শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
চাৰিদিনৰ ভিতৰত যুদ্ধৰ আশংকা, প্ৰান্তে প্ৰান্তে যুদ্ধৰ কুছকাৱাজ

চাৰিদিনৰ ভিতৰত যুদ্ধৰ আশংকা, প্ৰান্তে প্ৰান্তে যুদ্ধৰ কুছকাৱাজ

raj-saikia
Raj Saikia | Published: 06 May 2025 21:37 PM

মঙলবাৰৰ পৰা বিভিন্ন স্থানত মক ড্ৰিল আৰম্ভ হৈছে । বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত চলিছে অনুশীলন । যুদ্ধ হ’লে, বা হঠাতে বিমান আক্ৰমণ হ’লে কেনেকৈ নিৰাপদ স্থানলৈ যাব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হৈছে । ইয়াৰ ফলত ৪ দিনৰ ভিতৰত যুদ্ধ আৰম্ভ হ’ব বুলি জল্পনা-কল্পনা হৈছে ।

কেন্দ্রীয় চৰকাৰে দেশৰ প্রতিখন ৰাজ্যকে অহা ৭ মে’ৰ পৰা যুদ্ধৰ কুচকাৱাজ কৰিবলৈ নিৰ্দেশ দিছে । যুদ্ধৰ কুচকাৱাজ অৰ্থাৎ সঁচাকৈ যুদ্ধ হ’লে কি কৰিব লাগে সেয়া হাতে কামে প্ৰশিক্ষণ দিয়া হ’ব । বিশেষকৈ সাধাৰণ জনতাক জৰুৰীকালীন পৰিস্থিতিত কি কৰিব লাগে সেই বিষয়ে শিকোৱাৰ বাবে এই কুছকাৱাজ কৰিবলৈ কোৱা হৈছে ।

একেদৰে মঙলবাৰৰ পৰা বিভিন্ন স্থানত মক ড্ৰিল আৰম্ভ হৈছে । বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত চলিছে অনুশীলন । যুদ্ধ হ’লে, বা হঠাতে বিমান আক্ৰমণ হ’লে কেনেকৈ নিৰাপদ স্থানলৈ যাব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হৈছে । ইয়াৰ ফলত ৪ দিনৰ ভিতৰত যুদ্ধ আৰম্ভ হ’ব বুলি জল্পনা-কল্পনা হৈছে ।

কিন্তু চাৰিদিনৰ ভিতৰত যুদ্ধ কিয়? ইয়াৰ উত্তৰ পাবলৈ আমি ৫৪ বছৰ পিছুৱাই যাব লাগিব । শেষবাৰৰ বাবে এনে মক ড্ৰিল হৈছিল ১৯৭১ চনত ভাৰত-পাকিস্তান যুদ্ধৰ পূৰ্বে । এই মক ড্ৰিল চলোৱাৰ মাত্ৰ চাৰিদিন পিছতে দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছিল । সেইবাৰ নৱেম্বৰৰ শেষ সপ্তাহত মক ড্ৰিলৰ আয়োজন কৰা হৈছিল আৰু ৩ ডিচেম্বৰৰ পৰা যুদ্ধ আৰম্ভ হৈছিল ।