RCB vs PBKS, IPL 2025 Final Match Report: অৱশেষত অন্ত পৰিল খিতাপৰ খৰাংঃ আই পি এল ২০২৫ত শ্ৰেষ্ঠত্ব আৰচিবিৰ, কোহলীৰ চকুত আনন্দৰ অশ্ৰু
IPL 2025 Final Match Report of Royal Challengers Bengaluru vs Punjab Kings: আজি আই পি এল ২০২৫ৰ ফাইনেলত এক ৰোমাঞ্চকৰ যুঁজৰ অন্তত পঞ্জাৱ কিংছক ৬ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ জয় কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। প্ৰতিযোগিতাৰ উদ্বোধনী বৰ্ষৰ পৰাই দলটোৰ সদস্য বিৰাট কোহলীয়েও প্ৰথমবাৰৰ লাভ কৰিলে আই পি এলৰ স্বৰ্ণিল ট্ৰফীত চুম্বন দিয়াৰ সুযোগ।

ই চালা কাপ নামডে। আই পি এলৰ বিগত ১৭টা ছিজনত প্ৰতিবাৰেই উচ্চাৰিত হয় এই শ্ল’গান। পিছে বহু আশা-আকাংক্ষা, প্ৰত্যাশাই নাপায় পূৰ্ণতা। বাৰে বাৰে আশা ভংগৰ ব্যথাই দহে অলেখ ক্ৰিকেট বলীয়া লোকক, এক বিশেষ ফ্ৰেন্সাইজিৰ অজস্ৰ অনুৰাগীৰ। বাৰে বাৰে সেমেকা চকুৰে ছিজনৰ অন্ত পেলায় ক্ৰিকেট বিশ্বৰ এক মহাতাৰকাই। এইদৰেই হৈ আহিছিল ১৭টা ছিজন। পিছে এইবাৰ যেন সকলো দৃঢ় সংকল্পবদ্ধ। যিকোনো মূল্যৰ বিনিময়ত সোণালী ট্ৰফী আজুৰি অনাৰ প্ৰতিজ্ঞা। আৰু অৱশেষত আজি সেয়াই হৈ উঠিল।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত আজি ১৭ বৰ্ষ ধৰি মুখে মুখে উচ্চাৰিত হৈ অহা এই ‘ই চালা কাপ নামডে’ শ্ল’গানে লাভ কৰিলে পূৰ্ণতা। আজিও খেলপথাৰত অশ্ৰু নিগৰি আহিল সেই মহাতাৰকাগৰাকীৰ। পিছে পূৰ্বৰ দৰে সেয়া নাছিল ব্যথাৰ, আজিৰ অশ্ৰুৱে প্ৰতিফলিত কৰিলে মহা আনন্দৰ, অলেখ আশাৰ পূৰ্ণতাৰ। আজি আহমেদাবাদত বাস্তৱ হ’ল ই চালা কাপ নামডে। অৰ্থাৎ, এইবাৰ কাপ আমাৰ। এইদৰেই যেন চিঞৰি উঠিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।
আজি আই পি এল ২০২৫ৰ ফাইনেলত এক ৰোমাঞ্চকৰ যুঁজৰ অন্তত পঞ্জাৱ কিংছক ৬ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ জয় কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। প্ৰতিযোগিতাৰ উদ্বোধনী বৰ্ষৰ পৰাই দলটোৰ সদস্য বিৰাট কোহলীয়েও প্ৰথমবাৰৰ লাভ কৰিলে আই পি এলৰ স্বৰ্ণিল ট্ৰফীত চুম্বন দিয়াৰ সুযোগ। আনহাতে আৰচিবিৰ দৰেই প্ৰথমটো খিতাপৰ সন্ধানত থকা পঞ্জাৱ কিংছক দহিলে আশা ভংগৰ ব্যথাই।
নিলামত এক শক্তিশালী দল গঠনৰ পিছত এইবাৰ আৰচিবিয়ে গ্ৰহণ কৰিছিল আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰজত পাটিদাৰৰ কান্ধত দলে তুলি দিছিল অধিনায়কৰ গুৰু দায়িত্ব। অধিনায়কত্ব গ্ৰহণ কৰিয়েই পাটিদাৰেও দিছিল প্ৰতিশ্ৰুতি, এইবাৰ পূৰ্ণ কৰা হ’ব সকলো আশা। আৰু আজি অৱশেষত আহমেদাবাদত সেয়াই হৈ উঠিল। সকলো ঠাট্টা-বিদ্ৰূপক সঠিক উত্তৰ দি, অজস্ৰ অনুৰাগীৰ আশা পূৰ কৰি আজি আৰচিবিয়ে তুলি ল’লে প্ৰথমটো আই পি এল খিতাপ।
ফাইনেল মেচত আজি টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়স আয়াৰে। এইদৰে প্ৰথমে বেটিং কৰি আৰচিবিয়ে সংগ্ৰহ কৰিছিল ৯ উইকেটত ১৯০ ৰান। দললৈ সৰ্বাধিক ৪৫ ৰানৰ অৱদান আগবঢ়ায় বিৰাট কোহলীয়ে। অধিনায়ক পাটিদাৰে ২৬, লিভিংষ্ট’নে ২৫ আৰু জিতেশে ২৪ ৰানৰ অৱদান আগবঢ়ায়। আনহাতে পঞ্জাৱৰ হৈ অৰ্শদীপ সিং আৰু কাইল জেমিচনে তিনিটাকৈ উইকেট দখল কৰে।
জয়ৰ বাবে ১৯১ ৰানৰ লক্ষ্য অনুসৰণ কৰি পঞ্জাৱে সঠিক আৰম্ভণি ঘটাইছিল যদিও ইয়াৰ পিছতে আৰচিবিৰ বলিং আক্ৰমণে শক্তিশালী প্ৰত্যাৱৰ্তন ঘটায় আৰু পঞ্জাৱৰ বেটিঙৰ একপ্ৰকাৰে খহনীয়াৰ সৃষ্টি কৰে। যাৰ পৰিণতিত মেচৰ পৰা ক্ৰমাৎ স্থিতি হেৰুৱায় পেলায় পঞ্জাৱে। অৱশ্যে তাৰ মাজত প্ৰথমে জ’ছ ইংলিছ আৰু শেষলৈ শশাংক সিঙে যুঁজ দি কিছু আশাৰ সঞ্চাৰ কৰিছিল। ইংলিছে ৩৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে যুঁজাৰু চেতনাৰে ৬১ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে শশাংক।