TV9 ASSAM
কাইলৈ দেশে উদযাপন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস। দেশৰ লগতে অসমৰো সৰ্বপ্ৰান্তত উদযাপন কৰা হ’ব এই মহৎ দিনটো।
কাইলৈৰ দিনটোত দেশে স্মৰণ কৰিব দেশৰ ঐতিহ্যক। স্মৰণ কৰিব দেশৰ স্বাধীনতাৰ যুঁজৰ প্ৰতিগৰাকী মহান সেনানীক।
দেশজুৰি হোৱা স্বাধীনতাৰ যুঁজত অসমে পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা। অসমৰো অলেখ লোকে দেশৰ হকে প্ৰাণ আহুতি দিছিল।
১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত হোৱা ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসমৰ শাসনভাৰ ব্ৰিটিছৰ অধীনলৈ আহিছিল। ইয়াৰ পিছতে সৃষ্টি হৈছিল নতুন ইতিহাস।
১৮৩০ চনত পিয়লী ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ব্ৰিটিছে ফাঁচী দিছিল। দুয়োকে দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে গণ্য কৰা হয়।
১৮৬১ চনৰ ১৮ অক্টোবৰত নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত ফুলগুৰি ধেৱা হিচাপে প্ৰখ্যাত ঐতিহাসিক কৃষক বিদ্ৰোহ সংঘটিত হৈছিল।
১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটত মাটিৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়তে কৃষকসকলৰ ওপৰত গুলিচালনা কৰে কিন্তু ব্ৰিটিছ শাসকে।
১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত গুজৰাটৰ দাণ্ডি চহৰলৈ লোণ আইন ভংগ কৰিবলৈ যোৱা ঐতিহাসিক দাণ্ডি যাত্ৰাত অসমৰ পৰা লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল।
মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে ১৯২১ চনত অসমলৈ আহিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তেওঁক অসহযোগ আন্দোলনৰ সন্দৰ্ভত বক্তৃতা দিবলৈ আমন্ত্ৰণ জনাইছিল।
পঢ়িবলৈ ক্লিক কৰক
স্বাধীনতা আৰু গণৰাজ্য দিৱসৰ মাজত পাৰ্থক্য