শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
এইবাৰ ভাৰতীয় ৰে’লৱেই ব্যৱহাৰ কৰিব ড্ৰোন? ইয়াৰ আঁৰত কি?

এইবাৰ ভাৰতীয় ৰে’লৱেই ব্যৱহাৰ কৰিব ড্ৰোন? ইয়াৰ আঁৰত কি?

trishna-kalita
Trishna Kalita | Published: 03 Jun 2025 21:15 PM

বিগত এপ্ৰিলৰ পৰা দেশত প্ৰথমবাৰৰ বাবে ড্ৰোন ব্যৱহাৰ কৰিছে ভাৰতীয় ৰে’লৱেই। অসমৰ কামাখ্যা ৰে’ল ষ্টেচনত পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল ড্ৰোনৰ।  তেতিয়াৰ পৰা এই ড্ৰোনসমূহ ক্ৰমান্বয়ে ভাৰতীয় ৰে’লৱেৰ নতুন সংগী হৈ পৰিছে। কিন্তু এই ড্ৰোন ব্যৱহাৰ কৰাৰ উদ্দেশ্য কি?

অপাৰেশ্যন সেন্দূৰত ড্ৰোনেৰে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল ভাৰতীয় সেনাই । পাকিস্তানৰ ভিতৰলৈ আত্মঘাতী ড্ৰোন প্ৰেৰণ কৰি কেইবাটাও সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে ভাৰতে। তেতিয়াই বুজা গৈছিল যে সামৰিক অভিযানত ড্ৰ’ন কিমান গুৰুত্বপূৰ্ণ। কিন্তু আপুনি জানেনে যে কেৱল সেনাবাহিনী নহয়,  ভাৰতীয় ৰে’লৱেও ড্ৰোনৰ ব্যৱহাৰ কৰে। বিগত এপ্ৰিলৰ পৰা দেশত প্ৰথমবাৰৰ বাবে ড্ৰোন ব্যৱহাৰ কৰিছে ভাৰতীয় ৰে’লৱেই। অসমৰ কামাখ্যা ৰে’ল ষ্টেচনত পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল ড্ৰোনৰ।  তেতিয়াৰ পৰা এই ড্ৰোনসমূহ ক্ৰমান্বয়ে ভাৰতীয় ৰে’লৱেৰ নতুন সংগী হৈ পৰিছে। কিন্তু এই ড্ৰোন ব্যৱহাৰ কৰাৰ উদ্দেশ্য কি? হয়তো আপোনাৰ মনতে এই প্ৰশ্ন আহিছে।

জনিব পৰা মতে  ষ্টেচন আৰু ৰে’লৰ ডবাসমূহ চাফ-চিকুন কৰিবৰ বাবে এতিয়া নতুন যুগৰ ড্ৰ’নৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে ভাৰতীয় ৰে’লৱে। ৰে’ল মন্ত্ৰালয়ৰ তথ্য অনুসৰি এতিয়ালৈকে ৰে’লৱেই ৰে’ল আৰু ষ্টেচনসমূহৰ চাফাই কৰাৰ বাবে অতিৰিক্ত অস্থায়ী শ্ৰমিক নিয়োগ কৰিবলগীয়া হৈছিল। যিটো ব্যয়বহুল আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো বিপদৰ সৃষ্টি কৰে। ইয়াক ৰোধ কৰিবলৈ ভাৰতীয় ৰে’লৱেৰ উত্তৰ-পূব সংমণ্ডলে শেহতীয়াকৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে।