৰ অন্তিম বলত ষ্টাবচৰ বেটৰ পৰা অহা চাৰিৰ সহায়ত কোনোমতে ১৩৩ ৰানৰ এক সন্মানজনক স্ক’ৰ থিয় কৰাবলৈ সক্ষম হৈছে দিল্লীয়ে। দলৰ বিপৰ্যয়ৰ মাজতে ক্ৰীজত থিয় দি ইনিংছ আগুৱাই নিয়া ষ্টাবচে ৩৬টা বলত ৪টা চাৰিৰে ৪১ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। এতিয়া ১৩৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰি হায়দৰাবাদে জয়ৰ সোৱাদ ল’ব পাৰিবনে, সেয়া লক্ষণীয় হ’ব।
-
অন্ত পৰিল আশুতোষৰ ইম্পেক্ট
ইম্পেক্ট চাবৰ ৰূপত ক্ৰীজলৈ অহা আশুতোষ শৰ্মাই এক অনন্য ইনিংছ খেলি অন্তিম অভাৰত ক্ৰীজ এৰিছে। দিল্লীৰ ইনিংছত গতি প্ৰদান কৰি আশুতোষে ২৬টা বলত ২টা চাৰি আৰু ৩টা ছয়েৰে ৪১ ৰান সংগ্ৰহ কৰে। তেওঁৰ উইকেট দখল কৰে এশান মালিঙ্গাই।
-
শতক পাৰ স্ক’ৰ
আশুতোষ শৰ্মাৰ আক্ৰমণাত্মক বেটিঙৰ সুবাদত কোনোমতে শতকৰ সীমা অতিক্ৰম কৰিছে দিল্লীয়ে। ইনিংছৰ ১৭ নং অভাৰৰ পঞ্চম বলত আশুতোষে এটা চাৰি কোবাই দলৰ স্ক’ৰ ১০০ৰ ওপৰলৈ নিয়ে। ইয়াৰ পিছত অন্তিম বলতো তেওঁ আন এটা চাৰি কোবায়।
-
বিপৰাজৰ বিদায়
দলীয় বিপৰ্যয়ক সাময়িক সকাহ প্ৰদান কৰি ক্ৰীজত কিছুসময় যুঁজৰ আশা দেখুৱাইছিল ষ্টাবচ আৰু বিপৰাজে। কিন্তু ৰানিং বিটুইন দ্য উইকেটত ভুল বুজাবুজিৰ ফলত বিপৰাজে নিজৰ উইকেট তুলি দিব লগা হৈছে হায়দৰাবাদৰ হাতত। তেওঁ সংগ্ৰহ কৰে ১৮ ৰান।
-
অৰ্ধশতক সম্পূৰ্ণ দিল্লীৰ
অৱশেষত কোনোমতে ৫০ ৰানৰ সীমা স্পৰ্শ কৰিছে দিল্লীৰ স্ক’ৰ’ৰ্ডে। ইনিংছৰ ১০.৩ অভাৰত দিল্লীৰ ইনিংছত ৫০ ৰান সম্পূৰ্ণ হয়। এতিয়া দলটোৱে নিজ স্ক’ৰব’ৰ্ডত আৰু কিমান ৰান সংযোজন ঘটাব পাৰে, সেয়া লক্ষণীয় হ’ব।
-
ৰাহুলো আউট
পেভিলিয়নলৈ উভতিছে দিল্লীৰ আধা দল। এইবাৰ ৰাহুলক বিদায় দিছে জয়দেৱ উনাডকাটে। ৰাহুলৰ বেটৰ পৰা আহে ১০ ৰান।
-
অক্ষৰেও ল’লে বিদায়
পাৱাৰ প্লে’ৰ ভিতৰতে চতুৰ্থটো উইকেট হেৰুৱাইছে দিল্লী কেপিটেলছে। এইবাৰ পেভিলিয়নলৈ উভতিছে অধিনায়ক অক্ষৰ পেটেলেও। হৰ্ষল পেটেলৰ বলত কামিন্সৰ হাতত কেচ তুলি দি অক্ষৰে বিদায় লয়।
-
কামিন্সৰ ঘাতক স্পেল
পুনৰ এবাৰ নিজ স্পেলৰ অভাৰৰ প্ৰথমটো বলতে উইকেট দখল কৰিছে পেট কামিন্সে। এইবাৰ তেওঁৰ চিকাৰ হৈছে অভিষেক প’ৰেল। এইদৰে মাত্ৰ ১৫ ৰানতে ৩টা উইকেট হেৰুৱাই সংকটত পৰিছে দিল্লী।
-
প্লেচিছৰ বিদায়
প্ৰথম অভাৰৰ প্ৰথম বলৰ দৰে দ্বিতীয় অভাৰৰ প্ৰথম বলতো পেট কামিন্সে দখল কৰিছে আন এক উইকেট। এইবাৰ তেওঁৰ চিকাৰ হৈছে ফাফ ডু প্লেচিছ। এইদৰে মাত্ৰ ৬ ৰানতে দ্বিতীয় উইকেট হেৰুৱাইছে দিল্লীয়ে।
-
প্ৰথম বলতে কৰুণৰ বিদায়
মেচৰ প্ৰথমটো বলতে ক্ৰীজ এৰিছে কৰুণ নায়াৰে। হায়দৰাবাদৰ অধিনায়ক কামিন্সে বলিং মুকলি কৰি প্ৰথমটো বলতে কৰুণক পেভিলিয়নলৈ উভতাই পঠায়।
-
ছানৰাইজাৰ্ছ হায়দৰাবাৰ মূল একাদশ
ছানৰাইজাৰ্ছ হায়দৰাবাদতো আজি দেখা যাব পৰিৱৰ্তন। দলটোৱে আজি খেলাৰ সুযোগ দিছে শচীন বেবীক। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- অভিষেক শৰ্মা, ঈশান কিষাণ, শচীন বেবী, হেনৰিখ ক্লাছেন, অনিকেত বাৰ্মা, অভিনৱ মনোহৰ, পেট কামিন্স (অধিনায়ক), হৰ্ষল পেটেল, জয়দেৱ উনাডকাট, জিশান আনচাৰী, এশান মালিঙ্গা। আনহাতে ইম্পেক্ট চাবৰ তালিকাত আছে ট্ৰেভিছ হেড, হৰ্ষ ডুবে, ৰাহুল চাহাৰ, উইয়ান মুল্ডাৰ, মহম্মদ ছামিৰ নাম।
-
দিল্লী কেপিটেলছৰ মূল একাদশ
দিল্লী কেপিটেলছৰ মূল একাদশত আজি সুযোগ পাব দেখিবলৈ টি নটৰাজনে। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- ফাফ ডু প্লেচিছ, অভিষেক প’ৰেল, কৰুণ নায়াৰ, কে এল ৰাহুল, অক্ষৰ পেটেল (অধিনায়ক), ট্ৰিষ্টান ষ্টাবচ, বিপৰাজ নিগম, মিচেল ষ্টাৰ্ক, দুষ্মন্ত চামিৰা, কুলদীপ যাদৱ, টি নটৰাজন। আনহাতে ইম্পেক্ট চাবৰ তালিকাত আছে আশুতোষ শৰ্মা, জেক ফ্ৰেজাৰ মেকগুৰ্ক, সমীৰ ৰিজভি, মুকেশ কুমাৰ, মোহিত শৰ্মাৰ নাম।
-
প্ৰথমে বলিঙৰ সিদ্ধান্ত কামিন্সৰ
ইতিমধ্যে দুয়োটা দলৰ অধিনায়কদ্বয়ৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Published On - May 05,2025 6:57 PM