শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IPL ত দলৰ পৰাজয়, তাৰ পাছতো এইজন খেলুৈৱৰ ওপৰত টকাৰ বৰষুণ! অকলে কিমান টকা লাভ কৰিলে, জানক…

IPL 2025: অৱশেষত আই পি এলৰ ট্ৰফী হাতত ল'বলৈ সক্ষম হ'ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। ২০২৫ ৰ আই পি এলত আৰ চি বিয়ে পঞ্জাৱ কিংছক হৰুৱাই বিজয়ৰ খিতাপ পিন্ধে।

barasha-sarma
Barasha Sarma | Published: 04 Jun 2025 15:52 PM
১৮ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্তত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে আই পি এলৰ বিজয়ৰ খিতাপ পিন্ধিবলৈ সক্ষম হয়। পঞ্জাৱ কিংছক হৰুৱাই জয়লাভ কৰে দলটোয়ে। এই খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।

1 / 5
আই পি এলৰ খিতাপ লাভ কৰাৰ পাছত RCB য়ে ট্ৰফীৰ লগতে ২০ কোটি টকাৰ পুৰস্কাৰ লাভ কৰে। ইয়াৰ বিপৰীতে ৰাণাৰ্ছ আপ পঞ্জাৱ কিংছে ১২.৫ কোটি, তৃতীয় স্থানত থকা মুম্বাই ইণ্ডিয়ানছে ৭ কোটি আৰু চতুৰ্থ স্থানত থকা গুজৰাট টাইটানছে লাভ কৰে ৬.৫ কোটি।

2 / 5
ফাইনেলত আৰ চি বিয়ে পঞ্জাৱ কিংছক ৬ ৰান পৰাজয় কৰে।  আৰ চি বিৰ লগতে এইবাৰ আই পি এলত আন এজন খেলুৱৈৰ ভাগ্য উদয় হয়। এই খেলুৱৈজন ছাই সুদৰ্শন।  এই খেলুৱৈজনে আই পি এল ২০২৫ ছিজনত গুজৰাট টাইটানছৰ হৈ খেলিছিল।

3 / 5
ছাই সুদৰ্শনৰ ধাৰাবাহিকতা, ক্লাছিক শ্বট তথা খেলাৰ ভংগীয়ে তেওঁক দলৰ এজন নিৰ্ভৰযোগ্য বেটছমেন কৰি তুলিছিল। এখন মেচত তেওঁ মাত্ৰ ৪৭টা বলত শতক অৰ্জন কৰিছে। ছিজনত সৰ্বাধিক ৭৫৯ ৰান সংগ্ৰহ কৰা গুজৰাটৰ ছাই সুদৰ্শনক অৰেঞ্জ কেপ প্ৰদান কৰা হয়।

4 / 5
২০২৫ চনৰ আই পি এলত মুঠ ৪টা পুৰস্কাৰ লাভ কৰিছে ছাই সুদৰ্শনে।অৰেঞ্জ কেপৰ উপৰিও তেওঁক আলটিমেট ফেণ্টাচি প্লেয়াৰ অৱ দ্য ছিজন, ইমাৰ্জিং প্লেয়াৰ অৱ দ্য ছিজন আৰু মষ্ট বাউণ্ডেৰীজ (চাৰি) ৰ খিতাপ লাভ কৰিছে। এই প্ৰতিটো পুৰস্কাৰৰ বাবে ১০ লাখকৈ মুঠ ৪০ লাখ টকা লাভ কৰিছে।

5 / 5