শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
শীঘ্ৰে দেশত বলবৎ হ'ব নতুন আয়কৰ বিধেয়ক, কৰ কিমান বৃদ্ধি পাব?

শীঘ্ৰে দেশত বলবৎ হ’ব নতুন আয়কৰ বিধেয়ক, কৰ কিমান বৃদ্ধি পাব?

trishna-kalita
Trishna Kalita | Updated On: 14 Aug 2025 21:24 PM

কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কয় যে এই নতুন বিধেয়কত ভাষাটো সৰল কৰা হৈছে। সাধাৰণ মানুহে সহজে বুজিব পৰাকৈ মাত্ৰ ৬ মাহৰ ভিতৰতে জটিল আয়কৰ আইনখন সংশোধন কৰা হৈছে। পুৰণি আইনখনৰ ৮১৯টা ধাৰাৰ পৰা নতুন বিধেয়কত ৫৩৬টা ধাৰালৈ হ্ৰাস কৰা হৈছে।

৬০ দশকৰো অধিক পুৰণি আয়কৰ আইনক চিৰদিনৰ বাবে বিদায় দি ভাৰতীয় সংসদে নতুন আয়কৰ বিধেয়কখন গৃহীত কৰে। যদিও ১৯৬১ চনৰ আয়কৰ আইন এতিয়াও বলবৎ হৈ আছে, এই নতুন আয়কৰ বিধেয়ক ২০২৬ চনৰ ১ এপ্ৰিল অৰ্থাৎ অহা বছৰৰ পৰা কাৰ্যকৰী হ’ব। কিন্তু নতুন আয়কৰ বিধেয়কত কি পৰিৱৰ্তন কৰা হৈছে? কৰ বৃদ্ধি হৈছে নেকি? এনে বহু প্ৰশ্ন কৰদাতাৰ মনত উত্থাপন হৈছে।