শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IPL 2025 Purple Cap Winner: প্ৰসিধ কৃষ্ণৰ শিৰত আই পি এল ২0২৫ৰ পাৰ্পল কেপঃ লাভ কৰিলে ইমান ধনৰাশি…

IPL 2025 Final Purple Cap Holder: আই পি এলে ১৮ সংখ্যক সংস্কৰণত লাভ কৰিলে এক নতুন চেম্পিয়ন দল। দলীয়ভাৱে আৰচিবিয়ে এইবাৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ বিপৰীতে ব্যক্তিগত প্ৰদৰ্শনৰ দিশৰ পৰাও বহুকেইগৰাকী তাৰকা চমকপ্ৰদ প্ৰদৰ্শনেৰে উজলি উঠে। প্ৰতিযোগিতাত ব্যক্তিগত এই প্ৰদৰ্শনৰ ভিত্তিত সৰ্বাধিক উইকেট দখলকাৰী বলাৰগৰাকীক প্ৰদান কৰা হয় পাৰ্পল কেপ।

IPL 2025 Purple Cap Winner: প্ৰসিধ কৃষ্ণৰ শিৰত আই পি এল ২0২৫ৰ পাৰ্পল কেপঃ লাভ কৰিলে ইমান ধনৰাশি…
প্ৰসিধ কৃষ্ণৰ শিৰত আই পি এল ২০২৫ৰ পাৰ্পল কেপImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 04 Jun 2025 00:57 AM

প্ৰায় আঢ়ৈমাহ জোৰা সূচীৰ অন্তত অৱশেষত অন্ত পৰিল আই পি এল ২০২৫। পঞ্জাৱ কিংছক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ জয় কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। এইদৰে আই পি এলে ১৮ সংখ্যক সংস্কৰণত লাভ কৰিলে এক নতুন চেম্পিয়ন দল। দলীয়ভাৱে আৰচিবিয়ে এইবাৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ বিপৰীতে ব্যক্তিগত প্ৰদৰ্শনৰ দিশৰ পৰাও বহুকেইগৰাকী তাৰকা চমকপ্ৰদ প্ৰদৰ্শনেৰে উজলি উঠে। প্ৰতিযোগিতাত ব্যক্তিগত এই প্ৰদৰ্শনৰ ভিত্তিত সৰ্বাধিক উইকেট দখলকাৰী বলাৰগৰাকীক প্ৰদান কৰা হয় পাৰ্পল কেপ।

আই পি এল ২০২৫ৰ পাৰ্পল কেপ লাভ কৰিছে ভাৰতৰ যুৱ পেচাৰ প্ৰসিধ কৃষ্ণই। সমগ্ৰ ছিজনটোত প্ৰসিদ্ধ কৃষ্ণই উজ্জীৱিত বলিং প্ৰদৰ্শন দাঙি ধৰি দলক আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে অনুৰাগীৰো হৃদয় জয় কৰে। প্ৰসিধ কৃষ্ণই এই ছিজনত ১৫খন মেচত ১৯.৫২ গড়ে ২৫টা উইকেট দখল কৰে। এনে প্ৰদৰ্শনেৰে প্ৰসিধে নিজ দল গুজৰাট টাইটানছক খিতাপ তুলি দিব নোৱাৰিলেও প্লে’ অফত প্ৰৱেশ কৰাত অনন্য ভূমিকা লয়।

লক্ষণীয়ভাৱে ছিজনত সৰ্বাধিক উইকেট দখলকাৰী বলাৰৰ তালিকাত প্ৰসিধ কৃষ্ণই হৈছে শীৰ্ষ ১০টা স্থানৰ ভিতৰত থকা গুজৰাট টাইটানছৰ একমাত্ৰ বলাৰ। তেওঁৰ বাদে দলটোৰ তাৰকা পেচাৰ মহম্মদ চিৰাজ ১৫খন মেচত ১৬টা উইকেট দখলেৰে পাৰ্পল কেপৰ দৌৰত ১২ নং স্থানত থাকে। এই তালিকাত চিৰাজৰ পিছতে চেন্নাই চুপাৰ কিংছৰ সদস্য আফগান স্পিনাৰ নূৰ আহমেদ ২৪টা উইকেটেৰে দ্বিতীয় স্থানত আৰু ২২টা উইকেটেৰে জ’ছ হেজলউড তৃতীয় স্থানত থাকে।

পাৰ্পল কেপ বিজয়ী হিচাপে প্ৰসিধ কৃষ্ণই লাভ কৰে ১০ লাখ টকাৰ পুৰস্কাৰ। উল্লেখ্য যে প্ৰসিধৰ দলীয় সতীৰ্থ অৰ্থাৎ গুজৰাট টাইটানছৰে সদস্য ছাই সুদৰ্শনে লাভ কৰে প্ৰতিযোগিতাৰ অ’ৰেঞ্জ কেপ। ছিজনত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰগৰাকীক এই সন্মান প্ৰদান কৰা হয়। এই ছিজনত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি সুদৰ্শনে ১৫ খন মেচত ৫৪.২১ গড়ে আৰু ১৫৬.১৭ ষ্ট্ৰাইক ৰেটেৰে ৬টা অৰ্ধশতক আৰু এটা শতকৰ সহায়ত ৭৫৯ ৰান সংগ্ৰহ কৰে।