শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰত-পাকিস্তানৰ সামৰিক উত্তেজনাৰ বাবে অনিৰ্দিষ্টকাললৈ স্থগিত আই পি এল…!

ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ বাবে শুকুৰবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হয় সিদ্ধান্ত লোৱা হৈছে । চুবুৰীয়া চহৰ জম্মু আৰু পাঠানকোটত বিমান আক্ৰমণৰ সতৰ্কবাণীৰ পিছত ধৰ্মশালাত বৃহস্পতিবাৰে পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হোৱা খেলখন মাজভাগত বাতিল কৰাৰ হয় ।

ভাৰত-পাকিস্তানৰ সামৰিক উত্তেজনাৰ বাবে অনিৰ্দিষ্টকাললৈ স্থগিত আই পি এল…!
আইপিএল ২০২৫
manas-borah
Manas Borah | Updated On: 10 May 2025 12:12 PM

অনিৰ্দিষ্টকালৰ বাবে পিছুৱাই দিয়া হৈছে আইপিএলৰ মেচসমূহ । ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ বাবে শুকুৰবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হয় সিদ্ধান্ত লোৱা হৈছে । চুবুৰীয়া চহৰ জম্মু আৰু পাঠানকোটত বিমান আক্ৰমণৰ সতৰ্কবাণীৰ পিছত ধৰ্মশালাত বৃহস্পতিবাৰে পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হোৱা খেলখন মাজভাগত বাতিল কৰাৰ হয় । ইয়াৰ পাছতে চলি থকা আইপিএলক সংস্কৰণৰ ভৱিষ্যতৰ মেচ সমূহকলৈ অনিশ্চয়তা সৃষ্টি হৈছিল।

বিচিচিআইৰ এগৰাকী বিষয়াৰ উদ্ধৃতি দি পিটিআইয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে, দেশত যুদ্ধ হ’লে ক্ৰিকেট চলি থকাটো ভাল দেখা নাযায়। ২৫ মে’ত কলকাতাত সমাপ্ত হ’বলগীয়া হাই প্ৰফাইল লীগখন স্থগিত ৰখাৰ কথা তেওঁ নিশ্চিত কৰে বিষয়াগৰাকীয়ে ।

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাই ভাৰতে । ইয়াৰ পাছতে বৃহস্পতিবাৰে জম্মুত বিমান আক্ৰমণৰ সতৰ্কবাণী আৰু বিস্ফোৰণৰ দৰে শব্দৰ শুনাৰ খবৰ পোৱাৰ সময়তে ভাৰতৰ কেইবাখনো সীমান্তৱৰ্তী অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে। অৰ্থাৎ ব্লেক আউট ঘোষণা কৰা হয় ।

ইয়াৰ পূৰ্বে আন চহৰৰ লগতে লাহোৰ আৰু ৰাৱালপিণ্ডিত ভাৰতীয় ড্ৰোন আক্ৰমণৰ পিছত পাকিস্তান ছুপাৰ লীগ ইউ এ ইলৈ স্থানান্তৰিত কৰা খবৰ লাভ কৰা গৈছিল ।

উল্লেখ্য যে, বৰ্তমান দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছৰ খেলুৱৈসকলে ধৰ্মশালাৰ পৰা পথেৰে দেশৰ ৰাজধানী দিল্লীলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে। শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত খেলখনো স্থগিত ৰখা হৈছে ।

INPUT-PTI

লগতে পঢ়ক : পুনৰ হ’ব নেকি আই পি এল! ভাৰত-পাক যুদ্ধশংকাৰ মাজতে বিচিচিআইয়ে ক’লে এইদৰে