শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
৬০ কোটি টকাৰ প্ৰৱঞ্চনা, অভিনেত্ৰী শিল্পা শ্বেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে গোচৰ

৬০ কোটি টকাৰ প্ৰৱঞ্চনা, অভিনেত্ৰী শিল্পা শ্বেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে গোচৰ

raj-saikia
Raj Saikia | Published: 14 Aug 2025 20:02 PM

শিল্পা শ্বেট্টী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে উত্থাপন হৈছে ৬০ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ। ইতিমধ্যে ৰুজু কৰা হৈছে গোচৰ ।

গভীৰ বিপদত পৰিছে শিল্পা শ্বেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰা। ইতিমধ্যে পৰ্ণগ্ৰাফিক ভিডিঅ’ প্ৰস্তুত আৰু বিক্ৰীৰ বাবে বিপদত পৰিছিল অভিনেত্ৰীগৰাকীৰ স্বামী। এইবাৰ তেওঁলোকৰ বিৰুদ্ধে উত্থাপন হৈছে প্ৰতাৰণা কৰাৰ অভিযোগ। শিল্পা শ্বেট্টী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে উত্থাপন হৈছে ৬০ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ। ইতিমধ্যে ৰুজু কৰা হৈছে গোচৰ ।

জানিব পৰা মতে, দীপক কোথাৰী নামৰ এজন ব্যৱসায়ীয়ে অভিনেত্ৰী শিল্পা শেট্টী, তেওঁৰ স্বামী ৰাজ কুন্দ্ৰা আৰু আন এজন ব্যক্তিৰ বিৰুদ্ধে ৬০ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে। ২০১৫ চনৰ পৰা ২০২৩ চনৰ ভিতৰত শিল্পা আৰু ৰাজ কুন্দ্ৰাই এই বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছিল।

মুম্বাই আৰক্ষীৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি ব্যৱসায়ীজনক তেওঁৰ ব্যৱসায় আৰু অধিক সম্প্ৰসাৰণৰ বাবে প্ৰলোভিত কৰা হৈছিল। ৰাজ আৰু শিল্পাক বিশ্বাস কৰি কোটি কোটি টকা বিনিয়োগ কৰিছিল ব্যৱসায়ীজনে। ব্যৱসায় বৃদ্ধি কৰাৰ পৰিৱৰ্তে সেই টকা ব্যক্তিগত খৰচৰ বাবে ব্যৱহাৰ কৰিছিল শিল্পা শ্বেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাই।

ইয়াৰ পিছতে ব্যৱসায়ীজনে মুম্বাইৰ জুহু থানাত গোচৰ ৰুজু কৰে। এই গোচৰটো এতিয়া মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখালৈ হস্তান্তৰ কৰা হৈছে। গোচৰৰ তদন্ত আৰম্ভ হ’লেই শিল্পা আৰু ৰাজক শীঘ্ৰেই মাতি অনাৰ সম্ভাৱনা আছে।

প্ৰসংগক্ৰমে শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰাক ইয়াৰ পূৰ্বে ২০২১ চনত পৰ্ণগ্ৰাফী নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। দেশ-বিদেশত পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰি বিক্ৰী কৰা হৈছিল হটছ’ট নামৰ মনোৰঞ্জনমূলক এটা এপত। সেই কোম্পানীটোৰ মালিক আছিল ৰাজ কুন্দ্ৰা। দুমাহ জেলত থকাৰ পাছত জামিন লাভ কৰিলে ৰাজ কুন্দ্ৰাই।

অৱশ্যে সেই এপটোৰ সৈতে জড়িত আৰ্থিক জালিয়াতিৰ গোচৰটো এতিয়াও চলি আছে। শিল্পা শ্বেট্টী আৰু ৰাজ কুন্দ্ৰাৰ ঘৰ আৰু কাৰ্যালয়ত কেইবাবাৰো তালাচী চলাইছে ইডিয়ে। ২০২৪ চনত ইডিয়ে ৯৮ কোটি টকাৰ সম্পত্তিও জব্দ কৰিছিল। বিটকইন কেলেংকাৰীতো নাম সাঙোৰ খাইছিল ৰাজ কুন্দ্ৰাৰ।