IPL 2025 Awards Winners List and Prize Money: কিমান পৰিমাণৰ ধন লাভ কৰিলে বিজয়ী, ৰাণাৰ্ছ আপ আৰু বঁটা বিজয়ী খেলুৱৈসকলে? চাওক সম্পূৰ্ণ তালিকা
IPL 2025 Awards Winners List and Prize Money: অন্ত পৰিল আই পি এল ২০২৫। এই ছিজনত যিদৰে অনন্য ক্ৰিকেটীয় ৰোমাঞ্চে অনুৰাগীসকলক ৰোমাঞ্চিত কৰি তুলিলে, সেইদৰে প্ৰতিযোগিতাত বিপুল পৰিমাণৰ ধনৰাশিৰ পুৰস্কাৰেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। চাওঁ আহক আই পি এল ২০২৫ৰ পুৰস্কাৰ বিজয়ীৰ সম্পূৰ্ণ তালিকা আৰু লাভ কৰা ধনৰাশিৰ পৰিমাণ।

অন্ত পৰিল আই পি এল ২০২৫। মঙলবাৰে প্ৰতিযোগিতাৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পঞ্জাৱ কিংছক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে। প্ৰথমে বেটিং কৰি আৰচিবিয়ে ১৯০ ৰান সংগ্ৰহ কৰাৰ পিছত জয়ৰ বাবে প্ৰয়োজনীয় ১৯১ ৰানৰ লক্ষ্য অনুসৰণ কৰি পঞ্জাৱে ৬ ৰানত পৰাজয় স্বীকাৰ কৰে। এই ছিজনত যিদৰে অনন্য ক্ৰিকেটীয় ৰোমাঞ্চে অনুৰাগীসকলক ৰোমাঞ্চিত কৰি তুলিলে, সেইদৰে প্ৰতিযোগিতাত বিপুল পৰিমাণৰ ধনৰাশিৰ পুৰস্কাৰেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
আই পি এল ২০২৫ৰ খিতাপ জয়ী দল হিচাপে এইবাৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ২০ কোটি টকাৰ পুৰস্কাৰ লাভ কৰে। ইয়াৰ বিপৰীতে ৰাণাৰ্ছ আপ পঞ্জাৱ কিংছে ১২.৫ কোটি টকা লাভ কৰে। ইয়াৰ বিপৰীতে তৃতীয় স্থানত থকা মুম্বাই ইণ্ডিয়ানছে ৭ কোটি টকা আৰু চতুৰ্থ স্থান দখল কৰা গুজৰাট টাইটানছে লাভ কৰে ৬.৫ কোটি টকাৰ পুৰস্কাৰ।
এই ছিজনত ১৫খন মেচত ৭৫৯ ৰান সংগ্ৰহ কৰি সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে অ’ৰেঞ্জ কেপ লাভ কৰে গুজৰাট টাইটানছৰ ছাই সুদৰ্শনে। তেওঁ লগতে লাভ কৰে ১০ লাখ টকা ধনৰাশিৰ পুৰস্কাৰ। গুজৰাটৰে প্ৰসিধ কৃষ্ণই ছিজনত ১৫খন মেচত ২৫টা উইকেট দখল কৰি উইকেট দখলকাৰীৰ তালিকাত শীৰ্ষস্থানত থাকে আৰু পাৰ্পল কেপ লাভ কৰে। ইয়াৰ লগতে তেওঁ লাভ কৰে ১০ লাখ টকাৰ পুৰস্কাৰ।
চাওঁ আহক আই পি এল ২০২৫ৰ পুৰস্কাৰ বিজয়ীৰ সম্পূৰ্ণ তালিকা আৰু লাভ কৰা ধনৰাশিৰ পৰিমাণ-
আই পি এল ২০২৫ৰ বিজয়ীঃ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু (২০ কোটি টকাৰ পুৰস্কাৰ)
আই পি এল ২০২৫ৰ ৰাণাৰ্ছ আপঃ পঞ্জাৱ কিংছ (১২.৫ কোটি টকাৰ পুৰস্কাৰ)
আই পি এল ২০২৫ৰ ফাইনেল্ৰ প্লেয়াৰ অৱ দ্য মেচঃ ক্ৰুনাল পাণ্ডিয়া
আই পি এল ২০২৫ৰ ফাইনেলৰ ষ্ট্ৰাইকাৰ অফ দ্য মেচঃ জিতেশ শৰ্মা
আই পি এল ২০২৫ৰ ডট বলছ অৱ দ্য ছিজনঃ মহম্মদ চিৰাজ (১০ লাখ টকাৰ পুৰস্কাৰ)
আই পি এল ২০২৫ৰ ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজনঃ বৈভৱ সূৰ্যবংশী (১০ লাখ টকাৰ পুৰস্কাৰ)
আই পি এল ২০২৫ৰ ছুপাৰ ছিক্সেছ অৱ দ্য ছিজনঃ নিকোলাছ পুৰাণ (১০ লাখ টকাৰ পুৰস্কাৰ)
আই পি এল ২০২৫ৰ এমাৰ্জিং প্লেয়াৰ (উদীয়মান খেলুৱৈ) অৱ দ্য ছিজনঃ ছাই সুদৰ্শন (১০ লাখ টকাৰ পুৰস্কাৰ)
আই পি এল ২০২৫ৰ অন দ্য গ’ ফ’ৰ্চ (সৰ্বাধিক চাৰি) অৱ দ্য ছিজনঃ ছাই সুদৰ্শন (১০ লাখ টকাৰ পুৰস্কাৰ)
আই পি এল ২০২৫ৰ ম’ষ্ট ভেল্যুৱেবল প্লেয়াৰঃ সূৰ্যকুমাৰ যাদৱ (১৫ লাখ টকাৰ পুৰস্কাৰ)
আই পি এল ২০২৫ অ’ৰেঞ্জ কেপঃ ছাই সুদৰ্শন (১০ লাখ টকাৰ পুৰস্কাৰ)
আই পি এল ২০২৫ পাৰ্পল কেপঃ প্ৰসিদ্ধ কৃষ্ণ (১০ লাখ টকাৰ পুৰস্কাৰ)
ফেণ্টাচী প্লেয়াৰ অৱ দ্য ছিজনঃ ছাই সুদৰ্শন (১০ লাখ টকাৰ পুৰস্কাৰ)
আই পি এল ২০২৫ পাৰফেক্ট কেচ অৱ দ্য ছিজনঃ কামিন্দু মেণ্ডিছ (১০ লাখ টকাৰ পুৰস্কাৰ)
আই পি এল ২০২৫ ফেয়াৰপ্লে এৱাৰ্ডঃ চেন্নাই ছুপাৰ কিংছ
আই পি এল ২০২৫ৰ বেষ্ট পিটচ এণ্ড গ্ৰাউণ্ডঃ দিল্লী, DDCA (৫০ লাখ টকাৰ পুৰস্কাৰ)