অপাৰেশ্যন সেন্দূৰৰ পাছত শংকিত পাকিস্তান! গঠন কৰিলে নতুন বাহিনী…
অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতৰ শক্তি সমগ্ৰ বিশ্বই দেখিছে। আনকি পাকিস্তান শংকিত হৈ পৰিছে। যাৰ বাবে এতিয়া দেশখনে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে।
অপাৰেশ্যন সেন্দূৰৰ পিছত ভাৰতৰ ক্ষেপণাস্ত্ৰ শক্তিক লৈ আতংকিত হৈ পৰিছে পাকিস্তান। ভাৰতৰ ভয়ত এতিয়া পাকিস্তানে সৃষ্টি কৰিছে ‘আৰ্মি ৰকেট ফৰ্চ কমাণ্ড’। শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ইছলামবাদত অনুষ্ঠিত ‘মাৰ্কা-ই-হক’ অনুষ্ঠানত এই কথা ঘোষণা কৰে। সেনাৰ নতুন ৰকেট ফৰ্চ কমাণ্ড গঠনৰ কথা ঘোষণা কৰি শ্বৰীফে বিভিন্নজনক ধন্যবাদ জ্ঞাপন কৰে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰী, সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল অসীম মুনীৰ, জেনেৰেল শ্বাহিদ শ্বামছাদ মিৰ্জাকে ধৰি বিভিন্নজন উপস্থিত থাকে।
উল্লেখ্য যে, পাকিস্তানৰ এই নতুন সামৰিক শাখাটো বৃহৎ সংখ্যক গতানুগতিক ক্ষেপণাস্ত্ৰ আৰু ৰকেটৰ দ্বাৰা বিকশিত কৰা হৈছে। ইয়াত মূলতঃ ‘ফাতেহ’ ছিৰিজ আৰু অন্যান্য ক্ষেপণাস্ত্ৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হ’ব। অপাৰেশ্যন সেন্দূৰত ভাৰতৰ শক্তি সমগ্ৰ বিশ্বই দেখিছে। পাকিস্তানেও দেখিছে ভাৰতীয় ক্ষেপনাস্ত্ৰৰ শক্তি। যাৰ বাবে এতিয়া দেশখনে নতুন পদক্ষেপ ল’বলৈ বাধ্য হৈছে বুলিব পাৰি।