শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
IPL 2025 Final: এইবাৰ অন্ততঃ ট্ৰফী তুলি লোৱাৰ সপোন বাস্তৱ কৰাৰ সুযোগ বিৰাট কোহলিৰ

IPL 2025 Final: এইবাৰ অন্ততঃ ট্ৰফী তুলি লোৱাৰ সপোন বাস্তৱ কৰাৰ সুযোগ বিৰাট কোহলিৰ

raj-saikia
Raj Saikia | Published: 03 Jun 2025 17:26 PM

আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ আৰু ১৮ নং জাৰ্চী, বিৰাট এক কাকতালীয় সংযোগ । কেৱল এই দুটা সংখ্যাই যে মিলিছে তেনে নহয়, সমৰ্থকৰ দৃষ্টিত আৰু দুটামান সংখ্যা মিলি পৰিছে । আজি ৩ জুন, সেই ফালৰ পৰাও মিলিছে সংখ্যাটো ।

আই পি এলৰ প্ৰথম ছিজনৰ পৰাই আৰ চি বিৰ হৈ খেলিছে কোহলিয়ে । কাগজে-কলমে এতিয়া তেওঁ অধিনায়ক নহয়, কিন্তু অধিনায়কতকৈ কোনো গুণে কমো নহয় । এইবাৰ অংকবোৰ মিলিছে, অনুৰাগীৰো আশা, বিৰাটৰ হাতলৈ আহক আই পি এলৰ ট্ৰফী ।

আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ আৰু ১৮ নং জাৰ্চী, বিৰাট এক কাকতালীয় সংযোগ । কেৱল এই দুটা সংখ্যাই যে মিলিছে তেনে নহয়, সমৰ্থকৰ দৃষ্টিত আৰু দুটামান সংখ্যা মিলি পৰিছে । আজি ৩ জুন, সেই ফালৰ পৰাও মিলিছে সংখ্যাটো । অলপ সহজভাৱে বুজি লওক । ৩-৬-২০২৫, আজিৰ তাৰিখ, গোটেই কেইটা সংখ্যাৰ যোগফল ১৮ । কাকতালীয় সংযোগ । সেয়ে সমৰ্থকৰ মনত আশা, এইবাৰ ট্ৰফী জয় কৰিব কোহলিয়ে । মনে মনে হয়তো আৰ চি বি দল বা বিৰাটেও তাকেই বাঞ্ছা কৰি আছে ।

এইবোৰটো কল্পনা, এইবাৰ অলপ বাস্তৱিকভাৱে চাওঁ আহক । আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বিৰাট কোহলি । আটাইতকৈ বেছি শতক বিৰাট কোহলিৰ । সৰ্বাধিক অৰ্ধশতক অৰ্জনতো বিৰাটৰেই নাম । কিন্তু হাতত নাই আই পি এলৰ এটাও ট্ৰফী । আন্তঃৰাষ্ট্ৰীয় কেৰিয়াত এদিনীয়া বিশ্বকাপ, টি-২০ বিশ্বকাপ, দুবাৰ চেম্পিয়নছ ট্ৰফী জয় কৰিছে বিৰাটে । এয়া আইচিচি ট্ৰফী । দ্বিপাক্ষিক ছিৰিজৰ কথা নক’লোৱেই বা । অতবোৰ প্ৰাপ্তিৰ পাছতো এটা হতাশা, আই পি এলৰ ট্ৰফী নাই হাতত ।

ট্ৰফী জয়ৰ বাবে কেৱল অংকই যথেষ্ট নহয়, লাগিব ভাল প্ৰদৰ্শন । কেৱল বিৰাটেই নহয়, সমগ্ৰ দলৰেই প্ৰদৰ্শন ভাল হ’ব লাগিব । ২০১০ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ফুটবল বিশ্বকাপৰ কথা মনত আছেনে? ছাকিৰাৰ সেই জনপ্ৰিয় গানটো…দিছ টাইম ফৰ আফ্ৰিকা । আৰচিবিৰ শিবিৰতো এতিয়া যেন গুঞ্জৰিত হৈছে তেনে এক ধ্বনি, দিছ টাইম ফৰ বিৰাট কোহলি । অধিনায়ক ৰজত পাতিদাৰ, কীপাৰ-বেটছমেন জীতেশ শৰ্মাৰ দৰে সকলোৱে বিচাৰিছে বিৰাটৰ বাবে ট্ৰফী জয় কৰাতো । বিৰাটৰ প্ৰতি এক সন্মান, সমৰ্থকৰ ভালপোৱাৰ প্ৰতি এক দায়বদ্ধতা । এই দুটা কাৰণে ট্ৰফী জয়ৰ বাবে যুঁজিবলৈ যথেষ্ট ।