শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

RCB ৰ বিজয় পেৰেডত পদপিষ্ট হৈ মৃত্যুক সাৱতিলে কেইবাজনে, আহত ২০ জনৰো অধিক…

RCB Victory Parade: আৰ চি বিৰ বিজয় পেৰেডৰ পৰা পোহৰলৈ আহিছে এক ডাঙৰ ঘটনা। লাখ লাখ মানুহৰ ভিৰত প্ৰাণ হেৰুৱাই ৮ জনকৈ লোকে। মৃত্যুৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে।

RCB ৰ বিজয় পেৰেডত পদপিষ্ট হৈ মৃত্যুক সাৱতিলে কেইবাজনে, আহত ২০ জনৰো অধিক…
ভিৰImage Credit source: X
barasha-sarma
Barasha Sarma | Updated On: 04 Jun 2025 18:13 PM

আই পি এল (IPL)ত  আৰ চি বিৰ জয় উপভোগ কৰিব গৈ মৃত্যুক সাৱতিলে কেইবাজনে। সুদীৰ্ঘ ১৭ বছৰৰ অন্তত ২০২৫ চনৰ আই পি এলৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)। তাৰ পাছতে আজি দলটোক বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত সম্বৰ্ধনা জনোৱাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। । কিন্তু এই সময়তে সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। চিন্নাস্বামী ষ্টেডিয়ামৰ ওচৰত হোৱা ভিৰৰ সময়ত পদপিষ্ট হৈ ৮ জনকৈ লোকৰ মৃত্যু হয় আৰু আহত হয় ২০ জনৰো অধিক। তথ্য মতে, ইয়াৰে ১০ জনৰ অৱস্থা অতি গুৰুতৰ। মৃত লোকসকলৰ ভিতৰত মহিলাও আছে। মৃতকৰ সংখ্যা পৰৱৰ্তী সময়ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

 

খবৰ অনুসৰি, চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত আৰচিবিৰ বিজয় পেৰেড অনুষ্ঠিত হোৱাৰ কথা আছিল। ইয়াকে লৈ লাখ লাখ লোক উপস্থিত আছিল অঞ্চলটোত। কিন্তু পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰে যে জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয়। ইয়াৰ পাছতে অঞ্চলটোৰ পৰিস্থিতি আৰু অধিক ভয়াবহ হৈ পৰে। সন্ধিয়া ৫ বজাৰ পৰা বিজয় পেৰেড হোৱাৰ কথা আছিল যদিও সেয়া অনুষ্ঠিত কৰিব নোৱাৰিলে। তাৰ মাজতে এতিয়া বহু লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে।

ঘটনাৰ পাছতে অঞ্চলটোত জৰুৰীকালীন সেৱাৰ লোকসকল উপস্থিত হৈ আহতসকলক হাস্পাতালত ভৰ্তি কৰে। ইয়াৰ বিপৰীতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে চেষ্টা চলাই আছে।  জানিব পৰা মতে, আৰক্ষীয়ে লাঠিচালনা কৰাৰ সময়ত বৰষুণো হৈ আছিল। যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যায়।

এই ঘটনাৰ পাছতে আৰ চি বিৰ বিজয় উৎসৱ শোকলৈ ৰূপান্তৰিত হয়। এই ঘটনাৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে যে,ইমান সংখ্যক ভিৰৰ কাৰণ কি? কোনো ভিৰখিনিক লাঠিচালনা কৰাৰ নিৰ্দেশ দিছিল? ইয়াৰ বাবে জগৰীয়া কোন?

উল্লেখ কৰা প্ৰয়োজন যে, আৰ চি বি জয়ৰ বাবে অনুৰাগীসকল যথেষ্ঠ সুখী আছিল। ৩ জুনত অনুষ্ঠিত হোৱা আই পি এলৰ ফাইনেলত আৰ চি বিয়ে পঞ্জাৱ কিংছক পৰাস্তা কৰিছিল।  ইয়াৰ বাবে লাখ লাখ অনুৰাগীয়ে বিশেষকৈ কোহলিক চাবলৈ সেই স্থানত উপস্থিত হৈছে। এই সমগ্ৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে লগতে কৰ্ণাটক চৰকাৰ তথা প্ৰশাসনৰ নিৰাপত্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ IPL ত দলৰ পৰাজয়, তাৰ পাছতো এইজন খেলুৈৱৰ ওপৰত টকাৰ বৰষুণ! অকলে কিমান টকা লাভ কৰিলে, জানক…