ৰাজ্যৰ বান পৰিস্থিতিৰ পৰা কংগ্ৰেছৰ বিৰুদ্ধে গোচৰলৈ, চাওক সোমবাৰে আটাইতকৈ চৰ্চা লাভ কৰা খবৰসমূহ
যোৰহাটত কংগ্ৰেছী সমৰ্থকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৰৰৈয়া বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত দুগৰাকী মহিলা সাংবাদিকক অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে কংগ্ৰেছ সমৰ্থকৰ বিৰুদ্ধে। এই সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ 74/115(2) ধাৰাত ৰুজু কৰা হৈছে গোচৰ।
ৰাজ্যত বানে সৃষ্টি কৰিছে তাণ্ডৱ। অতি সম্প্ৰতি ৰাজ্যৰ ১৯ খনকৈ জিলা বানৰ কবলত পৰিছে। বৰ্তমানলৈকে বান আৰু ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে ৮ গৰাকীকৈ লোকে। প্ৰায় ৮ লাখ লোক বানৰ কবলত পৰিছে ১৯ খন জিলাত। বানৰ তাণ্ডৱৰ মাজতে লখিমপুৰৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বানাক্ৰান্তক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰাৰ লগতে ক্ষয়-ক্ষতিৰো বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
যোৰহাটত কংগ্ৰেছী সমৰ্থকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৰৰৈয়া বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত দুগৰাকী মহিলা সাংবাদিকক অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে কংগ্ৰেছ সমৰ্থকৰ বিৰুদ্ধে। এই সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ 74/115(2) ধাৰাত ৰুজু কৰা হৈছে গোচৰ।
চাওঁ আহত দিনটোৰ আন কেতবোৰ চৰ্চিত খবৰ….