শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কিয় টিম ইণ্ডিয়াৰ আকাশ দীপে তেওঁৰ নতুন ফৰ্চুনাৰখন চলাব নোৱাৰে ? বিপদত ডিলাৰ…

এখন গাড়ী ক্ৰয় কৰিছে ক্ৰিকেটাৰ আকাশ দীপে। কিন্তু আচৰিত কথাটো সেই গাড়ীখন তেওঁ চলাব নোৱাৰে ! এক কথাত ৰাস্তালৈ উলিয়াই নিব নোৱাৰে গাড়ীখন। সকলোৰে মনত এটাই প্ৰশ্ন ইয়াৰ কাৰণ কি ?

কিয় টিম ইণ্ডিয়াৰ আকাশ দীপে তেওঁৰ নতুন ফৰ্চুনাৰখন চলাব নোৱাৰে ? বিপদত ডিলাৰ…
ক্ৰিকেটাৰ আকাশ দীপৰ নতুন গাড়ী
manas-borah
Manas Borah | Updated On: 13 Aug 2025 14:22 PM

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শন আকৰ্ষণীয়। পিছে ষ্টেট দলত তেওঁ নিয়মীয়াকৈ সুযোগ পোৱা নাছিল। কিন্তু শেহতীয়াকৈ ইংলেণ্ড ভ্ৰমণে আকাশ দীপক পুনৰ সুযোগ প্ৰদান কৰিলে। সীমিত সুযোগত আকৰ্ষণীয় বলিং প্ৰদৰ্শন। ক্ৰিকেটৰ সমান্তৰালভাৱে ব্যক্তিগত জীৱনত বেয়া সময় পাৰ কৰিছে আকাশ দীপে।

নিজৰ জীৱনটোক সুন্দৰকৈ উদযাপন কৰাৰ আশা সকলোৱে থাকে। তাৰ ব্যতিক্ৰম নহয় আকাশ। ক্ৰিকেট কেৰিয়াৰ উন্নত কৰাৰ সমান্তৰালকৈ নিজৰ ব্যক্তিগত জীৱনকো সুন্দৰকৈ আগুৱাই নিব বিচাৰে আকাশে। এখন গাড়ী ক্ৰয় কৰিছে ক্ৰিকেটাৰ আকাশ দীপে। কিন্তু আচৰিত কথাটো সেই গাড়ীখন তেওঁ চলাব নোৱাৰে ! এক কথাত ৰাস্তালৈ উলিয়াই নিব নোৱাৰে গাড়ীখন। সকলোৰে মনত এটাই প্ৰশ্ন ইয়াৰ কাৰণ কি ?

ইংলেণ্ড ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত ভাৰতীয় দলৰ পেচাৰ আকাশ দীপে ক্ৰয় কৰিছিল এখন ফৰ্চুনাৰ বাহন। কিন্তু সমস্যাটো আন ঠাইত। আকাশ দীপে এই গাড়ীখন লক্ষ্ণৌত কিনিছিল। কিন্তু ইয়াৰ পঞ্জীয়ন এতিয়াও সম্পূৰ্ণ হোৱা নাই। লগতে এতিয়ালৈকে লাভ কৰা নাই হাই চিকিউৰিটি নম্বৰ প্লেট। মটৰ ভেহিক’ল নিয়ম অনুসৰি, পঞ্জীয়ন আৰু হাই চিকিউৰিটিৰ নম্বৰ প্লেট অবিহনে গাড়ী চলাব নোৱাৰিব। যাৰ বাবে ভাৰতীয় ক্ৰিকেটাৰজন বিপদত পৰিছে। গাড়ী কিনাৰ পাছতো তেওঁ চলাব পৰা নাই ।

কেৱল আকাশ দীপেই বিপদত পৰা নাই। গাড়ী বিক্ৰী কৰা ডিলাৰো পৰিছে বিপদত । কাৰণ, নিয়ম অনুসৰি পঞ্জীয়ন আৰু হাই চিকিউৰিটিৰ নম্বৰ প্লেট অবিহনে গাড়ী বিক্ৰী কৰিব নোৱাৰিব। ফলত পৰিবহণ বিভাগে শ্ব’ৰুমৰ বিৰুদ্ধে বিপুল পৰিমাণৰ জৰিমনা বিহিছে। কেৱল সেয়াই নহয়, ডিলাৰশ্বিপত এমাহৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে পৰিবহন বিভাগে।