IPL 2025 Closing Ceremony: কাইলৈ অন্ত পৰিব IPL 2025: কেতিয়াৰ পৰা হ’ব সামৰণি অনুষ্ঠান, কোন হ’ব আকৰ্ষণ! চাওক সকলো…
IPL 2025 Closing Ceremony: Date, Live Streaming: কাইলৈ অন্ত পৰিব আই পি এল ২০২৫। স্বাভাৱিকতেই মেচৰ সমানেই আই পি এলৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠানৰ প্ৰতিও অনুৰাগীৰ উছাহ পৰিলক্ষিত হয়। গতিকে কাইলৈ অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানৰ বাবেও অনুৰাগীয়ে যথেষ্ট আশাৰে বাট চাইছে। পিছে এই সামৰণি অনুষ্ঠান কেতিয়াৰ পৰা আৰম্ভ হ’ব, অনুষ্ঠানৰ মূল আকৰ্ষণ কোন হ’ব ইত্যাদি তথ্যসমূহ চাওঁ আহক।

প্ৰায় আঢ়ৈ মাহজোৰা সূচীৰ অন্তত এতিয়া সামৰণিৰ দিশে আই পি এল ২০৫। কাইলৈ অন্ত পৰিব প্ৰতিযোগিতাখনৰ ১৮ সংখ্যক ছিজন। ফাইনেলত প্ৰতিদ্বন্দিতা আগবঢ়াব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছে। অৰ্থাৎ এই ছিজনত প্ৰথমবাৰৰ বাবে দেখা যাব এক নতুন চেম্পিয়ন দল। প্ৰতিযোগিতাৰ সামৰণিৰ পৰিপ্ৰেক্ষিতত কাইলৈ অনুষ্ঠিত হ’ব সামৰণি অনুষ্ঠানৰ। কাইলৈ ফাইনেল মেচ আৰম্ভ হোৱাৰ পূৰ্বে আই পি এলৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।
স্বাভাৱিকতেই মেচৰ সমানেই আই পি এলৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠানৰ প্ৰতিও অনুৰাগীৰ উছাহ পৰিলক্ষিত হয়। গতিকে কাইলৈ অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানৰ বাবেও অনুৰাগীয়ে যথেষ্ট আশাৰে বাট চাইছে। পিছে এই সামৰণি অনুষ্ঠান কেতিয়াৰ পৰা আৰম্ভ হ’ব, অনুষ্ঠানৰ মূল আকৰ্ষণ কোন হ’ব ইত্যাদি তথ্যসমূহ চাওঁ আহক-
আই পি এল ২০২৫ৰ পুৰণি সূচী অনুসৰি ফাইনেল মেচখন ২৫ মে’ত অনুষ্ঠিত হোৱাৰ কথা আছিল, স্থান আছিল কলকাতাৰ ইডেন গাৰ্ডেন। কিন্তু ভাৰত-পাকিস্তান সংঘাতৰ পৰিপ্ৰেক্ষিতত এসপ্তাহৰ বাবে প্ৰতিযোগিতা পিছুৱাই দিয়া হৈছিল। এনে পৰিস্থিতিত পিছত প্ৰতিযোগিতাৰ নতুন সূচী ঘোষণা কৰা হয়। নতুন সূচীই অনুসৰি ৩ জুনৰ ফাইনেলৰ দিনাংক আৰু ফাইনেলৰ স্থান কলকাতাৰ ইডেনৰ পৰিৱৰ্তে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম নিৰ্ধাৰণ কৰা হয়।
ইতিপূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই আই পি এল ২০২৫ৰ সামৰণি অনুষ্ঠান সন্দৰ্ভত এক বিশেষ ঘোষণা কৰিছিল। এই অনুষ্ঠানত ভাৰতীয় সেনাক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব বুলি জানিবলৈ দিছিল দেৱজিৎ শইকীয়াই। তেওঁ লগতে আই পি এলৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ভাৰতীয় সেনাৰ তিনিজন জ্যেষ্ঠ বিষয়াক ব’ৰ্ডে আমন্ত্ৰণ জনাইছে বুলিও জানিবলৈ দিছিল।
অৱশ্যে তেওঁলোক অনুষ্ঠানত উপস্থিত থাকিব নে নাথাকে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইফালে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এক্স হেণ্ডলত সামৰণি অনুষ্ঠান সন্দৰ্ভত এক পোষ্ট শ্বেয়াৰ কৰা হৈছে। এই পোষ্টটোত আই পি এলৰ সামৰণি অনুষ্ঠানত কোনে কোনে অনুষ্ঠান পৰিৱেশন কৰিব, সেই বিষয়ে উল্লেখ কৰা হৈছে।
পোষ্টটোত উল্লেখ থকা মতে দেশৰ প্ৰসিদ্ধ সংগীতজ্ঞ শংকৰ মহাদেৱন আৰু তেওঁৰ দুই পুত্ৰ সিদ্ধাৰ্থ মহাদেৱন আৰু শিৱম মহাদেৱনে অনুষ্ঠান পৰিৱেশন কৰিব। সন্ধিয়া ৬ বজাত সম্প্ৰচাৰ হ’ব এই অনুষ্ঠান। এই অনুষ্ঠান ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্ক আৰু জিঅ’ হটষ্টাৰত সম্প্ৰচাৰ কৰা হ’ব।