শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Mohammed Shami: ‘১ কোটি টকা দিয়ক, নহ’লে…..’! কোনে প্ৰাণনাশৰ ভাবুকি দিলে মহম্মদ ছামিক?

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা পেচাৰ মহম্মদ ছামিক দিয়া হৈছে মৃত্যুৰ ভাবুকি। এক ইমেইলৰ জৰিয়তে ছামিক এই ভাবুকি প্ৰদান কৰা হৈছে। এই খবৰ পোহৰলৈ অহাৰ পিছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে মহম্মদ ছামিৰ ভাতৃ হাছিবে এই সন্দৰ্ভত আমৰোহা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

Mohammed Shami: ‘১ কোটি টকা দিয়ক, নহ’লে…..’! কোনে প্ৰাণনাশৰ ভাবুকি দিলে মহম্মদ ছামিক?
মহম্মদ ছামিলৈ হত্যাৰ ভাবুকিImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 05 May 2025 20:17 PM

সম্প্ৰতি আই পি এল উপভোগত ব্যস্ত ভাৰতীয় ক্ৰিকেট অনুৰাগী। আধাতকৈ প্ৰায় বেছি অংশ সমাপ্তিৰ পিছত ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে প্ৰতিযোগিতাখন। আই পি এলৰ এই উন্মাদনাৰ মাজতে ক্ৰিকেটপ্ৰেমীক হচকিত কৰি তুলিছে এক বিশেষ খবৰে। ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা পেচাৰ মহম্মদ ছামিক দিয়া হৈছে মৃত্যুৰ ভাবুকি। এক ইমেইলৰ জৰিয়তে ছামিক এই ভাবুকি প্ৰদান কৰা হৈছে। এই খবৰ পোহৰলৈ অহাৰ পিছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে মহম্মদ ছামিৰ ভাতৃ হাছিবে এই সন্দৰ্ভত আমৰোহা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

আমৰোহাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশৰ পিছতে চাইবাৰ চেলত এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এফআইআৰ ৰুজু কৰা হয়। মহম্মদ ছামিৰ ভাতৃ হাছিবে আমৰোহাৰ আৰক্ষী অধীক্ষকক জানিবলৈ দিয়া মতে, দেওবাৰে মহম্মদ ছামিলৈ ইমেইলযোগে ৰাজপুত সিন্ধাৰ নামৰ এটা মেইল ​​আইডিৰ পৰা এনে ভাবুকিপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰা হৈছে। মহম্মদ ছামিৰ ভাতৃ হাছিবে এই বিষয়ে চকুত পৰাৰ লগে লগে আমৰোহা আৰক্ষীক অৱগত কৰে।

ছামিৰ ভাতৃ হাছিবে জানিবলৈ দিয়া মতে, দেওবাৰে ৰাজপুত সিন্ধাৰ নামৰ এটা মেইল ​​আইডিৰ পৰা মহম্মদ ছামিৰ মেইললৈ এই ভাবুকিপূৰ্ণ মেইল ​​আহিছিল। পোনে পোনে আমৰোহাৰ আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰা এজাহাৰত হাছিবে কয়, “মহম্মদ ছামি এতিয়া আই পি এলত ব্যস্ত। ৪ মে’ত মহম্মদ ছামিৰ ইমেইল আইডি খুলি কিছুমান গুৰুত্বপূৰ্ণ মেইল ​​পৰীক্ষা কৰিলোঁ।”

“তেতিয়াই মই ৰাজপুত সিন্ধাৰৰ মেইল ​​আইডিৰ পৰা অহা ছামিক হত্যা কৰাৰ ভাবুকি দিয়া এটা মেইল দেখা পাওঁ।”- এজাহাৰত এইদৰে উল্লেখ কৰিছে হাছিবে। ইয়াৰ পিছতে আমৰোহাৰ আৰক্ষী অধীক্ষক অমিত কুমাৰ আনন্দৰ নিৰ্দেশত আমৰোহা চাইবাৰ চেলত এফআইআৰ ৰুজু কৰা হৈছে। ছামিৰ ভাতৃৰ অভিযোগত চাইবাৰ চেলৰ দলটোৱে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

ইফালে আমৰোহৰ আৰক্ষী অধীক্ষক অমিত কুমাৰ আনন্দে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে ছামিক হত্যাৰ ভাবুকি দিয়া অভিযুক্তই ৫০ লাখ টকাৰ মুক্তিপণ দাবী কৰিছে। যদি এই ধনৰাশি প্ৰদান নকৰে, তেতিয়া পৰিণাম ভয়াৱহ হ’ব বুলিও মেইলটোত ভাবুকি প্ৰদান কৰা হৈছে। সম্প্ৰতি এই বিষয়ত তদন্ত অব্যাহত আছে বুলি প্ৰকাশ কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে।