শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
শক্তি বাঢ়িব BSFৰ! লাভ কৰিব ১৭ হাজাৰ জোৱান, সীমান্তত স্থাপন হ’ব মুখ্য কাৰ্যালয়

শক্তি বাঢ়িব BSFৰ! লাভ কৰিব ১৭ হাজাৰ জোৱান, সীমান্তত স্থাপন হ’ব মুখ্য কাৰ্যালয়

trishna-kalita
Trishna Kalita | Published: 06 May 2025 22:58 PM

ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী(BSF)য়ে লাভ কৰিব ১৬টা নতুন বেটেলিয়ন।  ইয়াৰ লগে লগে প্ৰায় ১৭ হাজাৰ জোৱানৰ সংখ্যা বৃদ্ধি পাব। ইয়াৰ উপৰিও দুটা নতুন ফৰৱাৰ্ড মুখ্য কাৰ্যালয় বা অপাৰেচনেল কমাণ্ড চেণ্টাৰ স্থাপন কৰা হ’ব।

ভাৰত-পাক যুদ্ধৰ চৰ্চাৰ মাজত অৰ্ধসামৰিক বাহিনীৰ বাবে সুখবৰ। ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী(BSF)য়ে লাভ কৰিব ১৬টা নতুন বেটেলিয়ন।  ইয়াৰ লগে লগে প্ৰায় ১৭ হাজাৰ জোৱানৰ সংখ্যা বৃদ্ধি পাব। ইয়াৰ উপৰিও দুটা নতুন ফৰৱাৰ্ড মুখ্য কাৰ্যালয় বা অপাৰেচনেল কমাণ্ড চেণ্টাৰ স্থাপন কৰা হ’ব। দেশৰ পশ্চিম আৰু পূব কমাণ্ডত দুটা নতুন ক্ষেত্ৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হ’ব।

বিশেষকৈ দুটা প্ৰত্যাহ্বানৰ কথা মনত ৰাখি বিএছএফৰ সৈন্যৰ সংখ্যা বৃদ্ধি কৰিছে কেন্দ্ৰই। এফালে পহলগাঁৱত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যিকোনো মুহূৰ্ততে পাকিস্তানৰ সৈতে যুদ্ধৰ ভাবুকি আৰু আনফালে বাংলাদেশৰ পৰা শ্বেখ হাছিনা আঁতৰি যোৱাৰ পিছত অনুপ্ৰৱেশৰ ক্ৰমবৰ্ধমান ভাবুকি। ইতিমধ্যে ১৬টা নতুন বেটেলিয়নৰ বাবে অনুমতি দিয়া হৈছে, প্ৰয়োজন মাথোঁ কেন্দ্ৰৰ পৰা চূড়ান্ত অনুমোদনলৈ। ১৬টা নতুন বেটেলিয়ন উপলব্ধ হোৱাৰ লগে লগে অৰ্ধসামৰিক বাহিনীৰ সংখ্যা প্ৰায় ১৭ হাজাৰলৈ বৃদ্ধি পাব। এতিয়া মুঠ সেনা বাহিনীৰ সংখ্যা ২ লাখ ৭০ হাজাৰৰ ওচৰ চাপিছে।