পুনৰ হ’ব নেকি আই পি এল! ভাৰত-পাক যুদ্ধশংকাৰ মাজতে বিচিচিআইয়ে ক’লে এইদৰে
প্ৰথম অৱস্থাত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি আই পি এল ২০২৫ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা বুলি কোৱা হৈছিল। পিছে এতিয়া বিচিচিআইয়ে আনুষ্ঠানিকভাৱে এক বিবৃতি প্ৰকাশ কৰিছে। বিচিচিআইৰ বিবৃতিয়ে আইপিএল ২০২৫ পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

বৃহস্পতিবাৰে নিশাৰ পৰা ক্ৰমাৎ যুদ্ধ আশংকা বৃদ্ধি পাইছে দেশত। পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণৰ বৃথা চেষ্টা চলোৱাৰ পিছতে ভাৰতে চলাইছে প্ৰত্যাক্ৰমণ। ইয়াৰ পিছতে দুয়োখন চুবুৰীয়া দেশৰ মাজত যুদ্ধৰ পৰিৱেশ বিৰাজিত হৈছে। ইফালে সীমান্তত পাকিস্তানৰ আক্ৰমণৰ সময়তে যোৱা নিশা চলি থকা পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজৰ আই পি এল মেচ স্থগিত ৰখা হৈছিল। ইয়াৰ পিছতে প্ৰতিযোগিতাখন স্থগিত ৰখা হ’ব পাৰে চৰ্চা চলিছিল। এনে চৰ্চাৰ মাজতে আজি দূপৰীয়াৰ ভাগত আই পি এল স্থগিত ৰখাৰ খবৰ প্ৰকাশ পাইছিল।
প্ৰথম অৱস্থাত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি প্ৰতিযোগিতাখন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা বুলি কোৱা হৈছিল। পিছে এতিয়া বিচিচিআইয়ে আনুষ্ঠানিকভাৱে এক বিবৃতি প্ৰকাশ কৰিছে। পাকিস্তানৰ আক্ৰমণৰ পিছত বিচিচিআইয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আইপিএল ২০২৫ৰ বাকী থকা মেচসমূহ স্থগিত ৰাখিছে। পিছে বিচিচিআইৰ বিবৃতিয়ে আইপিএল ২০২৫ পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।
আগন্তুক এসপ্তাহৰ পাছত এই সন্দৰ্ভত নতুন সিদ্ধান্ত লোৱা হ’ব পাৰে। আই পি এল গভৰ্নিং কাউঞ্চিলে এই প্ৰতিযোগিতাখন মাত্ৰ এসপ্তাহৰ বাবে স্থগিত ৰখা হৈছে বুলি জানিবলৈ দিছে। এতিয়া ৭ দিনৰ পিছত পৰিস্থিতি পুনৰীক্ষণ কৰা হ’ব আৰু তাৰ পিছত সকলো ঠিকে থাকিলে পুনৰ IPL আৰম্ভ হ’ব পাৰে। অহা সপ্তাহত আই পি এলৰ নতুন সূচী প্ৰকাশ কৰিব পৰা যাব বুলি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰকাশ কৰিছে।
TATA IPL 2025 suspended for one week.
More details here 👇👇 | #TATAIPL
— IndianPremierLeague (@IPL) May 9, 2025
বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই এই সন্দৰ্ভত বক্তব্য আগবঢ়াই আই পি এল এতিয়াও সম্পূৰ্ণৰূপে স্থগিত ৰখা হোৱা নাই বুলি সদৰী কৰে। তেওঁ কয় যে মাত্ৰ এসপ্তাহৰ বাবে আই পি এল বন্ধ কৰা হৈছে আৰু পৰিস্থিতি পুনৰীক্ষণ কৰাৰ পিছত পুনৰ মুকলি কৰা হ’ব নতুন সূচী। ইফালে আই পি এল গভৰ্নিং কাউঞ্চিলে জানিবলৈ দিয়া মতে সকলো দলৰ সৈতে যথাযথ আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
যদি এসপ্তাহৰ পাছতো পৰিস্থিতিৰ উন্নতি নহয়, তেতিয়া আগষ্ট-ছেপ্টেম্বৰ মাহত আই পি এল ২০২৫ৰ বাকী মেচসমূহ আয়োজন কৰিব পাৰে বিচিচিআইয়ে। সেই সময়লৈ এছিয়া কাপৰ আয়োজনৰ ষূচী আছিল যদিও বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিলৈ চাই ইয়াৰ সম্ভাৱনা কঠিন যেন দেখা গৈছে। গতিকে এছিয়া কাপৰ পৰিৱৰ্তে উক্ত সময়ছোৱাত আই পি এলৰ বাকী মেচসমূহ আয়োজন কৰা হ’ব পাৰে।
এতিয়ালৈকে আই পি এল ২০২৫ত ৫৭খন মেচ অনুষ্ঠিত হৈছে। সেয়ে বৰ্তমান ফাইনেলকে ধৰি আই পি এলত মুঠ ১৬খন খেল বাকী আছে। বিচিচিআইয়ে এই মেচসমূহ কেনেদৰে সম্পূৰ্ণ কৰে, সেয়া হ’ব লক্ষ্যণীয়।