শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
India Pakistan War Probability: ১৯৭১ চনৰ পিছত প্ৰথমবাৰৰ বাবে দেশত বাজিব যুদ্ধৰ চাইৰেন...

India Pakistan War Probability: ১৯৭১ চনৰ পিছত প্ৰথমবাৰৰ বাবে দেশত বাজিব যুদ্ধৰ চাইৰেন…

manas-borah
Manas Borah | Published: 06 May 2025 22:42 PM

ৰাজ্যত অনুষ্ঠিত হ’ব চিভিল ডিফেন্স মক ড্ৰিল। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ মাজতে একাধিক ৰাজ্যলৈ এই নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰই । কোৱা হৈছে যে, এই অনুশীলন এনেদৰে কৰিব লাগিব যাতে সাধাৰণ মানুহে যিকোনো আক্ৰমণৰ সময়ত নিজৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে।

৭ মে’ বুধবাৰে একাধিক ৰাজ্যত অনুষ্ঠিত হ’ব চিভিল ডিফেন্স মক ড্ৰিল। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ মাজতে একাধিক ৰাজ্যলৈ এই নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰই । কোৱা হৈছে যে, এই অনুশীলন এনেদৰে কৰিব লাগিব যাতে সাধাৰণ মানুহে যিকোনো আক্ৰমণৰ সময়ত নিজৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে।

উল্লেখ্য যে, দেশৰ সকলোফালে ভাৰত-পাকিস্তানৰ যুদ্ধৰ আশংকাই বিৰাজ কৰাৰ সময়তে অহা ৭ মে’ত দেশত অনুষ্ঠিত হ’ব এই চিভিল ডিফেন্স মক ড্ৰিল। ইয়াৰ বাবে গৃহ মন্ত্ৰালয়ে বহু কেইখন ৰাজ্যক নিৰ্দেশ দিছে। গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক ৭ মে’ত ফলপ্ৰসূ অসামৰিক সুৰক্ষাৰ বাবে ম’ক ড্ৰিল অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে ।

১৯৭১ চনৰ পিছত সম্ভৱতঃ এইটোৱেই হ’ব দেশৰ ভিতৰতে প্ৰথম চিভিল মক ড্ৰিল। কাৰণ শেষবাৰৰ বাবে এনে মক ড্ৰিলৰ নিৰ্দেশ দিয়া হৈছিল ১৯৭১ চনত। অৰ্থাৎ ভাৰত-পাকিস্তান যুদ্ধৰ সেই বছৰতে এনে অনুশীলনৰ ব্যৱস্থা কৰা হৈছিল।