TV9 ASSAM
চাণক্যৰ নীতিৰ প্ৰভাৱ আজিও মানুহৰ মাজত আছে । বহুতে আজিও চাণক্যৰ দৰ্শনক অনুসৰণ কৰে ।
চাণক্যই জীৱনৰ প্ৰতিটো দিশৰ ওপৰত কিছু নীতি লিখি গৈছে । যিবোৰ নীতি আজিও মানুহে পালন তথা অনুসৰণ কৰে ।
আপুনি যদি কম বয়সতে সফলতাৰ শিখৰত উপনীত হ'ব বিচাৰে তেন্তে এই তিনিটা অভ্যাস গঢ়ক । কম বয়স ধনী হ'ব পাৰিব।
চাণক্যৰ মতে, যিসকল লোকৰ এই অভ্যাস আছে তেওঁলোক কম বয়সতে ধনী হ'ব পাৰে । জানক এই অভ্যাস কি?
প্ৰথমে আপুনি সময়ৰ গুৰুত্ব বুজিব লাগিব । সময়ৰ সদব্যৱহাৰ কৰা সকলক কোনেও বাধা দি ৰাখিব নোৱাৰে ।
সফলতা লাভ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব । চাণক্যৰ মতে পৰিশ্ৰম কৰা ব্য়ক্তি সদায় সফল আৰু আৰ্থিকভাৱে শক্তিশালী হয় ।
নিজৰ আচৰণ আৰু কথা কোৱাৰ ধৰণ নিয়ন্ত্ৰণ কৰিব লাগিব । ই আপোনাৰ সফলতাৰ পথত গুৰুতৰ প্ৰভাৱ পেলায় ।
পঢ়িবলৈ ক্লিক কৰক