শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সুন্দৰৰ ওপৰত ভৰসা, ভাগ্য মুকলি হ’বনে ৰিয়ানৰ! এই দিনটোত অন্ত পৰিব অপেক্ষাৰ…

যদিহে সুন্দৰ সুস্থ হৈ নুঠে, তেতিয়া অসম সন্তান ৰিয়ান পৰাগৰ বাবে বিশ্বকাপৰ দুৱাৰ মুকলি হোৱাটো প্ৰায় নিশ্চিত। ইতিপূৰ্বে ৰিয়ানক যিকোনো সময়তে মেচৰ বাবে প্ৰস্তুত হৈ থাকিবলৈ বিচিচিআইয়ে নিৰ্দেশনা দিয়া বুলি খবৰ পোহৰলৈ আহিছে।

সুন্দৰৰ ওপৰত ভৰসা, ভাগ্য মুকলি হ’বনে ৰিয়ানৰ! এই দিনটোত অন্ত পৰিব অপেক্ষাৰ…
ৰিয়ান পৰাগImage Credit source: Getty Images
Monjit Dutta
Monjit Dutta | Published: 29 Jan 2026 17:53 PM

আগন্তুক টি-২০ বিশ্বকাপ ২০২৬ক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে অনুৰাগীৰ। ইফালে বিশ্বকাপৰ বাবে দল ঘোষণাৰ পিছত আঘাতৰ সমস্যাই চিন্তিত কৰিছে ভাৰতীয় শিবিৰক। মিডল অৰ্ডাৰ বেটাৰ তিলক বাৰ্মা আৰু অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰৰ আঘাতে ভাৰতীয় টীম মেনেজমেণ্টক বিশ্বকাপৰ পৰিকল্পনাত হয়তো সালসলনি কৰাবলৈ বাধ্য কৰিব পাৰে। এতিয়া এই সন্দৰ্ভত এক বিশেষ আপডেট পোহৰলৈ আহিছে। শেহতীয়া খবৰ অনুসৰি, ভাৰতৰ প্ৰথমখন খেলৰ ঠিক ৭২ ঘণ্টা পূৰ্বে দল সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

সুন্দৰৰ ফিটনেছ টেষ্ট

১১ জানুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন এদিনীয়াৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল ৱাশ্বিংটন সুন্দৰ আৰু তেতিয়াৰে পৰা তেওঁ দলৰ বাহিৰত আছে। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, অহা ৪ ফেব্ৰুৱাৰীত বিচিচিআই (BCCI) ৰ ‘চেণ্টাৰ অৱ এক্সেলেন্স’ত সুন্দৰৰ এক গুৰুত্বপূৰ্ণ ফিটনেছ টেষ্ট অনুষ্ঠিত হ’ব পাৰে।

নিৰ্ভৰ কৰিব ৰিয়ানৰ ভাগ্য

ভাৰতীয় দলে ৭ ফেব্ৰুৱাৰীত আমেৰিকাৰ (USA) বিৰুদ্ধে প্ৰথমখন মেচ খেলি বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। ইয়াৰ ৭২ ঘণ্টা পূৰ্বে অৰ্থাৎ ৪ ফেব্ৰুৱাৰীত সুন্দৰৰ ফিটনেছৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। আইচিচিৰ নিয়ম অনুসৰি দল সালসলনিৰ অন্তিম তাৰিখ ৩০ জানুৱাৰী।

অৱশ্যে আঘাতৰ সমস্যা হ’লে টেকনিকেল কমিটিৰ অনুমতি সাপেক্ষে টুৰ্ণামেণ্টৰ মাজতো খেলুৱৈ সলনি কৰিব পাৰি। যদিহে সুন্দৰ টুৰ্ণামেণ্টৰ পৰৱৰ্তী পৰ্যায়লৈকে ফিট হৈ উঠাৰ আশা থাকে, তেতিয়া হয়তো তেওঁক দলত ৰখা হ’ব। অন্যথা, বিকল্প হিচাপে ৰিয়ান পৰাগক বিশ্ব কাপৰ মূল দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

তিলকৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা

ইফালে আঘাতৰ বাবে দলৰ বাহিৰত থকা তিলক বাৰ্মা ৩ ফেব্ৰুৱাৰীত ভাৰতীয় দলৰ সৈতে জড়িত হোৱাৰ কথা আছে। অহা ৩ ফেব্ৰুৱাৰীত মুম্বাইত ভাৰতীয় দলটো একত্ৰিত হ’ব আৰু ৪ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন প্রস্তুতি (Warm-up) মেচত অংশ ল’ব।

প্ৰশিক্ষক আৰু নিৰ্বাচকসকলে বৰ্তমান সুন্দৰৰ মেডিকেল আপডেটলৈ অপেক্ষা কৰিছে। যদিহে সুন্দৰ সুস্থ হৈ নুঠে, তেতিয়া অসম সন্তান ৰিয়ান পৰাগৰ বাবে বিশ্বকাপৰ দুৱাৰ মুকলি হোৱাটো প্ৰায় নিশ্চিত। ইতিপূৰ্বে ৰিয়ানক যিকোনো সময়তে মেচৰ বাবে প্ৰস্তুত হৈ থাকিবলৈ বিচিচিআইয়ে নিৰ্দেশনা দিয়া বুলি খবৰ পোহৰলৈ আহিছে।