শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

GST on IPL ticket: IPL ৰ খেল উপভোগ কৰিবলৈ অধিক টকা ভৰিব লাগিব আপুনি! ৪০% লৈ GST বৃদ্ধি…

GST on IPL ticket: আপুনি আই পি এলৰ খেল উপভোগ কৰি ভাল পাই নেকি? যদি ভাল পাই তেন্তে আছে এক বেয়া খবৰ। কিয়নো এতিয়াৰ বাবে আপুনি আই পি এলৰ খেলৰ বাবে অধিক টকা ভৰিব লাগিব।

GST on IPL ticket: IPL ৰ খেল উপভোগ কৰিবলৈ অধিক টকা ভৰিব লাগিব আপুনি! ৪০% লৈ GST বৃদ্ধি…
আই পি এলImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 05 Sep 2025 12:13 PM

ভাৰতত আই পি এলৰ জনপ্ৰিয়তা অধিক। ইতিমধ্যে আই পি এলৰ ১৮ টা সংস্কৰণ হৈ গৈছে। ২০২৫ চনৰ আই পি এলত আৰ চি বিয়ে জয় লাভ কৰি এক ডাঙৰ অভিলেখ গঢ়িছিল। কিয়নো আই পি এলৰ ক্ষেত্ৰতখনত আৰ চি বিৰ বাবে আছিল এয়া প্ৰথমটো খিতাপ। প্ৰথমবাৰৰ বাবে ২০০৮ চনত আই পি এলৰ মেচ খেলা হৈছিল আৰু তাৰ পাছতেই বিভিন্ন পৰিবৰ্তন হৈ আহিছে। প্ৰথম অৱস্থাত ৮টা দলৰ প্ৰতিযোগিতাখনত এতিয়া মুঠ দলৰ সংখ্যা ১০ টা। ২০২২ চনত আই পি এলত যোগদান কৰিছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু গুজৰাট টাইটানছে।

আপুনিও আই পি এলৰ অনুৰাগী নেকি? যদি হয় তেন্তে আপোনাৰ বাবে আছে এক বেয়া খবৰ। কিয়নো অধিক দামী হ’বলৈ গৈ আছে আই পি এলৰ টিকট। শেহতীয়াকৈ জি এছ টি পৰিষদৰ বৈঠকত আই পি এলৰ টিকট সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি, আই পি এলৰ টিকটত ৪০ শতাংশলৈ জি এছ টি বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে ইয়াৰ ইয়াৰ পৰিমাণ আছিল ২৮ শতাংশ।

গতিকে প্ৰশ্ন হয়, কিমান হ’ব আই পি এল টিকটৰ দাম? ধৰি লওক এখন মেচৰ বাবে আই পি এল টিকটৰ প্ৰাৰম্ভিক মূল্য ১০০০ টকা, তেন্তে এই ক্ষেত্ৰত বৰ্তমানৰ জি এছ টি মিলি ইয়াৰ দাম হ’ব ১২০০ টকা। কিন্তু যদি নতুন জি এছ টি আৰোপ কৰা হয় তেন্তে ইয়াৰ পৰিমাণ হ’ব ১৪০০ টকা। গতিকে অতিৰিক্ত টকা ভৰিব লাগিব আপুনি। এই নতুন নিয়ম ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। এনে অৱস্থাত আগন্তুক সময়ত আই পি এলৰ খেল উপভোগ কৰিবলৈ আপুনি অধিক ধন খৰচ কৰিব লাগিব।

উল্লেখ্য যে, ষ্টেডিয়াম অনুসৰি আই পি এল টিকটৰ মূল্য বেলেগ বেলেগ হয়।প্ৰতিটো ফ্ৰেঞ্চাইজি আৰু ক্ৰিকেট সংস্থাই স্থানীয় ক্ৰিকেট প্ৰেমীসকলক মনত ৰাখি টিকটৰ মূল্য নিৰ্ধাৰণ কৰি ৰাখিবলৈ চেষ্টা কৰে। কিছুমান কম মূল্যৰ টিকটো ৰখা হয়। কিন্তু এতিয়া আৰু কম মূল্যত টিকট পোৱা কঠিন হৈ পৰিব। কিয়নো বৃদ্ধি পালে জি এছ টি।

আই পি এলৰ টিকটত জি এছ টি আৰোপ কৰিলেও ঘৰুৱা মেচত কিছু ৰেহাই পাব বুলি আশা কৰা হৈছে। ইয়াৰোপৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ বাবেও কোনো নিৰ্দিষ্ট জি এছ টি বৃদ্ধি হোৱা নাই। গতিকে অনুমান কৰা হৈছে যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচৰ টিকটৰ মূল্য আই পি এলতকৈ কম হ’ব পাৰে।

 

অন্য খবৰ পঢ়কঃ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা গাখীৰত নাথাকে GST, কিমান সস্তীয়া হ’ব জানক…