শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IPLৰ সামৰণি অনুষ্ঠানকলৈ বিশেষ পৰিকল্পনা BCCI ৰ, ঘোষণা কৰিলে সচিব দেৱজিৎ শইকীয়াই

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে জানিবলৈ দিয়া অনুসৰি, আইপিএলৰ সামৰণি অনুষ্ঠান শেহতীয়াকৈ অপাৰেচন সেন্দূৰৰ সময়ত নিজৰ বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় সেনাৰ প্ৰতি উৎসৰ্গা কৰা হ’ব। বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে।

IPLৰ সামৰণি অনুষ্ঠানকলৈ বিশেষ পৰিকল্পনা BCCI ৰ, ঘোষণা কৰিলে সচিব দেৱজিৎ শইকীয়াই
manas-borah
Manas Borah | Updated On: 27 May 2025 23:21 PM

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওজন সেৱা প্ৰধানকে অহা ৩ জুনত আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ ফাইনেলত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে জানিবলৈ দিয়া অনুসৰি, আইপিএলৰ সামৰণি অনুষ্ঠান শেহতীয়াকৈ অপাৰেচন সেন্দূৰৰ সময়ত নিজৰ বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় সেনাৰ প্ৰতি উৎসৰ্গা কৰা হ’ব। বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে।

বিচিচিআইৰ সচিবগৰাকীয়ে কয় যে, আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ ফাইনেলৰ বাবে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিও গৰাকী মুৰব্বী, শীৰ্ষ পদবীৰ বিষয়া আৰু জোৱানসকলক আমন্ত্ৰণ জনোৱা হৈছে। ” আমি সামৰণি অনুষ্ঠানটো সশস্ত্ৰ বাহিনীক উৎসৰ্গা কৰি আমাৰ বীৰসকলক সন্মান জনোৱাৰ সিদ্ধান্ত লৈছো। ক্ৰিকেট জাতীয় আবেগ হৈয়েই আছে যদিও ৰাষ্ট্ৰ আৰু ইয়াৰ সাৰ্বভৌমত্ব, অখণ্ডতা, দেশৰ নিৰাপত্তাতকৈ ডাঙৰ একো নাই।” এইদৰে কয় বিচিচিআইৰ সচিবগৰাকীয়ে ।

অহা ৩ জুন অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেল । পূৰ্বৰ সূচী অনুসৰি ২৫ মে’ত আই পি এলৰ ফাইনেল অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে প্ৰতিযোগিতাখন কিছুদিনৰ বাবে স্থগিত ৰখা হৈছিল। পহলগাম ঘটনাৰ পাছতে সন্ত্ৰাসবাদী বিৰুদ্ধে ভাৰতীয় সেনাই আৰম্ভ কৰে অপাৰেচন সেন্দূৰ। এই অপাৰেচনৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰে ভাৰতীয় সেনাই ।

ইয়াৰ পাছতে পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণৰ চেষ্টা চলাই । ইয়াৰ ফলস্বৰূপে আভ্যন্তৰীণ নিৰাপত্তাৰ স্বাৰ্থত কেইবাটাও বিমানবন্দৰৰ সেৱা বন্ধ কৰি দিয়া হৈছিল। একেদৰে ভাৰতত চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ স্থগিত ৰখা হৈছিল। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতে প্ৰতিযোগিতাখন পুনৰ আৰম্ভ হয়। সেনাবাহিনীক লৈ সমগ্ৰ দেশ গৌৰৱান্বিত। এই উপলক্ষে আই পি এলৰ সামৰণি অনুষ্ঠানত দেশৰ তিনি সেনা প্ৰধানক সম্বৰ্ধনা জনোৱাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ।

নতুন সূচী অনুসৰি, দ্বিতীয়খন কোৱালিফায়াৰ আৰু ফাইনেল খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । অপাৰেচন সেন্দূৰৰ সফলতাৰ বিষয়ে দেশবাসীক ভালদৰে অৱগত কৰাৰ লগতে সাহসী জোৱানসকলক সন্মান জনোৱাৰ বাবে ৪৫ মিনিটৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই কয় যে, “ফাইনেলৰ বাবে ষ্টেডিয়ামত কেইবাটাও ষ্টেণ্ড কেৱল সামৰিক বাহিনীৰ বাবে সংৰক্ষিত হ’ব। সামৰণি অনুষ্ঠানত দেশপ্ৰেমমূলক গীতৰো আয়োজন কৰা হ’ব। এই অনুষ্ঠান কেৱল সেনাবাহিনীৰ বাবেহে হ’ব। “