শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা গাখীৰত নাথাকে GST, কিমান সস্তীয়া হ’ব জানক…

GST free on milk: শীঘ্ৰেই দেশত দাম কমিব পাৰে গাখীৰৰ। শেহতীয়াকৈ জি এছ টিৰ পৰিষদীয় বৈঠকত চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা গাখীৰত নাথাকে GST, কিমান সস্তীয়া হ’ব জানক…
গাখীৰImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 04 Sep 2025 13:20 PM

জি এছ টি পৰিষদৰ বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও ডাঙৰ সিদ্ধান্ত। গাখীৰৰ ক্ষেত্ৰতো ডাঙৰ সিদ্ধান্ত লয় বৈঠকে। সেই অনুসৰি, আল্ট্ৰা হাই টেম্পাৰেচাৰ গাখীৰক জি এছ টি মুক্ত কৰা হৈছে। অৰ্থাৎ মাদাৰ ডেইৰী আৰু আমুল গাখীৰ দুয়োটা এতিয়াৰ পৰা দেশত জি এছ টিৰ পৰিসৰৰ বাহিৰত থাকিব।

তথ্য অনুসৰি, বৰ্তমান দুয়োটা কোম্পানীৰ গাখীৰৰ ওপৰত ৫% জি এছ টি আছে। গতিকে প্ৰশ্ন হয়, জিএছটি মুক্ত কৰাৰ পাছতে এতিয়া এই দুই কোম্পানীৰ গাখীৰৰ দাম কিমান হ্ৰাস পাব। এতিয়ালৈকে কোম্পানী দুটাৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি অহা নাই যদিও নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰা নতুন জি এছ টিৰ হাৰ কাৰ্যকৰী হ’ব পাৰে। গতিকে তাৰ পাছতে হ্ৰাস পাব পাৰে মূল্য। বিশেষজ্ঞসকলৰ মতে গাখীৰৰ দাম ২ টকাৰ পৰা ৪ টকালৈ হ্ৰাস পাব পাৰে।

চৰকাৰৰ এই ব্যৱস্থাই মধ্যবিত্ত শ্ৰেণীৰ লোকক যথেষ্ঠ সকাহ দিব বুলি আশা কৰা হৈছে।  আমুল আৰু মাদাৰ ডেইৰীৰ দাম কিমান হ্ৰাস পাব পাৰে তলত উল্লেখ কৰা হ’ল-

আমুল গাখীৰৰ বৰ্তমান মূল্য (মে’, ২০২৫ ত কাৰ্যকৰী

  1. আমুল গোল্ড (ফুল ক্ৰীম গাখীৰ) ৰ দাম ৫ শতাংশ জি এছ টিৰ সৈতে প্ৰতিলিটাৰত ৬৯ টকা।

  2. আমুল টাজা ((টন গাখীৰ)ৰ মূল্য জিএছটিৰ সৈতে ৫৭ টকা প্ৰতি লিটাৰত।

  3. আমুল টি স্পেচিয়েলৰ দাম বৰ্তমান ৫ শতাংশ জি এছ টিৰ সৈতে ৬৩ টকা প্ৰতিলিটাৰত

  4. বৰ্তমান আমুল ম’হৰ গাখীৰ ৫% জি এছ টিৰ সৈতে ৭৫ টকাত উপলব্ধ।

  5. আমুল গাই গৰুৰ গাখীৰৰ মূল্য জি এছ টিৰ সৈতে প্ৰতিলিটাৰত ৫৮ টকা।

কৰ মুক্ত হোৱাৰ পাছত কিমান হ’ব পাৰে (২২ ছেপ্টেম্বৰৰ পৰা)

  1. আমুল গোল্ড (ফুল ক্ৰীম গাখীৰ) কৰ মুক্ত হলে ৩.৪৫ টকা কম হৈ ৬৫-৬৬ টকা প্ৰতিলিটাৰত হব পাৰে।
  2. আমুল তাজা (টোন কৰা গাখীৰ) ২.৮৫ টকা হ্ৰাস পাই ৫৪-৫৫ টকা প্ৰতিলিটাৰত হব পাৰে।
  3. আমুল টি স্পেচিয়েল জি এছ টি মুক্ত হলে ৩.১৫ টকা হ্ৰাস পাই ৫৯-৬০ টকা প্ৰতিলিটাৰত হব পাৰে।
  4. আমুল ম’হৰ গাখীৰ কৰ মুক্ত হৈ ৩.৭৫ টকা হ্ৰাস পাই ৭১-৭২ টকা প্ৰতিলিটাৰত হব পাৰে।
  5. ইয়াৰ লগতে আমুল গৰুৰ গাখীৰ কৰ মুক্ত হৈ ২.৯০ টকা হ্ৰাস পাই ৫৬-৫৭ প্ৰতিলিটাৰত হব পাৰে।

মাদাৰ ডেইৰীৰ নতুন মূল্য কিমান হব পাৰে

  1. মাদাৰ ডেইৰী ফুল ক্ৰীম মিল্ক ৩.৪৫ টকা সস্তা হৈ প্ৰতি লিটাৰত ৬৫-৬৬ টকা হোৱাৰ সম্ভাৱনা আছে।
  2. মাদাৰ ডেইৰী টোনড মিল্ক ২.৮৫ টকা সস্তা হৈ প্ৰতি লিটাৰ ৫৫-৫৬ হব পাৰে।
  3. মাদাৰ ডেইৰী বাফেলো মিল্ক ৩.৭ টকা সস্তা হৈ প্ৰতি লিটাৰত ৭০-৭১ টকা হব পাৰে।
  4.  গৰু গাখীৰ ২.৯৫ টকা সস্তা হৈ  প্ৰতি লিটাৰ ৫৬-৫৭ টকা হ’ব পাৰে।
  5. মাদাৰ ডেইৰী ডাবল টন গাখীৰ ২.৫৫ টকা সস্তা হৈ প্ৰতি লিটাৰ ৪৮-৪৯ টকা হ’ব পাৰে।
  6. মাদাৰ ডেইৰী টোকেন গাখীৰ (পাইকাৰী) ২.৭ টকা সস্তা হৈ প্ৰতি লিটাৰত ৫১-৫২ টকা হ’ব পাৰে।

 

অন্য খবৰ পঢ়কঃ Job: স্নাতকৰ বাবে ওলাইছে চাকৰি, নালাগে অভিজ্ঞতা! জানক ক’ত, কেনেকৈ আবেদন কৰিব…