শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পহলগাম সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ, POK ত দিয়া হৈছিল সন্ত্ৰাসবাদীক প্ৰশিক্ষণ

পহলগাম সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ, POK ত দিয়া হৈছিল সন্ত্ৰাসবাদীক প্ৰশিক্ষণ

barasha-sarma
Barasha Sarma | Published: 06 May 2025 21:38 PM

পহলগাম ঘটনা সন্দৰ্ভত নিয়াৰ তদন্তত ভয়ংকৰ তথ্য পোহৰলৈ। জানিব পৰা মতে, সন্ত্ৰাসবাদীক পাকিস্তান অধীকৃত কাশ্মীৰক সামৰিক প্ৰশিক্ষণ দিয়া হৈছিল।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত চাঞ্চল্যকৰ তথ্য পোহৰলৈ। এই ভয়ংকৰ নৰসংহাৰ কাণ্ডৰ বাবে সন্ত্ৰাসবাদীক সামৰিক প্ৰশিক্ষণ দিয়া হৈছিল। সূত্ৰ অনুসৰি আই এছ আইৰ লক্ষ্য আছিল ভাৰতীয় সেনাবাহিনীক আক্ৰমণ কৰা। চোৰাংচোৱা সংস্থাৰ মতে কাশ্মীৰত বৰ্তমান সময়ত কমেও ১৫-২০ জন লস্কৰৰ কমাণ্ডাৰে আত্মগোপন কৰি আছে। ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।

উল্লেখ্য যে, ২২ এপ্ৰিলত পহলগামত সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। এই ঘটনাত ২৬ জন লোকে প্ৰাণ হেৰুৱাৰ উপৰি আহত হৈছিল বহুতো।