শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যুদ্ধশংকাৰ মাজতে জম্মু-কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনাঃ খাৱৈত বাগৰি পৰিল সেনাৰ বাহন, দুই জোৱানৰ মৃত্যু

জম্মু-কাশ্মীৰৰ কুপৱাৰাত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। কৰ্নাহ অঞ্চলৰ সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত আজি পথৰ কাষৰ খাৱৈত বাগৰি পৰিছে সেনাবাহিনীৰ এখন বাহন। এই দুৰ্ঘটনাত দুজন জোৱান নিহত হোৱাৰ লগতে দুজন জোৱান আহতো হয়। এই সেনাবাহিনীৰ বাহনখন ৰেয়ালা মুৰ্চানা পথত দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে।

যুদ্ধশংকাৰ মাজতে জম্মু-কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনাঃ খাৱৈত বাগৰি পৰিল সেনাৰ বাহন, দুই জোৱানৰ মৃত্যু
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 06 May 2025 23:00 PM

পহলগামত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰি গৈছিল সমগ্ৰ দেশ। এই নৃশংস আক্ৰমণৰ পিছত দেশজুৰি দেখা গৈছিল ব্যাপক প্ৰতিক্ৰিয়া। পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰাৰ বাবে দেশৰ একাংশ লোকে আনকি পাকিস্তানত আক্ৰমণ কৰাৰো দাবী তুলিছিল চৰকাৰৰ ওচৰত। তাৰ মাজতে এতিয়া চৰকাৰে দেশৰ সৰ্বপ্ৰান্তত চিভিল ডিফেন্স মক ড্ৰিল অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে। এনে পৰিস্থিতিত এতিয়া দেশত যুদ্ধৰ সম্ভাৱনাও প্ৰকাশ পোৱা দেখা গৈছে।

তেনে সময়তে জম্মু-কাশ্মীৰৰ কুপৱাৰাত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। কৰ্নাহ অঞ্চলৰ সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত আজি পথৰ কাষৰ খাৱৈত বাগৰি পৰিছে সেনাবাহিনীৰ এখন বাহন। এই দুৰ্ঘটনাত দুজন জোৱান নিহত হোৱাৰ লগতে দুজন জোৱান আহতো হয়। এই সেনাবাহিনীৰ বাহনখন ৰেয়ালা মুৰ্চানা পথত দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে।

প্ৰাথমিক তথ্য অনুসৰি যাত্ৰাৰত অৱস্থাত বাহনখনে ভাৰসাম্য হেৰুৱাই খাৱৈত বাগৰি পৰে। অৱশ্যে দুৰ্ঘটনাৰ আঁৰৰ সঠিক কাৰণ সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত আছে। উল্লেখ্য যে দুদিন পূৰ্বে জম্মু-কাশ্মীৰৰ ৰামবানত সংঘটিত হৈছিল এনে এক অনুৰূপ দুৰ্ঘটনা। ৰামবনত এটা খাৱৈত বাগৰি পৰিছিল সেনাৰ এখন বাহন। এই ঘটনাত তিনিজন জোৱানে প্ৰাণ হেৰুৱাইছিল। এই সেনাবাহিনীৰ ট্ৰাকখন জম্মুৰ পৰা শ্ৰীনগৰলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈছিল।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা জম্মু-কাশ্মীৰত সেনাৰ কুচকাৱাজ অধিক বৃদ্ধি পাইছে। প্ৰতিটো স্থানতে ব্যাপক ৰূপত সেনা জোৱান নিয়োগ কৰা হৈছে। যোৱা ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা সেনাবাহিনীয়ে এলাৰ্ট মোডত কাম কৰি আছে উপত্যকাটোত।এই আক্ৰমণত ২৬ জন পৰ্যটক নিহত হৈছিল। ইয়াৰ পিছত সেনাই বহু ঘৰত তালাচী চলায়।

এই ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত দেশৰ আন প্ৰান্তৰ লগতে জম্মু-কাশ্মীৰৰ জনসাধাৰণেও ৰাজপথলৈ ওলাই আহি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। আক্ৰমণৰ পিছতে তদন্তত নিয়োজিত কেন্দ্ৰীয় সংস্থাসমূহে শ শ লোকক গ্ৰেপ্তাৰ কৰি জেৰা চলাইছে।