ঢাকাপট্টিৰ পৰা বৰ্ষাপাৰালৈ… আজিৰ দিনটোত চৰ্চাত আছে এইকেইটা খবৰ, চকু ফুৰাওক পলকতে
অজাপ নেতৃত্বৰ ৰাহুল গান্ধীক সাক্ষাতৰ পৰা মহিলা বিশ্বকাপৰ সূচীলৈ, আজি বহুকেইটা খবৰে লাভ কৰিছে যথেষ্ট চৰ্চা। পলকতে চাওঁ আহক আজি দিনটোৰ কেইটামান চৰ্চিত খবৰ।

আজিৰ চৰ্চিত খবৰImage Credit source: PTI
নগাঁৱ জিলাৰ ঢাকাপট্টিৰ নাম সলনিক কেন্দ্ৰ কৰি শেহতীয়াকৈ যথেষ্ট চৰ্চা চলিছিল। আজি অৱশেষত অঞ্চলটোক ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে নামকৰণ কৰা হয়। এই খবৰে আজি যথেষ্ট চৰ্চা লাভ কৰিছে। সমান্তৰালৈ আন বহুকেইটা খবৰে আজি বহুকেইটা খবৰে সংবাদ শিৰোনাম দখল কৰিছে। অজাপ নেতৃত্বৰ ৰাহুল গান্ধীক সাক্ষাতৰ পৰা মহিলা বিশ্বকাপৰ সূচীলৈ লাভ কৰিছে যথেষ্ট চৰ্চা। পলকতে চাওঁ আহক আজি দিনটোৰ কেইটামান চৰ্চিত খবৰ-
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে সলনি কৰা হৈছে নগাঁৱৰ ঢাকাপট্টিৰ নাম। ঢাকাপট্টিৰ নতুন নাম ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেৰে নামকৰণ কৰা হৈছে। এতিয়াৰ পৰা এই স্থানক ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে জনা যাব। আজি নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই বিষয়ে ঘোষণা কৰে।
- অসম জাতীয় পৰিষদৰ এক প্ৰতিনিধ দলে আজি নতুন দিল্লীত সাক্ষাৎ কৰে বিৰোধী দলপতি ৰাহুল গান্ধীক। অজাপৰ প্ৰতিনিধি দলটোৱে অসম চুক্তি ৰূপায়ন, বিদেশী বহিষ্কৰণ, অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ ওপৰত ৰাহুল গান্ধীৰ সৈতে আলোচনা কৰে। বিদেশী বহিস্কৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে প্ৰতাৰণা কৰা বুলি অজাপে পুনৰ অভিযোগ কৰে আৰু এই বিষয়ে সংসদত উত্থাপন কৰাৰ বাবে ৰাহুল গান্ধীক আহ্বান জনায়।
- দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত আজি অনুষ্ঠিত হোৱা দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। গোৱা আৰক্ষীত নৱনিযুক্ত ৭০০ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সমাৰোহৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্রমোদ সাৱন্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে।
- অহা ৮ ছেপ্টেম্বৰত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নুমলীগড়ত দেশৰ প্ৰথমটো বায়’-ইথানল প্লাণ্ট উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ বাবে প্ৰস্তুতি সন্দৰ্ভত আজি এক পৰ্যালোচনা বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বৈঠকত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলো উপস্থিত থাকে। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত ঐতিহাসিক আৰু বৃহৎ সফলতা সুনিশ্চিত কৰিবলৈ কোনো ধৰণৰ চেষ্টাৰ ত্ৰুটি কৰা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
- অসমত নতুনকৈ গঠন কৰা হৈছে ১০খন সম-জিলা। নতুনকৈ এই ১০ খন সম–জিলা গঠনৰ ফলত ৰাজ্যত এনে প্ৰশাসনিক ব্লকৰ মুঠ সংখ্যা ৪৯টা হৈছে বুলি মুখ্যমন্ত্ৰী কাৰ্যালয়ে কয়। এই দখন সম–জিলাৰে ৮খন আজি উদ্বোধন কৰাৰ বিপৰীতে কাইলৈ আন দুখন সম–জিলা উদ্বোধন কৰা হ’ব। নতুনকৈ গঠিত এই ১০ খন সম–জিলা হৈছে কামৰূপ জিলাৰ বকো-ছয়গাঁও আৰু পলাশবাৰী, শোণিতপুৰৰ বৰছলা আৰু ৰঙাপাৰা, যোৰহাটৰ মৰিয়নী আৰু টীয়ক, তিনিচুকীয়াৰ মাকুম আৰু ডিগবৈ, কাছাৰত ঢোলাই আৰু গোৱালপাৰাৰ দুধনৈ।
- লোকসভাত গৃহীত হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়ক। যোৱা ২৩ জুলাইত কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডব্যই এই বিধেয়কখন লোকসভাত উত্থাপন কৰিছিল। এতিয়া ৰাজ্যসভাতো বিধেয়কখন গৃহীত হোৱাৰ পাছত এতিয়া দেশৰ সকলো ক্ৰীড়া সংস্থা এই বিধেয়কৰ পৰিসৰৰ অধীনলৈ আহিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ দৰে স্বতন্ত্ৰ সংস্থাসমূহো এতিয়া এই নতুন ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়কৰ অধীনত আহিব।
- বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই চুবুৰীয়া দেশখনৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিছে ভাৰতৰ। এনে পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে বাংলাদেশৰ পৰা স্থলপথেৰে আমদানি কৰা মৰাপাটৰ দ্বাৰা তৈয়াৰী কিছুমান সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ৰ অধিসূচনা অনুসৰি অৱশ্যে কেৱল স্থলপথেৰে এই সামগ্ৰী আমদানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নভা শ্বেভা বন্দৰৰ জৰিয়তে এই সামগ্ৰীসমূহ এতিয়াও আমদানি কৰিব পৰা যাব।
- ভাৰতীয় টেষ্ট দলৰ অধিনায়ক হিচাপে দায়িত্ব লাভ কৰিয়েই ইংলেণ্ডত দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছিল শুভমন গিলে। পাঁচখনীয়া মেচৰ শৃংখলাটোত গিলে চাৰিটা শতকৰে ৭২২ ৰান সংগ্ৰ কৰিছিল। এই প্ৰদৰ্শনৰ সুবাদত গিল আইচিচি প্লেয়াৰ অৱ দ্য মন্থ হিচাপে বিবেচিত হৈছে। এইক্ষেত্ৰত তেওঁ ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছ আৰু দক্ষিণ আফ্ৰিকাৰ অল-ৰাউণ্ডাৰ উইয়ান মুল্ডাৰক অতিক্ৰম কৰে।
- ICC- এ প্ৰকাশ কৰিলে মহিলা বিশ্বকাপৰ সূচী। প্ৰকাশিত সূচী অনুসৰি আগন্তুক এই মহিলা বিশ্বকাপৰ চাৰিখন মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। সূচী অনুসৰি ৮ অক্টোবৰত ইংলেণ্ড বনাম বাংলাদেশৰ মেচ অনুষ্ঠিত হ’ব বৰ্ষাপাৰাত। ইয়াৰ পিছত ১২ অক্টোবৰত ইংলেণ্ড বনাম শ্ৰীলংকা, ২৪ অক্টোবৰত ভাৰত বনাম নিউজিলেণ্ড আৰু ২৭ অক্টোবৰত ইংলেণ্ড বনাম নিউজিলেণ্ডৰ মেচ অনুষ্ঠিত হ’ব। তদুপৰি প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলো গুৱাহাটীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।