শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

RCB vs PBKS Final Weather Report: ফাইনেলৰ পূৰ্বে আহমেদাবাদত বৰষুণঃ মেচৰ সময়তো বতৰে ঘটাব নেকি বিঘিনি!

RCB vs PBKS Final Weather Report: আই পি এলৰ ফাইনেলৰ বাবে অনুৰাগীৰ অপেক্ষাত আজি চেঁচাপানী ঢালিব নেকি বতৰে! ফাইনেলৰ পূৰ্বে এতিয়া সকলোৰে মনত এই আশংকাই গা কৰি উঠিছে। লক্ষণীয়ভাৱে প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচো নৰেন্দ্ৰ মোদী ষ্টেডিয়ামতে অনুষ্ঠিত হৈছিল। এই মেচতো বৰষুণে যথেষ্ট বাধাৰ সৃষ্টি কৰিছিল।

RCB vs PBKS Final Weather Report: ফাইনেলৰ পূৰ্বে আহমেদাবাদত বৰষুণঃ মেচৰ সময়তো বতৰে ঘটাব নেকি বিঘিনি!
ফাইনেলত বিঘিনি ঘটাব নেকি বৰষুণে!Image Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 03 Jun 2025 17:52 PM

আজি অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ বহু প্ৰত্যাশিত ফাইনেল। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম পঞ্জাৱ কিংছৰ মাজত এক ৰোমাঞ্চকৰ যুঁজৰ আশাৰে অধীৰ অপেক্ষাৰে বাট চাইছে অনুৰাগীসকলে। ইফালে এই ফাইনেল মেচখন আয়োজনৰ বাবে সাজু হৈ উঠিছে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। ইতিমধ্যেই ষ্টেডিয়ামৰ বাহিৰে ভিতৰে দেখা গৈছে অনুৰাগীৰ ব্যাপক ভিৰ। আই পি এলৰ এই ১৮ সংখ্যক সংস্কৰণ আন এক কাৰণতো অনুৰাগীৰ বাবে বিশেষ হৈ পৰিছে। এইবাৰ প্ৰতিযোগিতাৰ ইতিহাসত দেখিবলৈ পোৱা যাব এক নতুন চেম্পিয়ন দল। আৰচিবি নে পঞ্জাৱ কিংছ, কোনে আজি খিতাপৰ খৰাং দূৰ কৰিব সেয়া চাবলৈ সকলোৱে কৰিছে অপেক্ষা।

পিছে অনুৰাগীৰ এই অপেক্ষাত আজি চেঁচাপানী ঢালিব নেকি বতৰে! ফাইনেলৰ পূৰ্বে এতিয়া সকলোৰে মনত এই আশংকাই গা কৰি উঠিছে। লক্ষণীয়ভাৱে প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচো নৰেন্দ্ৰ মোদী ষ্টেডিয়ামতে অনুষ্ঠিত হৈছিল। এই মেচতো বৰষুণে যথেষ্ট বাধাৰ সৃষ্টি কৰিছিল। দুঘণ্টাতকৈয়ো অধিক সময় ধৰি বৰষুণৰ বাবে মেচ স্থগিত কৰিবলগা হৈছিল। গতিকে আজিও এই আশংকাই অনুৰাগীক চিন্তিত কৰিছে।

তদুপৰি আজি দিনৰ ভাগত আহমেদাবাদত বৰষুণ আৰম্ভ হৈছিল। অৱশ্যে বতৰৰ আগজাননী দিয়া AccuWeather ৰ তথ্য অনুসৰি আহমেদাবাদৰ বতৰ সন্ধিয়া আৰু নিশা পৰিষ্কাৰ হৈ থাকিব। সন্ধিয়া ৭ বজাত তাপমাত্ৰা প্ৰায় ৩৫ ডিগ্ৰী চেলছিয়াছ হ’ব আৰু বৰষুণৰ সম্ভাৱনা শূন্য। একেদৰে মাজনিশা প্ৰায় ১২ বজালৈকে বৰষুণৰ কোনো পূৰ্বাভাস নাই আৰু বতৰ মেচৰ বাবে মুকলি হৈ থাকিব।

গতিকে ক্ৰিকেটপ্ৰেমীসকলে, বিশেষকৈ বাংগালুৰু আৰু পঞ্জাৱৰ অনুৰাগীসকলে কোনো শংকা নোহোৱাকৈ এই ফাইনেল মেচখন উপভোগ কৰিব পাৰিব। কিন্তু বতৰ যিকোনো সময়তে সলনি হ’ব পাৰে। এই দিশৰ প্ৰতি লক্ষ্য ৰাখিও বিচিচিআইয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসাৰে মেচৰ বাবে ১২০ মিনিট অৰ্থাৎ দুই ঘণ্টা অতিৰিক্ত সময়ৰ ব্যৱস্থা কৰা হৈছে। যদি মেচত বৰষুণো হয়, নিশা ৯:৪৫ বজালৈকে অভাৰ হ্ৰাস কৰা নহয়।

ইয়াৰ পিছতো যদি বৰষুণৰ প্ৰভাৱ থাকে, নিশা ১১:৫৬ বজালৈকে অপেক্ষা কৰা হ’ব। সেই সময়লৈ দুয়ো দলৰ মাজত ৫ অভাৰকৈ মেচৰ দ্বাৰা ফলাফল নিৰ্ণয়ৰ চেষ্টা কৰা হ’ব। যদি এয়াও সম্ভৱ নহয়, তেতিয়া চুপাৰ অভাৰৰ পৰা মেচৰ ফলাফল লোৱাৰ চেষ্টা কৰা হ’ব, যাৰ বাবে সময়সীমা নিশা ১২:৫০ বজাপৰ্যন্ত। তদুপৰি মেচৰ বাবে এদিনৰ ৰিজাৰ্ভ ডে’ও ৰখা হৈছে।

অৰ্থাৎ আজি বৰষুণ অব্যাহত থাকিলে ৪ জুনত ফাইনেল অনুষ্ঠিত হ’ব। ৰিজাৰ্ভ দে’ৰ দিনাও মেচ অনুষ্ঠিত কৰিব পৰা নগ’লে পইণ্ট তালিকাত প্ৰথম স্থান নিশ্চিত কৰাৰ ভিত্তিত পঞ্জাব কিংছক বিজয়ী হিচাপে ঘোষণা কৰা হ’ব।