শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IPL 2025 Orange Cap Winner: পিছ পৰিল বহু ৰথী-মহাৰথীঃ এইগৰাকী যুৱ তাৰকাৰ শিৰত আই পি এল ২০২৫ৰ অ’ৰেঞ্জ কেপ

IPL 2025 Final Orange Cap Holder: আই পি এলৰ প্ৰতিটো ছিজনতে সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈসকলক আগবঢ়োৱা হয় অ’ৰেঞ্জ কেপ সন্মান। প্ৰায় প্ৰতিটো ছিজনত অ’ৰেঞ্জ কেপ দখলৰ ক্ষেত্ৰত কঠিন প্ৰতিদ্বন্দিতা পৰিলক্ষিত হয়। এইবাৰো হোৱা নাছিল এই ধাৰাৰ ব্যতিক্ৰম। অৱশেষত সকলোকে পিছ পেলাই এই সন্মান লাভ কৰে এগৰাকী যুৱ খেলুৱৈয়ে।

IPL 2025 Orange Cap Winner: পিছ পৰিল বহু ৰথী-মহাৰথীঃ এইগৰাকী যুৱ তাৰকাৰ শিৰত আই পি এল ২০২৫ৰ অ’ৰেঞ্জ কেপ
এইগৰাকী খেলুৱৈৰ শিৰত অ’ৰেঞ্জ কেপImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 04 Jun 2025 00:21 AM

অন্ত পৰিল আই পি এল ২০২৫ৰ। প্ৰতিযোগিতাৰ ইতিহাসত ১৭ বছৰীয়া খৰাঙৰ অন্ত পেলাই এইবাৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। আজি প্ৰতিযোগিতাৰ ফাইনেলত এক ৰোমাঞ্চকৰ যুঁজৰ অন্তত পঞ্জাৱ কিংছক ৬ ৰানত পৰাস্ত কৰি দলটোৱে প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ জয় কৰে। এইদৰে আই পি এলে লাভ কৰে এক নতুন চেম্পিয়ন দল। ইয়াৰ পূৰ্বে আৰচিবিয়ে তিনিবাৰ প্ৰতিযোগিতাৰ ফাইনেল খেলিছিল যদিও প্ৰতিবাৰেই পৰাজয়ৰ সন্মুখীন হৈছিল। আনহাতে আজিৰ সৈতে প্ৰতিযোগিতাত দ্বিতীয়বাৰৰ বাবে ৰাণাৰ্ছ আপতে সন্তুষ্ট থাকিবলগা হয় পঞ্জাৱ কিংছ।

ইফালে এই প্ৰতিযোগিতাত কেইবাগৰাকীও খেলুৱৈয়ে ব্যক্তিগত প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ছিজনত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি বহুকেইজন যুৱ খেলুৱৈয়ে নিজৰ প্ৰতিভাৰ পূৰ্ণ প্ৰকাশ ঘটায়। আই পি এল ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে ইতিহাস ৰচা বৈভৱ সূৰ্যবংশীৰ পৰা আৰম্ভ কৰি মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এল অভিষেক ঘটোৱা যুৱ স্পিনাৰ ভিগনেশ পুথুৰলৈ, বহু যুৱ খেলুৱৈয়ে এইবাৰ লাভ কৰে ব্যাপক চৰ্চা।

আই পি এলৰ প্ৰতিটো ছিজনতে সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈসকলক আগবঢ়োৱা হয় অ’ৰেঞ্জ কেপ সন্মান। এইপৰ্যন্ত আই পি এলৰ ১৮টা ছিজনত সৰ্বাধিক ৩ বাৰ অ’ৰেঞ্জ কেপ জয়ৰ কৃতিত্ব অৰ্জন কৰিছে অষ্ট্ৰেলিয়ান তাৰকা ডেভিড ৱাৰ্ণাৰে। প্ৰায় প্ৰতিবাৰেই ছিজনত অ’ৰেঞ্জ কেপ দখলৰ ক্ষেত্ৰত কঠিন প্ৰতিদ্বন্দিতা পৰিলক্ষিত হয়। এইবাৰো হোৱা নাছিল এই ধাৰাৰ ব্যতিক্ৰম।

ছিজনৰ দ্বিতীয় কোৱালিফায়াৰলৈকে অ’ৰেঞ্জ কেপৰ বাবে দেখিবলৈ পোৱা গৈছিল যুঁজ। এই সময়লৈ দুগৰাকী খেলুৱৈৰ মাজত এই যুঁজ পৰিলক্ষিত হৈছিল যদিও তাৰ পূৰ্বে কেইবাগৰাকীও বেটাৰ আছিল অ’ৰেঞ্জ কেপৰ দৌৰত। অৱশেষত আটাইকেইগৰাকী প্ৰতিদ্বন্দীক পিছ পেলাই ছাই সুদৰ্শনে দখল কৰে আই পি এল ২০২৫ৰ অ’ৰেঞ্জ কেপ। নিজ আই পি এল কেৰিয়াৰত প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰে সুদৰ্শনে।

গুজৰাট টাইটানছক কোৱালিফায়াৰত প্ৰৱেশ কৰোৱাত ছাই সুদৰ্শনে গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা। আৰম্ভণিৰ পৰা ধাৰাবাহিকতা অব্যাহত ৰাখি সুদৰ্শনে প্ৰতিযোগিতাত ১৫ খন মেচত ৫৪.২১ গড়ে আৰু ১৫৬.১৭ ষ্ট্ৰাইক ৰেটেৰে ৭৫৯ ৰান সংগ্ৰহ কৰে। ছিজনত ৬টা অৰ্ধশতক আৰু এটা শতকো আহে তেওঁৰ বেটৰ পৰা। প্ৰতিযোগিতাৰ এলিমিনেটৰ মেচত গুজৰাট পৰাস্ত হ’লেও তেওঁ খেলিছিল ৮০ ৰানৰ এক চমকপ্ৰদ ইনিংছ।

ইফালে মুম্বাই ইণ্ডিয়ানছৰ সূৰ্যকুমাৰ যাদৱ থাকে এই তালিকাৰ দ্বিতীয় স্থানত। যাদৱে ১৬ খন মেচত ৬৫.১৮ গড়ে আৰু ১৬৭.৯২ ষ্ট্ৰাইক ৰেটেৰে ৭১৭ ৰান সংগ্ৰহ কৰে। সুদৰ্শনৰ সতীৰ্থ তথা গুজৰাট টাইটানছৰ অধিনায়ক শুভমন গিল এই দৌৰত তৃতীয় স্থানত থাকে। গিলে ১৫ খন মেচত সংগ্ৰহ কৰে ৬৫০ ৰান। আনহাতে মিচেল মাৰ্শ্ব ১৩ খন মেচত ৬২৭ ৰান সংগ্ৰহেৰে চতুৰ্থত আৰু বিৰাট কোহলী ১৪ খন মেচত ৬১৪ ৰান সংগ্ৰহেৰে পঞ্চম স্থানত থাকে।