শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইংলেণ্ড ভ্ৰমণ কৰিব বৈভৱ সূৰ্যবংশীয়ে! BCCI ৰ ডাঙৰ ঘোষণা…

Ind U19: বৈভৱ সূৰ্যবংশীৰ বাবে ডাঙৰ ঘোষণা বিচিচিআইৰ। ভাৰতৰ U19 ত স্থান লাভ বৈভৱৰ। ইয়াৰ লগতে BCCI য়ে ১৬ জনীয়া দলটোৰ তালিকা প্ৰকাশ কৰে।

ইংলেণ্ড ভ্ৰমণ কৰিব বৈভৱ সূৰ্যবংশীয়ে! BCCI ৰ ডাঙৰ ঘোষণা…
বৈভৱ সূৰ্যবংশীImage Credit source: PTI
barasha-sarma
Barasha Sarma | Updated On: 22 May 2025 16:35 PM

ইণ্ডেলৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাত এইবাৰ শুভমন গিল, যশপ্ৰীত বুমৰাহ, ঋষভ পন্তৰ দৰে ডাঙৰ খেলুৱৈক দেখা পোৱাৰ সম্ভাৱনা আছে। কিন্তু ইয়াৰ বিপৰীতে বৈভৱ সূৰ্যবংশীৰ বিষয়েও এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, ইংলেণ্ডলৈ যাব বৈভৱ সূৰ্যবংশী। বি চি চি আই (BCCI)ৰ জুনিয়ৰ চিলেকশ্যন কমিটীৰ উদ্যোগত টিম ইণ্ডিয়াৰ ১৯ বছৰ অনুৰ্ধ দল (U19) ৰ ঘোষণা কৰা হৈছে।। ১৬ জনীয়া এই দলটোত স্থান লাভ কৰিছে ১৪ বছৰীয়া ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে।

১৯ বছৰ অনুৰ্ধ ভাৰতৰ ১৬ জনীয়া দলটোৰ নেতৃত্ব দিব আয়ুষ ম্হাত্ৰে। উল্লেখ কৰা প্ৰয়োজন যে, আয়ুষ আৰু বৈভৱ দুয়োজনেই এইবাৰ আই পি এলত চমক সৃষ্টি কৰিছে। আই পি এলত ইতিহাস ৰচি এতিয়া বৈভৱে ইংলেণ্ডত ভাৰতৰ হৈ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট খেলিব। বৈভৱে নিজেও প্ৰকাশ কৰিছে এই কথা।

IPL 2025 ত ৰাজস্থান ৰয়েলছৰ যাত্ৰা অন্ত পৰাৰ পাছতে বৈভৱ সূৰ্যবংশীয়ে ৰাহুল দ্ৰাবিড়ৰ সৈতে আলোচনা কৰিছিল। যাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই কথা-বতৰাৰ সময়তে বৈভৱ সূৰ্যবংশীয়ে দ্ৰাবিড়ক তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ কথা কৈছিল। বৈভৱে কৈছিল যে, এতিয়া তেওঁ ভাৰত ১৯ বছৰ অনুৰ্ধ দলত যোগদান কৰিব বিচাৰে আৰু দলটোক জয়ী কৰাৰ বাবে চেষ্টা কৰিব।

সময়সূচী

১৯ বছৰ অনুৰ্ধ দলৰ টেষ্ট শৃংখলা ২৪ জুনৰ পৰা আৰম্ভ হৈ ২৩ জুলাইলৈকে চলিব। এই সময়চোৱাত ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ দলৰ সৈতে ৫০ অভাৰৰ ৱাৰ্ম আপ মেচ খেলাৰ উপৰিও ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলে ৫খন এদিনীয়া আৰু ২খন মাল্টি ডে মেচৰ শৃংখলাও খেলিব।

সময়সূচীৰ কথা ক’বলৈ হ’লে, ২৪ জুনত ৫০ অভাৰৰ ৱাৰ্ম আপ মেচ অনুষ্ঠিত হ’ব। ইয়াৰ পাছত ২৭ জুনৰ পৰা ৭ জুলাইৰ ভিতৰত ৫খন এদিনীয়া খেল অনুষ্ঠিত হ’ব। আনহাতে ১২ ৰ পৰা ১৫ জুলাইলৈ প্ৰথমখন মাল্টি ডে মেচ অনুষ্ঠিত হ’ব আৰু দ্বিতীয়খন মাল্টি ডে মেচ ২০ৰ পৰা ২৩ জুলাইলৈ হ’ব।

ভাৰতৰ হৈ U19 ত স্থান লাভ কৰা খেলুৱৈ কেইগৰাকী হ’ল- আয়ুষ ম্হাত্ৰে (অধিনায়ক), বৈভৱ সূৰ্যবংশী, বিহান মালহোত্ৰা, এম চাভদা, ৰাহুল কুমাৰ, অভিজ্ঞান কুণ্ডু (উপ অধিনায়ক, উইকেটকীপাৰ), হৰবংশ সিং (উইকেটকীপাৰ), আৰ এছ আম্ব্ৰিছ, কনিষ্ক চৌহান, খিলান পেটেল, হেনিল পেটেল, যুধজিৎ গুহা, প্ৰণৱ ৰাঘবেন্দ্ৰ, মহম্মদ ইনান, আদিত্য ৰাণা, অনমলজিৎ সিং।

 

 

অন্য খবৰ পঢ়কঃ IPL 2025: ৰাজস্থান ৰয়েলছৰ পৰা বহিষ্কাৰ হ’ব নেকি বৈভৱ সূৰ্যবংশী? জানক আই পি এলৰ এই নিয়ম…