ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
১৯৮৯ চনৰ আজিৰ দিনটোতে চীনৰ ৰাজধানী বেইজিঙত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা নিৰস্ত্ৰ সাধাৰণ নাগৰিকক বন্দুক আৰু টেংক লৈ চীনৰ সেনাই দমন কৰাৰ চেষ্টা কৰে । এই ঘটনাত বহু সংখ্যক লোকৰ মৃত্যু হয়। ইয়াৰ লগতে চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা ।

Image Credit source: Wikimedia Commons
বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজি ৪ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । ১৯৮৯ চনৰ আজিৰ দিনটোতে চীনৰ ৰাজধানী বেইজিঙত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা নিৰস্ত্ৰ সাধাৰণ নাগৰিকক বন্দুক আৰু টেংক লৈ চীনৰ সেনাই দমন কৰাৰ চেষ্টা কৰে । এই ঘটনাত বহু সংখ্যক লোকৰ মৃত্যু হয়। ইতিহাসত এই হত্যাকাণ্ডক ‘Tiananmen Square Protest’ বুলি জনা যায়। ইয়াৰ লগতে চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা ।
দিনটোৰ ইতিহাস
- ১৯১৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ নৌসেনাই কোষ্টাৰিকা আক্ৰমণ কৰে।
- ১৯২৮ চনৰ আজিৰ দিনটোতে চীনৰ ৰাষ্ট্ৰপতি ঝাং জো’লিনক জাপানী এজেণ্টে হত্যা কৰে।
- ১৯৪০ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাই ফ্ৰান্সৰ ৰাজধানী পেৰিছত প্ৰৱেশ কৰে।
- ১৯৪৪ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকান সেনাই ৰোমত প্ৰৱেশ কৰে।
- ১৯৬৪ চনৰ আজিৰ দিনটোতে মালদ্বীপৰ সংবিধান গ্ৰহণ কৰা হয়।
- ১৯৭৫ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ অভিনেত্ৰী এঞ্জেলিনা জলিৰ জন্ম হয়।
- ১৯৮২ চনৰ আজিৰ দিনটোতে ইজৰাইলে দক্ষিণ লেবাননত আক্ৰমণ কৰে।
- ১৯৭০ চনৰ আজিৰ দিনটোতে টংগাই ব্ৰিটেইনৰ পৰা বিচ্ছিন্ন হৈ স্বাধীন দেশ হিচাপে পৰিগণিত হয়।
- ১৯৮৯ চনৰ আজিৰ দিনটোতে চীনৰ ৰাজধানী বেইজিঙৰ টিয়ানমেনত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা নাগৰিকৰ ওপৰত সামৰিক দমন।
- ১৯৯১ চনৰ আজিৰ দিনটোতে ইউৰোপীয় দেশ আলবেনিয়াত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমখন অকমিউনিষ্ট চৰকাৰ গঠন হয়।