শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Subroto Cup: সুব্ৰত কাপৰ পুনৰ অংশীদাৰ TV9 Network, উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলে পাব জাৰ্মানীত প্ৰশিক্ষণ সুযোগ

Indian Sports News: দিল্লী এন চি আৰ আৰু বেংগালুৰুত অনুষ্ঠিত হ’ব এই খেল। প্ৰতিযোগিতাখনৰ শেষত শ্ৰেষ্ঠ ফুটবলাৰৰ সৈতে ট্ৰাইল অনুষ্ঠিত হ’ব। তাৰ পৰা নিৰ্বাচিত ফুটবলাৰসকলক TV9 Networkৰ ইণ্ডিয়ান টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেৰ পদক্ষেপৰ অধীনত জাৰ্মানীৰ একাডেমীত প্ৰশিক্ষণ লোৱাৰ সুযোগ দিয়া হ’ব।

Subroto Cup: সুব্ৰত কাপৰ পুনৰ অংশীদাৰ TV9 Network, উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলে পাব জাৰ্মানীত প্ৰশিক্ষণ সুযোগ
সুব্ৰত কাপৰ পুনৰ অংশীদাৰ TV9 NetworkImage Credit source: Special arrangements
barasha-misra
Barasha Misra | Updated On: 13 Aug 2025 20:36 PM

ভাৰতীয় ফুটবলৰ এখন গুৰুত্বপূৰ্ণ টুৰ্ণামেন্ট হৈছে সুব্ৰত কাপ। জুনিয়ৰ আৰু চাব জুনিয়ৰ পৰ্যায়ৰ এখন প্ৰতিযোগিতা। ইয়াৰ পৰাই ভৱিষ্যতৰ বাবে ভাল খেলুৱৈ ওলাই আহে। যোৱা বছৰৰ দৰে TV9 Network এ এইবাৰো সুব্ৰত কাপৰ সৈতে জড়িত। এই খেলত খেলা যুৱ ফুটবলাৰসকলে আৰু ডাঙৰ সুযোগ লাভ কৰিব। যদি তেওঁলোকে সুব্ৰত কাপত ভাল প্ৰদৰ্শন কৰিব পাৰে তেন্তে TV9 Networkৰ এটা ডাঙৰ পদক্ষেপ ইণ্ডিয়ান টাইগাৰ্ছ আৰু টাইগ্ৰেছৰ সৌজন্যত জাৰ্মানীত প্ৰশিক্ষণৰ সুযোগ লাভ কৰিব পাৰিব। সবিশেষ জানি লওক।

সুব্ৰত কাপ এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। নেপাল, শ্ৰীলংকাৰ দৰে দেশৰ দলেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ১৭ বছৰ অনুৰ্ধৰ ল’ৰা, ১৭ বছৰ অনুৰ্ধ ছোৱালী আৰু ১৫ বছৰ অনুৰ্ধ ল’ৰাৰ মাজত এই প্ৰতিযোগিতাখন ১৯ আগষ্টৰ পৰা আৰম্ভ হ’ব। ফাইনেল ২৫ ছেপ্টেম্বৰত হ’ব। মুঠত সুব্ৰত কাপত ২০০ৰো অধিক মেচ অনুষ্ঠিত হ’ব। দিল্লী এনচিআৰ আৰু বেংগালুৰুত অনুষ্ঠিত হ’ব এই মেচ। প্ৰতিযোগিতাখনৰ পাছতে শ্ৰেষ্ঠ ফুটবলাৰৰ সৈতে ট্ৰায়েল অনুষ্ঠিত হ’ব। তাৰ পৰা নিৰ্বাচিত ফুটবলাৰসকলক টিভি নাইন নেটৱৰ্কৰ ইণ্ডিয়ান টাইগাৰছ এণ্ড টাইগ্ৰেছৰ পদক্ষেপৰ অধীনত জাৰ্মানীৰ একাডেমীত প্ৰশিক্ষণ লোৱাৰ সুযোগ দিয়া হ’ব।

নতুন দিল্লীত সুব্ৰত কাপ আৰু টিভি নাইন নেটৱৰ্কৰ এছ’চিয়েশ্যনক উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত ৰাষ্ট্ৰীয় দলৰ ফুটবলাৰ ডালিমা চিবাৰ, এয়াৰ মাৰ্শ্বাল, এয়াৰ অফিচাৰ ইন চাৰ্জ এডমিনিষ্ট্ৰেচন আৰু সুব্ৰত মুখাৰ্জী স্প’ৰ্টছ এণ্ড এডুকেচন ছ’চাইটিৰ ভাইচ চেয়াৰমেন এছ শিৱকুমাৰ উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি তেওঁ কয়, “ভাৰতীয় বায়ুসেনা আৰু এছএমএছইএছে এই প্ৰতিযোগিতাখন সফল কৰিবলৈ সদায় আগ্ৰহী। প্ৰতি বছৰে লক্ষ্য হৈছে পূৰ্বৰ প্ৰতিযোগিতাখনতকৈ ভাল প্ৰদৰ্শন কৰা। লক্ষ্য হৈছে যুৱ ফুটবলাৰসকলক তেওঁলোকৰ কেৰিয়াৰত আগবাঢ়ি যোৱাত সহায় কৰা।”

প্ৰতিযোগিতাখনৰ পুৰস্কাৰৰ ধনো ঘোষণা কৰা হৈছে। মুঠ ৩৫ লাখ ৬০ হাজাৰ টকা নগদ পুৰস্কাৰ হিচাপে ঘোষণা কৰা হৈছে। ২০১১ চনত সুব্ৰত কাপত খেলা ডালিমা চিবৰে বৰ্তমান ৰাষ্ট্ৰীয় দলৰ অন্যতম আশা। ডিফেণ্ডাৰগৰাকীয়ে কয়, ‘আমি ভাৰতীয় ফুটবলৰ সোণালী ভৱিষ্যতৰ দিশে আগবাঢ়িছো। শেহতীয়াকৈ আমাৰ ২০ বছৰ অনুৰ্ধ মহিলা দলে এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ২০ বছৰৰ ব্যৱধানৰ পিছত এই সফলতা আহিছে।’ ভাৰতীয় ফুটবলৰ কেইবাজনো কিংবদন্তি এই প্ৰতিযোগিতাত বিগত সময়ত খেলিছে, যেনে ভাইচুং ভুটিয়া, শ্যাম থাপা, প্ৰশান্ত বেনাৰ্জী, ৰবীন সিং।