শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পিছ পৰি ৰ’ল বহু দিগ্বজ! ইংলেণ্ডত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে শুভমন গিললৈ ICC ৰ বিশেষ সন্মান..

ইংলেণ্ডত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত আগবঢ়োৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে শুভমন গিলে লাভ কৰে বিশেষ বঁটা। ইয়াৰ সহায়ত তেওঁ এই বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিচয় লাভ কৰাত সক্ষম হয়।

পিছ পৰি ৰ’ল বহু দিগ্বজ! ইংলেণ্ডত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে শুভমন গিললৈ ICC ৰ বিশেষ সন্মান..
শুভমন গিলImage Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 12 Aug 2025 17:08 PM

ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্ট ছিৰিজত চাৰিটা শতকৰে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে অধিনায়ক শুভমন গিলে। ইংলেণ্ডত কৰা আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে ICC য়ে তেওঁৰ বাবে পুৰস্কাৰ ঘোষণা কৰে। ICC অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শুভমন গিলক আই চি চিৰ জুলাই মাহৰ শ্ৰেষ্ঠ খেলুৱৈ (ICC men’s player of the month) হিচাপে নিৰ্বাচিত কৰে।

ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছ আৰু দক্ষিণ আফ্ৰিকাৰ অল-ৰাউণ্ডাৰ উইয়ান মাল্ডাৰৰ দৰে খেলুৱৈক পিছ পেলাই গিলে এই স্থান লাভ কৰিবলৈ সক্ষম হয়। ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে শুভমন গিলক টেষ্ট ক্ৰিকেটৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছিল। শুভমন গিলৰ অধিনায়কত্বত ভাৰতীয় ক্ৰিকেট দলটোৱে ইংলেণ্ডত পাঁচখন টেষ্ট শৃংখলা খেলে। য’ত খেল ড্ৰ’ হৈছিল।

চতুৰ্থবাৰ এই সন্মান

ইংলেণ্ড ভ্ৰমণৰ সময়ত চাৰিটা শতকৰে সৰ্বাধিক ৭৫৪ ৰান সংগ্ৰহ কৰিছিল গিলে। ইয়াৰ সহায়ত তেওঁ চতুৰ্থবাৰৰ বাবে আইচিচিৰ জুলাই মাহৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিছে। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তেওঁক সন্মান প্ৰদান কৰা হৈছিল। ইয়াৰোপৰি ২০২৩ চনৰ জানুৱাৰী আৰু ছেপ্টেম্বৰ মাহতো তেওঁ এই সন্মান লাভ কৰিছে।

 

সন্মান লাভ কৰাৰ পাছত শুভমনে কয় যে., “জুলাই মাহৰ আইচিচিৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈ মই সুখী। এইবাৰ ই আৰু অধিক বিশেষ। কিয়নো টেষ্ট শৃখংলাৰ অধিনায়ক হিচাপে মই আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান লাভ কৰিছো।  বাৰ্মিংহামত কৰা ডাবল চেঞ্চুৰী নিশ্চিতভাৱে এনেকুৱা এটা উপলব্ধি যি মই সদায় সাঁচি ৰাখিম। ইংলেণ্ড ভ্ৰমণ মোৰ বাবে সদায় বিশেষ হৈ ৰ’ব”।

প্ৰথমজন পুৰুষ খেলুৱৈ

উল্লেখ্য যে, ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্ট শৃংখলাত সৰ্বাধিক ৭৫৪ ৰান সংগ্ৰহ কৰিছিল গিল। ইয়াৰ লগে লগে শুভমন গিল টেষ্ট শৃংখলাত বেটছমেন হিচাপে সৰ্বাধিক ৰান কৰা দ্বিতীয়জন খেলুৱৈ হয়। মাত্ৰ ২০ ৰানৰ বাবে তেওঁ সুনীল গাভাস্কাৰৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে। এই উজ্জ্বল প্ৰদৰ্শনৰ বাবে গিলক ছিৰিজৰ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছিল।

ইয়াৰোপৰি গিলে ৪ বাৰকৈ এই বঁটা লাভ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ। তেওঁৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ এছ গাৰ্ডনাৰ আৰু ৱেষ্ট ইণ্ডিজৰ অধিনায়ক হেলি মেথিউছ একমাত্ৰ মহিলা খেলুৱৈ যিয়ে এই কৃতিত্ব অৰ্জন কৰিছিল।

 

অন্য খবৰ পঢ়কঃ গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্বকাপৰ খেল, ভাৰতে কোনদিনা খেলিব? চাওক সময়সূচী…