Today’s horoscope: কেনে যাব আপোনাৰ দিন? চাওক শুকুৰবাৰৰ ৰাশিফল…
Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা আছে।

আজি ১৫ আগষ্ট, ২০২৫। আজিৰ দিনটোৰ ৰাশিফল তলত উল্লেখ কৰা হল-
মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে বিৰক্তিদায়ক হ’ব। খৰচৰ ওপৰত চিন্তা বৃদ্ধি। বিপৰীত স্থিতিত ধৈৰ্য ধৰি থাকিব। ব্যক্তিগত জীৱনৰ সমস্যা সমাধান কৰা দৰকাৰ। ঘৰলৈ আলহীৰ আগমন হ’ব পাৰে। কোনোৱে আপোনাৰ ওপৰত ভুল দোষ জাপি দিব পাৰে। ব্যৱসায়ত মন দিব। স্বাস্থ্য ভাল।
বৃষ ৰাশিঃ আজিৰ দিনটো কাম-কাজত গুৰুত্ব দিব লাগিব। বৈবাহিক জীৱন সুখকৰ হ’ব। পুৰণি সমস্যা আহিব পাৰে। শত্ৰুয়ে কোনো ষড়যন্ত্ৰ কৰিব পাৰে। মন অশান্তি থাকিব। কোনো কাৰণ নোহোৱাকৈ গালি শুনিব লাগিব পাৰে। সকলো ক্ষেত্ৰত ধৈৰ্য ধৰি থকা ভাল। কলা-কৌশলত ভাল ফল পাব। স্বাস্থ্য ভাল।
মিথুন ৰাশিঃ আৰ্থিক দিশৰ পৰা আজি আপোনাৰ দিনটো ভাল। ব্যৱসায়ত কোনো লাভ হ’ব পাৰে। ধন লাভৰ সম্ভাৱনা আছে। ধন ধাৰলৈ নিদিব। সম্পত্তিক লৈ কোনো ডীল হ’ব পাৰে। পৰিয়ালৰ সদস্যৰ বৈবাহিক বাধা দূৰ হ’ব। কথা কওতে সাৱধান হ’ব। হ’বলৈ উঠা কামত সমস্যা আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।
কৰ্কট ৰাশিঃ আজি আপোনাৰ দিনটোত সুখ-সুবিধা বৃদ্ধি পাব। পৰিয়ালৰ সদস্যৰ সৈতে ভাল সময় কটাব। সন্তানক লৈ মনত কোনো কথাই সন্দেহৰ সৃষ্টি কৰিব পাৰে। সংগীৰ সৈতে কাজিয়া হ’ব পাৰে। আনৰ সহায় কৰিব পাৰে। ব্যৱসায়ত ভাল। চাকৰিয়ালসকলৰ বাবে দিনটো ভাল। স্বাস্থ্যত গুৰুত্ব দিব।
সিংহ ৰাশিঃ নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো ভাল।পৰিয়ালৰ কোনো কথাই চিন্তিত কৰিব পাৰে। নতুন চাকৰিৰ যোগ আছে। কোনো কামত সফলতা লাভ কৰিব। সংগীৰ কৰ্মক্ষেত্ৰত উন্নতি হ’ব। ধৰ্মীয় যাত্ৰাত যাব পাৰে। আৰ্থিক দিশত পৰিকল্পনা তৈয়াৰ কৰা প্ৰয়োজন। স্বাস্থ্য ভাল।
কন্যা ৰাশিঃ ব্যৱসায়িক দিশত আজি দিনটো ভাল। কাৰোবাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। ধৈৰ্য ধৰি চলিব। হাতলৈ বহু কাম আহিব পাৰে। বিপৰীত স্থিতিত ধৈৰ্য ধৰি থাকিব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ লাভ কৰিব পাৰে। স্বাস্থ্য ভাল।
তুলা ৰাশিঃ আজি আপোনাৰ দিনটো প্ৰত্যাহ্বানমূলক হ’ব। পৰিশ্ৰমৰ ফলত কোনো ভাল ফল লাভ কৰিব। নতুন সমস্যাৰ সৃষ্টি হ’ব। বন্ধুৰ সহায় লাভ কৰিব। অচিনাকীৰ পৰা পৰামৰ্শ গ্ৰহণৰ পৰা আঁতৰি থাকক। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। মাতৃৰ স্বাস্থ্য বেয়া হ’ব পাৰে।
বৃশ্চিক ৰাশিঃ আজিৰ দিনটোত আপোনাৰ সুখ-শান্তি বৃদ্ধি হ’ব। ব্যক্তিগত বিষয়ত গুৰুত্ব দিব। জ্যেষ্ঠজনৰ কোনো কথাই অশান্তি দিব পাৰে। নতুন চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। পৰিয়ালৰ দায়িত্ব পূৰণ কৰিব। ব্যৱসায়ত টকা খৰচ হ’ব। কোনো সাংস্কৃতিক কামত অংশ লব পাৰে। স্বাস্থ্য ভাল।
ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। বিশেষ ব্যক্তিক লগ পাব পাৰে। পৰিয়ালৰ সৈতে সময় কটাব। সৰু ভ্ৰমণলৈ যাব পাৰে। কৰ্মক্ষেত্ৰত শত্ৰুই সমস্যা সৃষ্টিৰ চেষ্টা কৰিব। সিদ্ধান্ত লোৱাৰ ক্ষমতা ভাল হ’ব। খৰখেদাকৈ কাম নকৰিব। আলহী আহিব পাৰে। স্বাস্থ্য ভাল।
মকৰ ৰাশিঃ আজি আপোনাৰ দিনটো ভাল বেয়াৰ মাজেৰে যাব। বন্ধুৰ সৈতে ভাল সময় কটাব। নতুন বাহন ক্ৰয় কৰিব পাৰেয ৰাজনীতিৰ লগত জড়িতসকলে কোনো ভাল খবৰ পাব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। শিক্ষাৰ্থীসকলৰ বৌদ্ধিক আৰু মানসিক বিকাশ হ’ব। স্বাস্থ্য ভাল।
কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে যাব। সতীৰ্থৰ সৈতে সময় কটাব। আৰ্থিক দিশত সাৱধান হ’ব। কামত গুৰুত্ব দিব। অন্যথা সমস্যা বৃদ্ধি হ’ব পাৰে। ভাই-ভগ্নীৰ সৈতে সম্পৰ্ক ভাল হ’ব।বিশিষ্ট ব্যক্তিৰ সহায় লাভ কৰিব। ভ্ৰমণৰ যোগ আছে। স্বাস্থ্যত গুৰুত্ব দিব।
মীন ৰাশিঃ অন্য দিনৰ তুলনাত আজিৰ দিনটো ভাল হ’ব। কাম-কাজত প্ৰশংসা লাভ কৰিব। সংগীৰ সৈতে ভাল সময় কটাব। কেৰিয়াৰক লৈ কিবা আলোচনা হ’ব পাৰে। চাকৰিয়ালসকলে কামত গুৰুত্ব দিয়া প্ৰয়োজন। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। স্বাস্থ্যত গুৰুত্ব দিব।