শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s Horoscope: ৪ ৰাশিৰ ফুলিব ভাগ্য! কেনে যাব আপোনাৰ বুধবাৰৰ দিনটো? চাওক আজিৰ ৰাশিফল

Daily Horoscope: ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কাৰ ভাগ্যত কি আছে...

Today’s Horoscope: ৪ ৰাশিৰ ফুলিব ভাগ্য! কেনে যাব আপোনাৰ বুধবাৰৰ দিনটো? চাওক আজিৰ ৰাশিফল
আজিৰ ৰাশিফল
trishna-kalita
Trishna Kalita | Published: 04 Jun 2025 06:00 AM

Daily Horoscope:  আজি  ৪ জুন, বুধবাৰ। আপোনাৰ দিনটো কেনে যাব? ৰাশিফলত ইয়াৰ সবিশেষ বৰ্ণনা কৰা হয়। ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কি কি আছে…

মেষ ৰাশি

আজি আপুনি নতুন কিবা এটা কৰাৰ প্ৰচেষ্টাত সফল হ’ব। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে সকাহ পাব। যদি আপুনি কোনো পৰীক্ষা দিছিল তেন্তে তাৰ ফলাফল আহিব পাৰে। নিজৰ চখৰ বাবে বহু টকা খৰচ কৰিব। যাৰ বাবে পিছত ধনৰ নাটনিৰ সন্মুখীন হ’ব লাগিব। নতুন আঁচনিত বিনিয়োগ কৰাটো ভাল। ব্যৱসায় কৰা মানুহে নিজৰ পৰিকল্পনাৰ পৰা ভাল লাভ পাব পাৰে।

শুভ ৰং- সেউজীয়া

বৃষ ৰাশি

আজিৰ দিনটোৱে আপোনাৰ বাবে সম্পত্তি লাভৰ ইংগিত দিছে। যদি আপোনাৰ সম্পত্তিৰ সন্দৰ্ভত কোনো চুক্তি আবদ্ধ হৈ আছিল, সেয়া চূড়ান্ত কৰিব পৰা যাব। কাৰোবাৰ কথাত বেয়া লগাৰ বাবে আপুনি বিচলিত হ’ব। আপুনি কামক লৈ সজাগ হ’ব লাগিব। বাহন বেয়া হোৱাৰ বাবে আপোনাৰ ধনৰ ব্যয় বৃদ্ধি পাব পাৰে।

শুভ ৰং- গোলাপী

মিথুন ৰাশি

আজি আপোনাৰ বাবে কিছু দুৰ্বল দিন হ’ব। কামৰ পৰিকল্পনা কৰিব লাগিব। আপোনাৰ সহকৰ্মীয়ে সমস্যা সৃষ্টি কৰিব পাৰে। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল সেয়া আপুনি ঘূৰাই পাব পাৰে। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰা লোকসকলে কিছু বুদ্ধিমত্তাৰে বিনিয়োগ কৰিব লাগিব। চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা লোকসকলে নিজৰ প্ৰচেষ্টা ক্ষিপ্ৰ কৰিব লাগিব, তেতিয়াহে সফলতা লাভ কৰিব পাৰিব।

শুভ ৰং – নীলা

কৰ্কট ৰাশি

আজি আপোনালোকৰ বাবে ভাল দিন। ডাঙৰ দায়িত্ব পোৱাৰ বাবে কিছু বিচলিত হ’ব। ৰাজনীতিত কৰাসকলে ডাঙৰ নেতাক লগ পোৱাৰ সুযোগ পাব। আশে-পাশে বসবাস কৰা শত্ৰুৰ প্ৰতি অলপ সাৱধান হ’ব লাগিব। শহুৰৰ ফালৰ কাৰোবাক লগ কৰিবলৈ যাব পাৰে। আপোনাৰ সন্তানৰ সংগক লৈ বিশেষ গুৰুত্ব দিব লাগিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলক সুখী কৰিবলৈ চেষ্টা কৰি থাকিব, য’ত আপুনি নিশ্চিতভাৱে সফল হ’ব।

শুভ ৰং – আকাশ নীলা

সিংহ ৰাশি

আজি আপোনাৰ বাবে নতুন কিবা এটা কৰাৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ ভাল চিন্তাৰ দ্বাৰা আপুনি লাভৱান হ’ব। কিছু পূৰ্বপুৰুষৰ সম্পত্তি লাভ কৰাৰ বাবে পৰিৱেশটো সুখদায়ক হ’ব। যিকোনো মানুহৰ লগত বুদ্ধিৰে কথা পাতিব লাগিব। পৰিয়াললৈ নতুন অতিথি আহিব পাৰে। পত্নীৰ সৈতে থকা বিভেদ কথা-বতৰাৰ জৰিয়তে সমাধান হ’ব। অংশীদাৰিত্বত কাম কৰাৰ সন্দৰ্ভত কিছু বুজাবুজিৰে চলিব লাগিব।

শুভ ৰং- ক’লা

কন্যা ৰাশি

আজি আপুনি ধৈৰ্য্য আৰু সংযমেৰে কাম কৰিব লাগিব। আপোনাৰ শব্দত নিয়ন্ত্ৰণ ৰখাটো দৰকাৰ। ভালদৰে চিন্তা কৰি কাৰোবাৰ লগত কথা পাতিব। বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টি আদি কৰাৰ পৰিকল্পনা কৰিব পাৰে। চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা সকলে কিছু ভাল খবৰ শুনিব পাৰে। আপোনাৰ কোনো পুৰণি ভুল পোহৰলৈ আহিব। চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব। ধনৰ লেনদেনৰ ক্ষেত্ৰত বুদ্ধিৰ প্ৰয়োগ কৰিব লাগিব।

শুভ ৰং- নীলা

তুলা ৰাশি

আজি আপোনাৰ বাবে সুখৰ দিন হ’ব। ঘৰত অতিথি অহাৰ বাবে পৰিবেশ সুখকৰ হ’ব। অলপ সাৱধানে যান-বাহন ব্যৱহাৰ কৰিব লাগিব। প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য ধৰিব লাগিব। আনক দিয়া প্ৰতিশ্ৰুতি সময়মতে পূৰণ কৰিবলৈ চেষ্টা কৰক। কিছুমান সহকৰ্মীয়ে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। শহুৰৰ পৰা আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে।

শুভ ৰং- গোলাপী

বৃশ্চিক ৰাশি

আজি দিনটোৱে আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত বাধা আঁতৰ হ’ব, ভাল চিন্তাৰ সুবিধা লাভ কৰিব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পোৱাৰ সুযোগ পাব। আপোনাৰ কিছুমান কাম সময়মতে সম্পূৰ্ণ নোহোৱাৰ বাবে কিছু চিন্তিত হ’ব। পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত কৰিব লাগিব। চিন্তা কৰি যিকোনো আঁচনিত ধন বিনিয়োগ কৰিব।

শুভ ৰং- ধূসৰ

ধনু ৰাশি

আজি আপোনালোকৰ বাবে উন্নতিৰ দিন। সন্তানৰ অনুৰোধত ঘৰলৈ নতুন বাহন আনিব পাৰিব। এটাৰ পিছত আনটো ভাল খবৰ শুনিবলৈ পাব পাৰে। আপোনাৰ কিছুমান পুৰণি লেনদেন সময়মতে নিষ্পত্তি হ’ব। যিকোনো কামত চিন্তা কৰি আগবাঢ়ি যাব লাগিব। যদি আপুনি কাৰোবাৰ পৰা কিছু ঋণ লৈছিল, সেয়া বহু পৰিমাণে পৰিশোধ কৰিব পাৰিব। আত্মবিশ্বাসৰ কিছু অভাৱ হ’ব, যাক আপুনি জাগ্ৰত কৰিব লাগিব।

শুভ ৰং- বগা

মকৰ ৰাশি

আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল দিন হ’ব। কোনো ৰোগক সৰু বুলি গণ্য কৰা উচিত নহয়। নতুন কাম আৰম্ভ কৰাটো আপোনাৰ বাবে ভাল হ’ব। আপোনাৰ ব্যৱসায়ৰ কিছুমান পৰিকল্পনাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। আপোনাৰ ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজনৰ বাবে পৰিবেশ সুখদায়ক হব। বহিঃৰাজ্যলৈত শিক্ষা লাভ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীৰ ইচ্ছা পূৰণ হ’ব পাৰে।

শুভ ৰং- ক্ৰীম

কুম্ভ ৰাশি

আজি আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধিৰ দিন। অলপ সাৱধানে টকা খৰচ কৰিব লাগিব। আপোনাৰ পুৰণি ভুল পোহৰলৈ আহিব। যিকোনো আইনী বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল’ব লাগিব। হেৰাই যোৱা প্ৰিয় বস্তু ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। চৌপাশে বসবাস কৰা মানুহবোৰৰ প্ৰতি অলপ মনোযোগ দিব লাগিব।

শুভ ৰং- বেঙুনীয়া

মীন ৰাশি

আজি আপোনাৰ বাবে কিছু জটিলতাৰে ভৰা দিন হ’বলৈ। আপোনাৰ কামৰ সৈতে বুদ্ধিৰে মোকাবিলা কৰিব লাগিব। যিকোনো বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগিব। আপোনাৰ যিকোনো ইচ্ছা পূৰণ কৰিব পাৰিব। সন্তানক দিয়া প্ৰতিশ্ৰুতি সময়মতে পূৰণ কৰিব। আৰ্থিক সুবিধা লাভৰ বাবে আপুনি বহুত সুখী হব। ব্যৱসায়ত কৰা পৰিৱৰ্তন আপোনাৰ বাবে ভাল হ’ব।

শুভ ৰং- ক’লা