
ৰিয়ান পৰাগ
ৰিয়ান পৰাগ দাস (Riyan Parag Das)এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ঘৰুৱা ক্ৰিকেটত অসমৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) ৰাজস্থান ৰয়েলছৰ হৈ খেলে। তেওঁ ২০১৮ চনৰ অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপ জয় কৰা ভাৰতীয় অনুৰ্ধ-১৯ দলৰ অংশ আছিল। ৰিয়ান পৰাগ ভাৰতীয় ক্ৰিকেট দলৰ পোন্ধৰজনীয়া তালিকাত স্থান লাভ কৰা অসম আৰু উত্তৰ-পূবৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ। ৰিয়ানৰ পিতৃ পৰাগ দাস এজন প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ যি অসম, ৰে’লৱে আৰু পূব মণ্ডল ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছে। ৰিয়ানৰ মাতৃ হৈছে মিঠু বৰুৱা। তেওঁ এছিয়ান চেম্পিয়নশ্বিপ আৰু ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা ৫০মিটাৰ ফ্ৰীষ্টাইলৰ ৰাষ্ট্ৰীয় অভিলেখধাৰী এগৰাকী প্ৰাক্তন সাঁতোৰবিদ।
আয়াৰ, কিষাণৰ প্ৰতি কুমলিল হৃদয়! ভাগ্যোদয় নহ’ল ৰিয়ানৰ, চাওক বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত কোন কোন
বিচিচিআইয়ে আজি ঘোষণা কৰিছে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ কেন্দ্ৰীয় চুক্তি। ২০২৪-২৫ বৰ্ষৰ বাবে বিচিচিআইয়ে ঘোষণা কৰা কেন্দ্ৰীয় চুক্তিত দেখা গৈছে কেইবাটাও পৰিৱৰ্তন। মুঠ ৪টা গ্ৰেডৰ এই চুক্তিত স্থান পাইছে কেইবাখনো নতুন মুখে, আনহাতে বাদ পৰিছে কেইবাজনো খেলুৱৈ।
- Monjit Dutta
- Updated on: Apr 21, 2025
- 16:30 pm
এইবাৰ ৰিয়ান পৰাগৰ উইকেটক লৈ বিতৰ্ক! আম্পায়াৰৰ সৈতে লিপ্ত হ’ল কাজিয়াত
গুজৰাটে বান্ধি দিয়া নিৰ্ধাৰিত বৃহৎ লক্ষ্যৰ প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছৰ দুৰ্বল আৰম্ভণিৰ পাছত ৰিয়ান পৰাগে অহাৰ লগে লগে কিছু উৎকৃষ্ট শ্বট খেলা দেখা গৈছিল। তেওঁৰ বিস্ফোৰক ইনিংছটো ডাঙৰ হ’ব পাৰিলেহেঁতেন যদিও ৭ম অভাৰত তেওঁক কেচ আউট দিয়া হয়। পৰ্যালোচনাৰ পিছতো এই সিদ্ধান্তৰ কোনো পৰিৱৰ্তন নহ’ল।
- Trishna Kalita
- Updated on: Apr 10, 2025
- 10:47 am
চলিত IPL ত ৫ জনকৈ খেলুৱৈৰ ওপৰত জৰিমনা আৰোপ, ঘৰলৈ উভতি গ’ল এজন
এতিয়ালৈকে IPL 2025 ত ৫ জন খেলুৱৈক জৰিমনা বিহা হৈছে। জৰিমনা বিহাৰ আঁৰত সকলোৰে নিজস্ব কাৰণ আছে। জৰিমনা বিহা সেই খেলুৱৈসকল কোন জানো আহক...
- Trishna Kalita
- Updated on: Apr 7, 2025
- 14:41 pm
সঞ্জু চেমছন নে ৰিয়ান পৰাগ, কোন হ’ব ৰাজস্থান ৰয়েলছৰ পৰৱৰ্তী IPL মেচৰ অধিনায়ক?
জানুৱাৰী মাহত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ সময়ত আঙুলিত আঘাত পাইছিল সঞ্জু চেমছনৰ । যদিও আইপিএলৰ আৰম্ভণিতে তেওঁক বেটিং কৰিবলৈ দিয়া হৈছিল, তথাপিও তেওঁৰ আঙুলিৰ অৱস্থাৰ বাবে চেণ্টাৰ অৱ এক্সেলেন্সৰ মেডিকেল টীমে তেওঁক উইকেট কিপিং বা ফিল্ডিং কৰাত বাধা আৰোপ কৰিছিল।
- Trishna Kalita
- Updated on: Apr 2, 2025
- 18:02 pm
ঘৰুৱা খেলপথাৰত অধিনায়ক ৰিয়ানৰ চমৎকাৰ! আঘাত পোৱা হাতেৰে খেলিলে মাষ্টাৰষ্ট্ৰ’ক
ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ অধিনায়কত্ব প্ৰথম ৩ খন খেলতেহে লাভ কৰিছিল যদিও তেওঁৰ আৰম্ভণি ভাল নাছিল। প্ৰাৰম্ভিক দুয়োখন মেচতে ৰাজস্থানে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও তৃতীয়খন মেচত নিজৰ প্ৰদৰ্শনেৰে দলৰ জয়ত অধিনায়ক পৰাগে নিজেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
- Trishna Kalita
- Updated on: Mar 31, 2025
- 07:52 am
আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, IPLৰ মেচৰ বাবে যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা
IPL 2025: গুৱাহাটীত IPLৰ উন্মাদনা। আজি গুৱাহাটীত চলিব IPLৰ দ্বিতীয়খন মেচ। বৰ্ষাপাৰাত সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ। তাৰ পূৰ্বে পূৰ্ণগতিত সাজু হৈছে অসম ক্ৰিকেট সন্থাৰ লগতে অসম আৰক্ষীও। আজি গুৱাহাটীত যানবাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নীতি প্ৰযোজ্য হ’ব।
- Barasha Misra
- Updated on: Mar 30, 2025
- 10:47 am
ৰিয়ান পৰাগৰ ভৰি স্পৰ্শ কৰিবলৈ অনুৰাগীক দিয়া হৈছিল নেকি ১০ হাজাৰ টকা? আকাশ চোপ্ৰাই ক’লে এইদৰে…
আইপিএল ২০২৫ৰ ষষ্ঠখন খেলত এজন অনুৰাগীয়ে নিৰাপত্তাৰ বেহু ফালি গুৱাহাটীৰ বৰ্ষাপাৰাৰ খেলপথাৰত প্ৰৱেশ কৰিছিল। অনুৰাগীজনে ৰাজস্থান ৰয়েলছৰ ষ্টেণ্ড-ইন অধিনায়ক ৰিয়ান পৰাগৰ ভৰি স্পৰ্শ কৰা দেখা গৈছিল। কিন্তু এই ঘটনাৰ পিছত ৰিয়ান পৰাগক লৈ উত্থাপন হৈছে ডাঙৰ অভিযোগ। এতিয়া বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আকাশ চোপ্ৰাই।
- Trishna Kalita
- Updated on: Mar 28, 2025
- 13:39 pm
RR vs KKR: মেচৰ মাজতে বৰ্ষাপাৰৰ খেলপথাৰত প্ৰৱেশ অনুৰাগীৰ, স্পৰ্শ কৰিলে ৰিয়ানৰ ভৰি
IPL 2025 :ঘৰুৱা খেলপথাৰত ২৬ মাৰ্চ বুধবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৭ নং মেচত ৰাজস্থান ৰয়েলছৰ হৈ IPL মেচত অৱতীৰ্ণ হয় ৰিয়ান পৰাগ। আৰআৰ বনাম কেকেআৰ খেলৰ সময়ত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ মাজত এজন অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰি ৰিয়ান পৰাগৰ ভৰি চুই যায়। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই মুহূৰ্তৰ ফটো আৰু ভিডিঅ’।
- Trishna Kalita
- Updated on: Mar 27, 2025
- 07:22 am
IPLৰ বাবে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা, কোন কেইটা পথেৰে নিব নোৱাৰিব বাহন?
IPL 2025: আজি ঘৰৰ মাটিত প্ৰথমখন মেচত ঘৰৰ মাটিত প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে। কেপ্তেইন ৰিয়ানৰ প্ৰদৰ্শন চাবলৈ অনুৰাগীৰ মাজত দেখা গৈছে যথেষ্ট উছাহ। ইফালে IPLৰ মেচৰ বাবে যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা। লালগণেশৰ নিৰ্মীয়মাণ উৰণসেতুৰ বাবে বিশেষ পথ নিৰ্দেশনা জাৰি কৰা হৈছে।
- Trishna Kalita
- Updated on: Mar 26, 2025
- 11:33 am
নেপ’টিজমৰ আধাৰত ৰাজস্থানৰ অধিনায়ক হ’ল ৰিয়ান! কোনে তুলিলে এই অভিযোগ?
কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ ১৮ তম সংস্কৰণৰ প্ৰথম তিনিখন মেচৰ বাবে ৰিয়ান পৰাগক অধিনায়ক হিচাপে নিযুক্তি দিয়ে ৰাজস্থান ৰয়েলছে। পিছে ৰিয়ানৰ নিযুক্তিত একাংশ লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। নেপ’টিজমৰ আধাৰতহে ৰিয়ানে ফ্ৰেন্সাইজিটোৰ অধিনায়কৰ দায়িত্ব লাভ কৰা বুলিও অভিযোগ উঠিছে।
- Monjit Dutta
- Updated on: Mar 21, 2025
- 19:22 pm
অধিক ৰোমাঞ্চকৰ হ’ব এইবাৰৰ IPL! থাকিব ৩টা নতুন নিয়ম, দেখা যাব ২ জনকৈ নতুন অধিনায়ক
২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আইপিএল ২০২৫। এইবাৰ আইপিএলত বহু পৰিৱৰ্তন দেখা যাব। একে সময়তে লীগত প্ৰৱেশ ঘটিছে ৩টা নতুন নিয়মৰ। ইয়াৰ উপৰিও ২ জন খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে অধিনায়ক হিচাপে লীগৰ অংশ হ’ব।
- Trishna Kalita
- Updated on: Mar 21, 2025
- 09:13 am
ভাল খবৰ! IPL ২০২৫ত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে
IPLৰ ২০২৫ৰ পৰা অসমলৈ আহিছে এটা ভাল খবৰ। অসম সন্তান ৰিয়ান পৰাগ হ'ব ৰাজস্থান ৰয়েলছৰ অধিনায়ক। দলটোৰ অধিনায়ক সঞ্জু চেমছনৰ অসুস্থতাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।
- Trishna Kalita
- Updated on: Mar 20, 2025
- 12:00 pm
Riyan Parag Birthday: ২৩ বছৰীয়া হ’ল ৰিয়ান পৰাগ, কিদৰে আৰম্ভ হৈছিল ৰিয়ানৰ ক্ৰিকেট কেৰিয়াৰ?
অসম গৌৰৱ ৰিয়ান পৰাগৰ আজি জন্মদিন। ১০ নৱেম্বৰ ২০০১ত জন্ম লাভ কৰা ৰিয়ানৰ ঘৰ গুৱাহাটীত । ক্ৰিকেটাৰ ৰিয়ান সোঁহতীয়া বেটচমেন আৰু লেগ স্পীন বলাৰ । আজি ২৩ বছৰ বয়সত ভৰি দিলে ৰিয়ানে।
- Trishna Kalita
- Updated on: Nov 10, 2024
- 10:07 am
আজি বাংলাদেশৰ বিপক্ষে প্ৰথম টি-২০ঃ মূল একাদশত স্থান পাবনে ৰিয়ানে!
বাংলাদেশৰ বিপক্ষে ভাৰতৰ তিনিখনীয়া মেচৰ টি-২০ শৃংখলা আজিৰ পৰা আৰম্ভ হ’ব। আজি শৃংখলাৰ প্ৰথমখন মেচ গোৱালিয়ৰৰ নিউ মাধৱৰাও সিন্ধিয়া ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইতিমধ্যে বিচিচিআইৰ নিৰ্বাচক সমিতিয়ে এই শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত এই দলটোত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগেও। আজি প্ৰথম মেচত ৰিয়ানে দলৰ মূল একাদশত স্থান লাভ কৰিব বুলি অধীৰ আশাৰে বাট চাইছে ৰাজ্যৰ ক্ৰিকেট প্ৰেমীয়ে।
- Monjit Dutta
- Updated on: Oct 6, 2024
- 11:32 am
India vs Sri Lanka: বলিঙেৰে চমক ৰিয়ানৰ! শ্ৰীলংকাৰ বিৰুদ্ধে ৮টা বলত ৩টা উইকেট দখল
IND VS SL: শ্ৰীলংকাৰ বিৰুদ্ধে জয়েৰে টি-২০ শৃংখলা আৰম্ভ কৰিলে টীম ইণ্ডিয়াই। প্ৰথমে বেটিং কৰি থকা টীম ইণ্ডিয়াই ২১৩ ৰানৰ ডাঙৰ স্ক'ৰ সংগ্ৰহ কৰে। শ্ৰীলংকাই লক্ষ্যটো প্ৰাপ্ত কৰাত ব্যৰ্থ হৈছিল। অধিনায়ক সূৰ্যকুমাৰ যাদৱ টীম ইণ্ডিয়াৰ বিজয়ৰ নায়ক আছিল, যিয়ে ৫৮ ৰান সংগ্ৰহ কৰিছিল। লগতে ৮টা ৫ ৰান দি বলত ৩টা উইকেট লৈ টীম ইণ্ডিয়াক বিজয়ৰ লক্ষ্যত উপনীত কৰাইছিল অসমৰ ৰিয়ান পৰাগে ।
- Trishna Kalita
- Updated on: Jul 28, 2024
- 10:15 am