একালৰ গায়ক এতিয়া আম্পায়াৰ! IPLত আম্পায়াৰৰ দায়িত্বত ইণ্ডিয়ান আইডলৰ এইগৰাকী প্ৰতিযোগী
আই পি এলৰ চৰ্চাৰ মাজতে শিৰোনাম দখল কৰিছে এগৰাকী আম্পায়াৰে। এই আম্পায়াৰগৰাকীয়ে এই পেছাৰ সৈতে জড়িত হোৱাৰ পূৰ্বে গায়ক হিচাপেহে জীৱনবাটত আগবঢ়াৰ স্বপ্ন দেখিছিল। ইতিমধ্যে গায়ক হিচাপে বহু খ্যাতিও অৰ্জন কৰিছিল তেওঁ। আনকি ইণ্ডিয়ান আইডলৰ দৰে টেলিভিচনৰ বিখ্যাত ৰিয়েলিটি শ্ব’তো তেওঁক দেখা গৈছিল।

আকৰ্ষণীয় হৈ পৰিছে আই পি এল ২০২৫। এইপৰ্যন্ত তিনিটা দলে প্ৰতিযোগিতাৰ পৰা বিদায় লোৱাৰ পৰিৱৰ্তে আন সাতটা দলৰ মাজত এতিয়াও অব্যাহত আছে যুঁজ। এই সাতটা দলৰ মাজৰ পৰা চাৰিটা দলে প্ৰৱেশ কৰিব প্লে’ অফত। এই পৰ্যন্ত প্ৰতিযোগিতাৰ লীগ পৰ্যায়ত ৫৫ খন মেচ অনুষ্ঠিত হৈছে। প্ৰায় প্ৰতিখন মেচতে দেখা গৈছে অনুৰাগীৰ উন্মাদনা। সমান্তৰালকৈ কোনো ৰেকৰ্ড আৰু বিশেষ দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিছে অনুৰাগীৰ। এই সকলো চৰ্চাৰ মাজতে শিৰোনাম দখল কৰিছে এগৰাকী আম্পায়াৰে।
প্ৰথমবাৰৰ বাবে আই পি এললৈ নিৰ্বাচিত হোৱা ৭ গৰাকী নতুন আম্পায়াৰৰ ভিতৰত অন্যতম এই চৰ্চিত আম্পায়াৰগৰাকী। আশ্চৰ্যজনকভাৱে এই আম্পায়াৰগৰাকীয়ে এই পেছাৰ সৈতে জড়িত হোৱাৰ পূৰ্বে গায়ক হিচাপেহে জীৱনবাটত আগবঢ়াৰ স্বপ্ন দেখিছিল। ইতিমধ্যে গায়ক হিচাপে বহু খ্যাতিও অৰ্জন কৰিছিল তেওঁ। আনকি ইণ্ডিয়ান আইডলৰ দৰে টেলিভিচনৰ বিখ্যাত ৰিয়েলিটি শ্ব’তো তেওঁক দেখা গৈছিল।
আই পি এলৰ উদ্বোধনী বৰ্ষৰ সময়তে এই আম্পায়াৰগৰাকীয়ে সংগীত জগতত নিজৰ নাম উজলাইছিল। আৰু ১৭ বছৰৰ পাছত এতিয়া তেওঁ সংগীতৰ পেছা এৰি আই পি এলৰ অংশ হিচাপে ভুমুকি মাৰিছে। আই পি এল ২০২৫ৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে পৰাশৰ যোশীয়ে। পুনেৰ বাসিন্দা পৰাশৰ যোশীৰ আই পি এললৈ যাত্ৰা যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে। ২০০৮ চনত ইণ্ডিয়ান আইডলৰ চতুৰ্থ ছিজনত প্ৰতিযোগী হিচাপে দেখা গৈছিল যোশীক।
অৱশ্যে পিয়ানো ৰাউণ্ডৰ পৰাই তেওঁ বিদায় ল’বলগা হৈছিল। তাৰ পূৰ্বে তেওঁ একেৰাহে তিনি বছৰ ধৰি ইণ্ডিয়ান আইডলত প্ৰৱেশৰ চেষ্টা চলাই বিফলতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশ্যে গায়ক হিচাপে পেছা আগবঢ়োৱাৰ সমান্তৰালকৈ পৰাশৰ যোশীয়ে ক্ৰিকেটো খেলিছিল। ক্লাব পৰ্যায়ত তেওঁ ক্ৰিকেটাৰ হিচাপে ভুমুকি মাৰিছিল। কিন্তু গায়ক আৰু ক্ৰিকেটাৰ হিচাপে বিশেষ সফলতা লাভ কৰিব নোৱাৰা যোশীয়ে অৱশেষত আম্পায়াৰ হিচাপে নিজৰ ভাগ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়।
View this post on Instagram
আই পি এলত প্ৰথম হ’লেও অৱশ্যে ৰঞ্জী ট্ৰফী আৰু দুলীপ ট্ৰফীৰ দৰে ঘৰুৱা প্ৰতিযোগিতাত আম্পায়াৰৰ ভূমিকা পালন কৰি আহিছে পৰাশৰ যোশীয়ে। তদুপৰি বিগত বৰ্ষত ৱ’মেন প্ৰিমিয়াৰ লীগ (WPL)তো তেওঁ আম্পায়াৰ হিচাপে দায়িত্ব পালন কৰিছিল। উল্লেখ্য যে ২০১৫ চনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইৰ আম্পায়াৰ পেনেলত অন্তৰ্ভুক্ত হৈছিল পৰাশৰ যোশী।
এইপৰ্যন্ত তেওঁ ৯ খন প্ৰথম শ্ৰেণী, ২৪ খন লিষ্ট-এ আৰু ৩০ খন টি-২০ মেচত ফিল্ড আম্পায়াৰৰ ভূমিকা পালন কৰিছে। ইয়াৰ উপৰিও ১ খন ফাৰ্ষ্ট ক্লাছ, ১ খন লিষ্ট-এ আৰু ৩ খন টি-২০ মেচত টিভি আম্পায়াৰ হিচাপেও কাম কৰিছে যোশীয়ে। যোৱা ৫ এপ্ৰিলত চেন্নাই চুপাৰ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হোৱা মেচখনত পৰাশৰ যোশীৰ আম্পায়াৰ হিচাপে আই পি এল অভিষেক ঘটিছিল।
২০২৪ চনৰ আৰম্ভণিতে ৱ’মেন প্ৰিমিয়াৰ লীগৰ সময়তো পৰাশৰ যোশী যথেষ্ট ভাইৰেল হৈছিল। এতিয়া পুনৰ এবাৰ আই পি এলৰ জৰিয়তে চৰ্চালৈ আহিছে যোশী। আম্পায়াৰ হিচাপে কেৰিয়াৰ গঢ়িলেও পৰাশৰ যোশীয়ে পিছে বাদ দিয়া নাই পূৰ্বৰ পেছা। আম্পায়াৰৰ লগতে গায়ক হিচাপে এতিয়াও দেখা যায় পৰাশৰ যোশীক।